ETV Bharat / bharat

নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ বিজেপিৰ; ৫ বছৰ পিচত মুকলি জগন্নাথ মন্দিৰৰ 4 প্ৰৱেশদ্বাৰ - Puri Jagannath Mandir

4 gates of Jagannath Mandir Opened : 'মোদীৰ গেৰাণ্টী' পূৰণ । নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল, ওড়িশাত চৰকাৰ গঠন কৰিলে ভক্তৰ বাবে মুকলি কৰা হ'ব পুৰীৰ জগন্নাথ মন্দিৰৰ চাৰিওখন প্ৰৱেশদ্বাৰ । বিগত ৫ বছৰ ধৰি মাত্ৰ এখন প্ৰৱেশদ্বাৰহে ভক্তৰ বাবে মুকলি হৈ আছিল । এতিয়া নতুন বিজেপি চৰকাৰে আটাইকেইখন প্ৰৱেশদ্বাৰ মুকলি কৰি দিছে । আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত গ্ৰহণৰ বাবে ওড়িশা চৰকাৰক কৃতজ্ঞতা জনায় ।

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 1:20 PM IST

4 gates of Jagannath Mandir Opened
পুৰীৰ জগন্নাথ মন্দিৰ (ETV Bharat)

নিউজ ডেস্ক, ১৩ জুন : ওড়িশাত বুধবাৰে মোহন মাঝি নেতৃত্বাধীন বিজেপি চৰকাৰ গঠন হয় । আনহাতে, চৰকাৰ গঠন কৰাৰ পিছদিনাই কাৰ্যক্ষেত্ৰত নামি পৰিছে ৰাজ্যখনৰ প্ৰথম বিজেপি চৰকাৰ । বুধবাৰে শপত গ্ৰহণৰ পিচতে অনুষ্ঠিত মোহন মাঝি কেবিনেটৰ প্ৰথম বৈঠকৰ সিদ্ধান্তমৰ্মে ভক্তসকলৰ বাবে মন্দিৰৰ 4 খন দুৱাৰ মুকলি কৰা হৈছে । আনহাতে, মুখ্যমন্ত্ৰী মোহন মাঝি আৰু মন্ত্ৰী পৰিষদৰ আটাইকেইগৰাকী নতুন মন্ত্ৰীয়ে প্ৰভু জগন্নাথৰ পূজা-অৰ্চনাও কৰে ।

আনহাতে, পুৰীৰ জগন্নাথ মন্দিৰৰ চাৰিওখন প্ৰৱেশদ্বাৰ মুকলি কৰা সন্দৰ্ভত ওড়িশাৰ মুখ্যমন্ত্ৰীক অভিনন্দন জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এক্সৰ এটা পোষ্টত হিমন্ত বিশ্ব শৰ্মাই লিখিছে, "জগন্নাথ পুৰী ধামত শ্ৰী মন্দিৰৰ চাৰিওখন দুৱাৰ পুনৰ মুকলি কৰাৰ ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে ওড়িশাৰ মাননীয় মুখ্যমন্ত্ৰী মোহন মাঝিলৈ মোৰ কৃতজ্ঞতা । এই সিদ্ধান্তই ভক্তসকলক লাভান্বিত কৰিব আৰু তেওঁলোকক অতি সহজে দৰ্শন ল'বলৈ সুবিধা দিব । নিৰ্বাচনৰ সময়ত ওড়িশাৰ লোকসকলক দিয়া 'মোদী কা গেৰাণ্টি' প্ৰতিশ্ৰুতিৰ ভিতৰত এই দুৱাৰকেইখন খোলাটো অন্যতম আছিল । এই প্ৰতিশ্ৰুতি অতি দ্ৰুততাৰে পালনৰ সিদ্ধান্তই ভাৰতৰ বাবে বিজেপিৰ গুৰুত্ব আৰু সংকল্প পত্ৰ পূৰণৰ এক অন্যতম উদাহৰণ ।"

