ETV Bharat / bharat

বাংলাদেশত হিন্দুসকলক সুৰক্ষিত কৰিব লাগে : শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ - Bangladesh revolution - BANGLADESH REVOLUTION

Jyotirmath Peeth Shankaracharya on Bangladesh : জ্যোতিৰ্মঠ পীঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দই প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পিচত বাংলাদেশত বৰ্ধিত অস্থিৰতাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ কয় যে প্ৰায় ১০ শতাংশ হিন্দুৱে বাংলাদেশত বাস কৰে আৰু তেওঁলোকৰ নিৰাপত্তা অতি গুৰুত্বপূৰ্ণ ।

Jyotirmath Peeth Shankaracharya on Bangladesh
শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 1:03 PM IST

নিউজ ডেস্ক, ৬ আগষ্ট : প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পিচত ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত বৰ্ধিত অস্থিৰতাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে জ্যোতিৰ্মঠ পীঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দই । উল্লেখ্য যে, নিজৰ ১৫ বছৰীয়া শাসনৰ অতি কৰুণ সমাপ্তি ঘটাই হাছিনাই সোমবাৰে পদত্যাগ কৰাই নহয়, দেশ এৰি পলায়ন কৰিবলগাও হয় । এনে পৰিস্থিতিত জ্যোতিৰ্মঠ পীঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দই বাংলাদেশ সেনাক দেশখনত থকা হিন্দুসকলক সুৰক্ষা দিবলৈ আহ্বান জনাইছে ।

"আমাৰ চুবুৰীয়া দেশ বাংলাদেশত ৰাজনৈতিক উত্থান-পতন ঘটিছে । বৰ্তমান দেশখন সেনাৰ সুৰক্ষাত আছে । আমি নিশ্চিতভাৱে আশা কৰো যে তাত থকা সেনাই জনসাধাৰণক সুৰক্ষা দিয়াৰ দায়িত্ব পালন কৰিব ।" তেওঁ কয় ।

শংকৰাচাৰ্যগৰাকীয়ে লগতে কয়, "আমাৰ ১০ শতাংশ হিন্দু ভাতৃয়ে বাংলাদেশত বাস কৰে আৰু তেওঁলোকৰ নিৰাপত্তাও গুৰুত্বপূৰ্ণ । সেয়েহে আমি তাত থকা সেনা আৰু বৰ্তমান তাত শাসনত থকাসকলক অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ হিন্দু লোকসকলে যেন কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগে ।"

"দেশখনত বাস কৰা হিন্দুসকল আপোনাৰ দেশৰ নাগৰিক । আপোনালোকে লাভ কৰা একে ধৰণৰ ব্যৱস্থা, সুবিধা আৰু কাৰ্য প্ৰতিগৰাকী নাগৰিকে লাভ কৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া ।" স্বামীয়ে বাংলাদেশী সেনাক উদ্দেশ্যি কয় ।

"আমি এই প্ৰত্যাশাৰে আপোনাক এই কথা কৈছো । আমি তাত বাস কৰা হিন্দুসকলক ক'ব বিচাৰো- পৰিস্থিতি অনুসৰি ধৈৰ্য ধৰি নিজকে সুৰক্ষিত কৰি ৰাখক আৰু লগতে আপোনালোকৰ দেশৰ বিকাশত অৰিহণা যোগাওক ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে, ৭৬ বছৰীয়া হাছিনাই ৫ আগষ্টত এক বিতৰ্কিত কোটা ব্যৱস্থাক লৈ তেওঁৰ চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আৰম্ভ হোৱাৰ পিচত পদত্যাগ কৰিবলৈ বাধ্য হয় । এই সংৰক্ষণ ব্যৱস্থাত কেইটামান গোটৰ বাবে সকলো চৰকাৰী চাকৰিৰ আধাতকৈও অধিক সংৰক্ষিত ৰাখিছিল ।

সোমবাৰে দেশখনত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হয় । দেশখনৰ ৰাজধানী ঢাকাৰ ৰাজপথেৰে লাখ লাখ জনতাই সমদল কৰি আহি প্ৰধানমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ কৰে । প্ৰতিবাদকাৰীয়ে কাৰ্ফিউ অমান্য কৰি এনেদৰে সমবেত হোৱাৰ লগতে বাংলাদেশৰ মুক্তিযুদ্ধৰ নায়ক তথা শ্বেখ হাছিনাৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তিও ধ্বংস কৰে ।

ইফালে বাংলাদেশ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে ঘোষণা কৰে যে অন্তৱৰ্তীকালীন প্ৰশাসনে ৰাষ্ট্ৰখন শাসন কৰিব । অৱশ্যে ছাত্ৰ প্ৰতিবাদকাৰীসকলে ইতিমধ্যে সামৰিক চৰকাৰ প্ৰত্যাখ্যান কৰিছে । ইয়াৰ পূৰ্বে তেওঁলোকে হাছিনাক পদত্যাগ কৰিবলৈ আৰু ৰাষ্ট্ৰখন ত্যাগ কৰিবলৈ অধিক সময় দিবলৈ সেনা প্ৰধানে কোৱা কথাও প্ৰত্যাখ্যান কৰে ।

আনহাতে, সোমবাৰে এক উচ্ছৃংখল জনতাই ঢাকাৰ এটা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰ তছনছ কৰে আৰু সমগ্ৰ দেশৰ চাৰিটা হিন্দু মন্দিৰৰ সামান্য ক্ষতি কৰে । হিন্দু, বৌদ্ধ, খ্ৰীষ্টান একতা পৰিষদৰ মুৰব্বী কাজল দেৱনাথে কয় যে হাছিনাক অপসাৰণৰ ফলত মন্দিৰসমূহৰ সামান্য ক্ষতি হৈছে যদিও পৰিৱেশ এতিয়াও উত্তেজনাপূৰ্ণ হৈ আছে ।

ঢাকাৰ ধনমণ্ডি অঞ্চলত অৱস্থিত ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰটো প্ৰতিবাদকাৰীয়ে ক্ষতিগ্ৰস্ত স্থানসমূহৰ ভিতৰত এটা আছিল ।

লগতে পঢ়ক :বাংলাদেশত হ'ব অন্তৱৰ্তীকালীন চৰকাৰ : ঘোষণা বাংলাদেশৰ সামৰিক মুৰব্বীৰ - Bangladesh protest
লগতে পঢ়ক :বাংলাদেশ জ্বলিছে : হাছিনাৰ হেলিকপ্টাৰ নামিল গাজিয়াবাদৰ সেনাৰ ঘাটিত - Bangladesh PM Sheikh Hasina

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.