ETV Bharat / bharat

বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰতলৈ উভতি অহা একাংশ শিক্ষাৰ্থী - Indian Students in Bangladesh

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 1:38 PM IST

Indian Students in Bangladesh : বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ পিচত বহু ভাৰতীয় শিক্ষাৰ্থী স্বদেশলৈ উভতি আহিছে । তাৰ ভিতৰত বিহাৰৰ কেইবাগৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী আছে । বাংলাদেশৰ মহাবিদ্যালয় কৰ্তৃপক্ষই শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰাৰ জাননী দিয়া স্বত্বেও তেওঁলোকে ভাৰতীয় দূতাবাসৰ অনুমতি নোপোৱালৈ নোযাৱাৰ সিদ্ধান্ত লৈছে ।

Indian Students in Bangladesh
বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰতলৈ উভতি অহা একাংশ শিক্ষাৰ্থী (ETV Bharat)

নেশ্যনেল ডেস্ক, ৮ আগষ্ট : প্ৰতিবছৰে ভাৰতৰ পৰা শ শ যুৱক-যুৱতীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে বাংলাদেশ ভ্ৰমণ কৰে । বিশেষকৈ বিহাৰৰ পৰা বহু শিক্ষাৰ্থীয়ে প্ৰতি বছৰে বাংলাদেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত উচ্চ শিক্ষা গ্ৰহণৰ বাবে আবেদন কৰে । কিন্তু বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিয়ে হঠাতে হিংসাত্মক ৰূপ লোৱাৰ লগে লগে শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালে তাত স্বাভাৱিক অৱস্থা ঘূৰাই অহাৰ কামনা কৰিছে ।

বাংলাদেশত অধ্যয়ন কৰি থকা প্ৰায় ১৫ গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ ভিতৰত ৰক্সৌলৰ ৬ গৰাকী, পাটনাৰ ৩ গৰাকী আৰু মতিহাৰী-সমস্তিপুৰৰ এজনকৈ শিক্ষাৰ্থী শেহতীয়াকৈ ভাৰতলৈ উভতি আহিছে । মহাবিদ্যালয় প্ৰশাসনে পুনৰ মাতিছে যদিও তেওঁলোকে ভাৰতীয় দূতাবাসৰ পৰা সেউজ সংকেত নোপোৱালৈকে উভতি নোযোৱাৰ সিদ্ধান্ত লৈছে ।

উদ্বিগ্ন বাংলাদেশত অধ্যয়নৰত ভাৰতীয় শিক্ষাৰ্থী :

এনে পৰিস্থিতিত, শিক্ষাৰ্থীসকলে তেওঁলোকৰ পাঠ্যক্ৰমৰ বিষয়ে উদ্বিগ্ন হৈছে । যেতিয়া শ্ৰেণীবোৰ সঠিকভাৱে পুনৰ আৰম্ভ হ'ব আৰু প্ৰচলিত সুৰক্ষাৰ বিষয়বোৰে তেওঁলোকক আমনি কৰিছে । বাংলাদেশৰ এনে পৰিস্থিতিৰ পিচতে বিহাৰৰ ঘৰলৈ উভতি অহা শিক্ষাৰ্থীসকলৰ ভিতৰত আছে দুই ভাতৃ ক্ৰমে নাদিম আৰু আছফাক । তেওঁলোক বাংলাদেশৰ কৰিমগঞ্জৰ প্ৰেচিডেণ্ট আব্দুল হামিদ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী ।

বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত নাদিমে কয়, "মোৰ মহাবিদ্যালয়খন ঢাকাৰ পৰা ১২০ কিলোমিটাৰ দূৰত কিশোৰগড়ত অৱস্থিত । প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পদত্যাগ আৰু হিংসাৰ বিষয়ে অৱগত কৰাৰ পিচত আমাৰ এজন আত্মীয়ই আমাক যিমান সম্ভৱ সোনকালে সেই ঠাই এৰিবলৈ কৈছিল । তাৰ পিচত আমি ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিছিলো যিসকলে আমাক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিবলৈ তৎপৰ আছিল ।"

আছাফাকে কয়, "ভাৰতৰ প্ৰায় ১৩৪ গৰাকী শিক্ষাৰ্থী বাংলাদেশৰ এই মহাবিদ্যালয়ত পঢ়ি আছে । আমি সকলোৱে উভতি আহিছো । মহাবিদ্যালয়খনে আমাক শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰাৰ বিষয়ে জাননী দিছে কিন্তু এতিয়ালৈকে কোনেও উভতি যোৱা নাই । আমি সকলোৱে পৰিস্থিতি সুস্থিৰ হোৱালৈ অপেক্ষা কৰি আছো ।"

দুয়োগৰাকী ভাতৃয়ে জনোৱা মতে বাংলাদেশৰ স্থানীয় শিক্ষাৰ্থীসকলেও শ্ৰেণীত যোগদান কৰা নাই কিয়নো তেওঁলোকে ঘৰৰ পৰা ওলাই আহিবলৈ ভয় কৰে । নাদিমে এই সন্দৰ্ভত কয়, "বৰ্তমান বাংলাদেশৰ প্ৰশাসন ব্যৱস্থা শক্তিশালী নহয় আৰু চাৰিওফালে বিশৃংখল পৰিৱেশে বিৰাজ কৰি আছে । এতিয়া তালৈ উভতি যোৱাটো নিৰাপদ নহয় ।"

ভাৰততকৈ সস্তা বাংলাদেশৰ শিক্ষা ব্যয় :

উল্লেখ্য যে ভাৰতত কৈ বাংলাদেশত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ ব্যয় যথেষ্ট কম । যাৰ বাবে বছৰি বহু শিক্ষাৰ্থী বাংলাদেশলৈ ভ্ৰমণ কৰে । বিহাৰত এগৰাকী চিকিৎসা বিজ্ঞানৰ আকাংক্ষীয়ে তেওঁৰ ডিগ্ৰী অৰ্জন কৰিবলৈ প্ৰায় ১ কোটি টকা ব্যয় কৰিব লাগে । আনহাতে চুবুৰীয়া বাংলাদেশত একেটা পাঠ্যক্ৰমত মাত্ৰ ২৫ লাখ টকা ব্যয় কৰিব লাগে ।

ইয়াৰ উপৰিও এক ডাঙৰ লাভালাভ হৈছে যে বাংলাদেশত ভাৰতীয় শিক্ষাৰ্থীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষিত । সেয়েহে প্ৰতি বছৰে ভাৰতৰ পৰা প্ৰায় ৫০০ শিক্ষাৰ্থী চিকিৎসা অধ্যয়নৰ বাবে বাংলাদেশলৈ ভ্ৰমণ কৰে । লগতে ভাৰতত এনইইটি পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে তাত কোনো পৃথক প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে ।

লগতে পঢ়ক :বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাই ভাৰতত কোনো প্ৰভাৱ পেলাব নোৱাৰে : প্ৰাক্তন বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰিংলা - Bangladesh crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.