ETV Bharat / bharat

কৃষক আন্দোলন সম্পৰ্কে কংগনাৰ বিতৰ্কিত মন্তব্যই কঁপাইছে পঞ্জাব - Kangana Controversial Comments

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 6:56 PM IST

Kangana Ranaut Controversial Comments : হিমাচলৰ মাণ্ডিৰ বিজেপি সাংসদ কংগনা ৰনৌতে এখন ব্যক্তিগত বাতৰি কাকতক দিয়া সাক্ষাৎকাৰত কিছুমান বিতৰ্কিত কথা উল্লেখ কৰিছিল । ইয়াৰ পিচতে তেওঁ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি সাধাৰণ ছ'চিয়েল মিডিয়া ইউজাৰলৈকে আক্ৰমণৰ সন্মুখীন হৈছে । কংগনাই কৈছিল যে বাংলাদেশত যি ঘটিল, হয়তো সেয়া ইয়াতো হ'বলৈ বেছি সময় নালাগিলহেঁতেন । কৃষক আন্দোলনত মৃতদেহ ওলমি আছিল আৰু ধৰ্ষণ সংঘটিত হৈছিল ।

Kangana Ranaut Controversial Comments
কৃষক আন্দোলন সম্পৰ্কে কংগনাৰ বিতৰ্কিত মন্তব্যই কঁপাইছে পঞ্জাব (ETV Bharat Graphics)

নিউজ ডেক্স, ২৬ আগষ্ট : প্ৰায়ে নিজৰ বক্তব্যৰ বাবে শিৰোনাম আৰু বিতৰ্কত থকা 'বলীউডৰ কুইন' হিচাপে খ্যাত তথা বিজেপি সাংসদ কংগনা ৰনৌতৰ এটা সাক্ষাৎকাৰ এতিয়া ছ'চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে । কংগনাই এখন ব্যক্তিগত বাতৰিকাকতক দিয়া এক সাক্ষাৎকাৰত এনে কিছু কথা উল্লেখ কৰিছিল, যাৰ বাবে এতিয়া পুনৰ বিতৰ্ক আৰম্ভ হৈছে ।

এই সাক্ষাৎকাৰটো বৰ্তমান সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে । তাত কংগনাই উল্লেখ কৰিছে যে বাংলাদেশৰ দৰে পৰিস্থিতি ইয়াতো হ'বলৈ বেছি সময় নালাগিলহেঁতেন । ইয়াৰ উপৰি তেওঁ কৃষক আন্দোলন সম্পৰ্কেও এক বিতৰ্কিত মন্তব্য কৰে । যাৰ বাবে এতিয়া ৰাজনৈতিক স্তৰত তীব্ৰ উত্তেজনা আৰম্ভ হৈছে । ইয়াৰ লগতে ছ'চিয়েল মিডিয়াতো ইউজাৰসকলে 'কুইন'ক ট্ৰ'ল কৰি আছে ।

এখন ব্যক্তিগত বাতৰিকাকতক দিয়া সাক্ষাৎকাৰত কংগনাই উল্লেখ কৰে, "যেনেদৰে বাংলাদেশত হৈছে, সেয়া ইয়াতো (ভাৰতত) ঘটিবলৈ পলম নালাগিলহেঁতেন, যদিহে আমাৰ শীৰ্ষ নেতৃত্ব ইমান কঠোৰ নহ'লহেঁতেন । ইয়াত সংঘটিত কৃষক আন্দোলনত মৃতদেহবোৰ ওলমি আছিল, তাত ধৰ্ষণ সংঘটিত হৈছিল ৷’’

‘‘যেতিয়া কৃষকসকলৰ সুবিধাৰ বাবে অনা বিধেয়ক প্ৰত্যাহাৰ কৰা হৈছিল, তেতিয়া সমগ্ৰ দেশ হতবাক হৈছিল । সেইসকল কৃষক এতিয়াও তাত বহি আছে । তেওঁলোকে কেতিয়াও ভবা নাছিল যে বিধেয়কখন উঠাই লোৱা হ'ব । এইটো এটা দীৰ্ঘম্যাদী পৰিকল্পনা আছিল, যেনেকৈ বাংলাদেশত হৈছিল । চীন আৰু আমেৰিকাৰ দৰে বিদেশী শক্তিয়ে এনে ষড়যন্ত্ৰৰ আঁৰত কাম কৰি আছে, যিবোৰে ইয়াতো কাম কৰি আছে ।" তেওঁ কয় ৷

ইফালে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্জাৰ ধ্ৰুৱ ৰাথীয়ে এই সাক্ষাৎকাৰটো পুনৰ টুইট কৰি কংগনাক লক্ষ্য কৰি লৈছে । ধ্ৰুৱ ৰাথীয়ে লিখিছে, "চৰৰ চিহ্ন এতিয়াও মাৰ যোৱা নাই, কিন্তু এতিয়াও একেই কথা কৈ আছে । এতিয়া যদি আকৌ কোনো জীয়াৰী পুনৰ থিয় হয়, তেওঁ দুয়োখন গালতে চৰ মাৰিব । কংগনা ৰনৌত, তোমাৰ ব্যৱহাৰ প্ৰতিবাৰেই চৰ খাবলগীয়ায়ে । বিজেপিয়ে এতিয়া এই সন্দৰ্ভত কি ক'ব ? প্ৰধানমন্ত্ৰীজী, এই সন্দৰ্ভত আপোনাৰ ক'বলগীয়া কি আছে ?"

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কংগনাই কৈছিল যে ভাৰতে ২০১৪ চনত প্ৰকৃত অৰ্থত স্বাধীনতা লাভ কৰিছিল । ইয়াক লৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তেওঁক তীব্ৰভাৱে ট্ৰ'ল কৰা হৈছিল । কিন্তু কংগনা ৰনৌতৰ এই নতুন বিতৰ্কিত মন্তব্যৰ ওপৰত বিজেপিৰ পৰা কি প্ৰতিক্ৰিয়া আহে সেইটো লক্ষণীয় হ'ব ।

লগতে পঢ়ক :ওড়িশাত বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱ : ৫ হাজাৰোধিক কুকুৰা হত্যা, ক্ষতিপূৰণ দাবী - Bird Flu
লগতে পঢ়ক :লাডাখত ৫ খন নতুন জিলা গঠনৰ ঘোষণা কেন্দ্ৰৰ - New Districts in Ladakh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.