উল্লেখ্য, বুধবাৰে সন্ধিয়া প্ৰথম কেবিনেটে বিগত 5 বছৰৰ ধৰি বন্ধ হৈ থকা জগন্নাথ মন্দিৰৰ 4 খন প্ৰৱেশদ্বাৰ মুকলি কৰাৰ সিদ্ধান্ত লয়। মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলৰ উপস্থিতিত প্ৰশাসনে মন্দিৰৰ চাৰিওখন দুৱাৰ মুকলি কৰে । দুৱাৰ মুকলি কৰাৰ লগে লগে আটাইকেইখন দুৱাৰেৰে ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰে আৰু দৰ্শন কৰে । আনহাতে, মন্দিৰৰ চাৰিওখন দুৱাৰ সুদীৰ্ঘ ৫ বছৰৰ পিচত ভক্তসকলৰ বাবে মুকলি কৰাত ভক্তসকল আনন্দিত হৈ পৰে ।

উল্লেখ্য, কোভিড নিষেধাজ্ঞাৰ পিচত বিগত 2020 চনৰ মাৰ্চ মাহৰ পৰা মন্দিৰৰ গৰ্ভগৃহত ভক্তসকলৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল । আনহাতে, মন্দিৰত দৰ্শনাৰ্থীৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰে ভক্তসকলক কেৱল মন্দিৰৰ সিংহদ্বাৰেৰে প্ৰৱেশৰ অনুমতি দিছিল । কিন্তু কোভিড নিষেধাজ্ঞা উঠাই লোৱাৰ পিচতো ভক্তসকলক কেৱল মন্দিৰৰ সিংহদ্বাৰৰ মাজেৰেই প্ৰৱেশৰ অনুমতি দিয়া হৈছিল । আনকি এই সন্দৰ্ভত সৰ্বত্ৰে প্ৰতিবাদ কৰাৰ পাচতো ৰাজ্যিক বিজেডি চৰকাৰে এই কথা মানি লোৱা নাছিল । যাৰ বাবে ভক্তসকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছিল ।

আনহাতে, এই বিষয়টোক বিজেপিয়ে নিৰ্বাচনৰ এক অন্যতম মূল ইছ্যু হিচাপে লৈ নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দ্বিতা কৰিছিল । লগতে বিজেপি চৰকাৰ শাসনলৈ আহিলে সকলো ভক্তৰ বাবে মন্দিৰৰ চাৰিওখন দুৱাৰ মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছিল । বিজেপিয়ে এই ইছ্যুটো গ্ৰহণ কৰি নিৰ্বাচনত সফলো হয় । যাৰ বাবে ওড়িশাত বিজেপি চৰকাৰে শপত গ্ৰহণৰ পিচতে নতুন মুখ্যমন্ত্ৰী মোহন মাঝিয়ে ভক্তসকলৰ বাবে মন্দিৰৰ চাৰিওখন প্ৰৱেশদ্বাৰ মুকলি কৰাৰ নিৰ্দেশ দিয়ে । তাৰ পিচতে ভগৱানৰ আশীৰ্বাদ গ্ৰহণৰ পিচত চৰকাৰে ভক্তসকলৰ বাবে মন্দিৰৰ চাৰিওখন দুৱাৰ মুকলি কৰা হয় ।

ইয়াৰ উপৰি ভক্তসকলৰ সুবিধাৰ বাবে জোতাৰ ষ্টেণ্ড, খোৱাপানীৰ সুবিধা আৰু ৰ'দ-বৰষুণৰ পৰা সকাহ পাবৰ বাবে শ্বেডৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱা হৈছে । আনহাতে, ভক্ত আৰু সেৱকসকলে নতুন মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্তক আদৰণি জনাইছে ।

লগতে পঢ়ক :ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মোহন মাঝিৰ - Odisha CM Mohan Majhi Takes Oath

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.