ETV Bharat / bharat

লখিমপুৰত বিজেপি বিধায়কৰ গালত বিজেপি কৰ্মীৰ পূৰ্ণহতীয়া চৰ; আন একাংশই শোধালে ঢকা-ভুকু

BJP MLA knocked down: ৰাজহুৱা স্থানত বিজেপিৰ এগৰাকী বিধায়কৰ গালত পৰিল পূৰ্ণহতীয়া চৰ ৷ বিজেপিৰেই এগৰাকী কৰ্মীয়ে চৰ মৰা বুলি অভিযোগ উঠিছে ৷ চাওক সবিশেষ-

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

BJP MLA SLAPPED IN PUBLIC
বিধায়কৰ গালত পৰিল পূৰ্ণহতীয়া চৰ (ETV Bharat)

নিউজ ডেস্ক, 9 অক্টোবৰ: হাৰিয়ানাত বিজেপি দলৰ বিপুল জয়লাভৰ পিচত দেশজুৰি গেৰুৱা দলৰ বিজয় উদযাপন চলি থকাৰ মাজতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ খোদ বিজেপি কৰ্মীৰেই আক্ৰমণৰ বলি হ’ল এগৰাকী বিজেপি বিধায়ক ৷ আৰক্ষীৰ উপস্থিতিতেই বিধায়কৰ গালত পূৰ্ণহতীয়া চৰ এজন ব্যক্তিৰ ৷ তাৰ পিচতেই আন বহু কেইজন লোকেও হাত উঠায় বিধায়কগৰাকীৰ ওপৰত ৷ উত্তৰ প্ৰদেশৰ লখিপুৰ খেৰীত সংঘটিত হৈছে এই ঘটনা ৷

জানিব পৰা মতে, নগৰীয়া সমবায় বেংকৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ পূৰণৰ সময়তে লাগে হুলস্থুল । তাৰ মাজতেই বিজেপিৰ বিধায়ক যোগেশ বাৰ্মাক প্ৰহাৰ কৰিলে বিজেপিৰ আন এটা ফৈদে । সম্প্ৰতি এই ভিডিঅ’টো ভাইৰেল পৰিছে সামাজিক মাধ্যমত । আৰক্ষীয়ে জনোৱা মতে, দুয়োপক্ষৰ মাজত হোৱা বিবাদৰ পিচত এই পৰিস্থিতিৰ সৃষ্টি হয় । বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।

লখিমপুৰত বিজেপি বিধায়কৰ গালত বিজেপি কৰ্মীৰ পূৰ্ণহতীয়া চৰ (ETV Bharat)

অহা ৩ নৱেম্বৰত নগৰীয়া সমবায় বেংকত নিৰ্বাচন অনুষ্ঠিত হ'ব । বেংকটোত ১২ হাজাৰ সদস্য আছে । এই সদস্যসকলে প্ৰতিনিধি নিৰ্বাচন কৰিব, য’ত ১০ জন পৰিচালক নিৰ্বাচিত হ’ব । এই পৰিচালকসকলে সভাপতি বাছনি কৰিব । নিৰ্বাচনৰ বাবে দিয়া হৈছে পমফ্লেট । আজিয়েই সংগ্ৰহ কৰিব লাগিব পমফ্লেট । বৰ্তমানৰ সভাপতি পুষ্পা সিং বিজেপিৰেই এগৰাকী সদস্য । আনটো গোট বিধায়ক যোগেশ বাৰ্মাৰ বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুয়োটা গোটৰ মাজত সংঘাত সৃষ্টি হৈছিল ।

বুধবাৰেও বেংকটোত উপস্থিত হৈছিল বিধায়ক যোগেশ বাৰ্মা । অভিযোগ অনুসৰি পুষ্পা সিঙৰ স্বামী অৱধেশ সিঙে বিধায়কগৰাকীক মাৰপিট কৰে । ইয়াৰ পিছত হুলস্থুলৰ সৃষ্টি হয় । ইয়াৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে । দেখা গৈছে যে বিধায়ক যোগেশ ভাৰ্মাক চৰ মৰাৰ পাচত আৰক্ষীয়ে দুয়োটা গোটক নিয়ন্ত্ৰণৰ চেষ্টা কৰে । ইফালে আনটো গোটৰ একাংশ লোকে পুনৰ প্ৰহাৰ কৰে বিধায়ক বাৰ্মাক । আৰক্ষীয়ে কোনোমতে বিধায়কজনক আক্ৰমণকাৰীৰ পৰা আঁতৰাই নিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে মঙলবাৰৰ পৰা দুয়োটা গোটৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল । আজি দুয়োটা গোট মুখামুখি হয় । বিজেপি বিধায়কৰ গোটটোৱে এডিএমক সাক্ষাৎ কৰি বিপক্ষৰ বিৰুদ্ধে নিৰ্বাচনী তালিকা ফালি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছিল । বিধায়ক যোগেশ ভাৰ্মাৰ অভিযোগ যে পুষ্পা সিঙৰ স্বামী অৱধেশ সিং আৰু আন একাংশই মিলি নিৰ্বাচনী তালিকা ফালি পেলাইছে । সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী জনায় বিধায়কগৰাকীয়ে ।

আনহাতে, অৱধেশ সিং আৰু পুষ্পা সিঙে কয় যে বিধায়কজনে ক্ষমতা দেখুৱাইছে । তেওঁলোকে কয়, ‘‘যদি নিৰ্বাচনত কিবা অনিয়ম হয় তেন্তে আৰ অ’ৰ ওচৰত অভিযোগ কৰক । বিধায়কজন সদস্যও নহয়, প্ৰতিনিধিও নহয় । তেন্তে আপুনি কি ক্ষমতাত আহিছিল ? এই অভিযোগ ভুৱা ।বিধায়কগৰাকীয়ে নিজেই ১৫০ ৰ পৰা ২০০ সমৰ্থক লৈ আহিছিল নিৰ্বাচনত হুলস্থুলৰ সৃষ্টি কৰিবলৈ ।’’ লগতে বিধায়কগৰাকীয়ে মদ্যপান অভিযোগ উত্থাপন কৰে দুয়োৱে ।

লগতে পঢ়ক: পাঞ্জাৱত আপ আৰু অকালি দলৰ সংঘাত; গুলীবিদ্ধ পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী - Punjab Pre Election Violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.