ETV Bharat / bharat

৯ বছৰে ৰায়পুৰত বাংলাদেশৰ বিমান : পাৰ্কিঙৰ ব্যয় হৈছে প্ৰায় ৪ কোটি টকা - Bangladeshi Aircraft at Raipur

Bangladeshi Aircraft at Raipur: যোৱা ২০১৫ চনৰ পৰা ৰায়পুৰৰ বিমানবন্দৰত আছে বাংলাদেশৰ এখন বিমান । ৯ বছৰত পাৰ্কিঙৰ মাচুল হৈছে প্ৰায় ৪ কোটি টকা । বাংলাদেশৰ কোম্পানীয়ে বিমানখন ঘূৰাই লৈ যোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই । বিমানবন্দৰ কৰ্তৃপক্ষই নিলামৰ প্ৰস্তুতি চলাইছে ।

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 1:11 PM IST

Bangladeshi Aircraft at Raipur
৯ বছৰে ৰায়পুৰত বাংলাদেশৰ বিমান (ETV Bharat)

নেশ্যনেল ডেস্ক, ৬ আগষ্ট : ইউনাইটেড এয়াৰৱেজ বাংলাদেশৰ এমডি-৮৩ বিমানখন যোৱা ৯ বছৰ ধৰি ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ বিমানবন্দৰতে আছে । এতিয়ালৈকে বিমান কোম্পানীটোৱে বিমানখন ঘূৰাই নিবলৈ কোনো দৃঢ় পদক্ষেপ লোৱা নাই । ৰায়পুৰ বিমানবন্দৰ কৰ্তৃপক্ষই ইতিমধ্যে বিমানখন ঘূৰাই নিবলৈ কেইবাবাৰো মেইল কৰিছে । একে সময়তে বিমানখন থকাৰ বাবে ৰায়পুৰ বিমানবন্দৰত পাৰ্কিঙৰ ব্যয়ও নিৰন্তৰভাৱে বৃদ্ধি পাইছে ।

৯ বছৰ ধৰি ছত্তীশগড়তে আছে বাংলাদেশৰ বিমানখন :

তথ্য অনুসৰি এই বিমানখনৰ পাৰ্কিঙৰ ব্যয় প্ৰায় ৪ কোটি টকা হৈছে । যিয়ে বিমানবন্দৰ কৰ্তৃপক্ষক শ'লঠেকত পেলাইছে । কেৱল এয়াই নহয় বিমানখনৰ অৱস্থাও পূৰ্বৰ দৰে নাই । বিশেষজ্ঞসকলৰ মতে প্ৰায় ৯ বছৰ তেনেদৰে থকাৰ বাবে বিমানখন বৰ্তমান উৰাৰ বাবেও উপযুক্ত নহয় । এনে পৰিস্থিতিত বিমানবন্দৰ কৰ্তৃপক্ষই বিমানখনৰ নিলামৰ বাবে সাজু হৈছে । য'ৰ পৰা কৰ্তৃপক্ষই পাৰ্কিঙৰ ধন উদ্ধাৰ কৰিব ।

এই সন্দৰ্ভত ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰৰ সঞ্চালক ড৹ এছ ডি শৰ্মাই কয়, "এই বিমানখন লৈ যাবলৈ কোম্পানীটোলৈ কেইবাবাৰো মেইল আৰু চিঠি লিখা হৈছে, কিন্তু তেওঁলোকৰ পৰা কোনো সঁহাৰি অহা নাই । এনেদৰে প্ৰায় ৯ বছৰ পাৰ হৈ গ'ল । ইফালে, বিমানখনৰ পাৰ্কিং মাচুলো কোটি টকালৈ বৃদ্ধি পাইছে । এনে পৰিস্থিতিত, বিমানখন নিলাম কৰাৰ প্ৰস্তুতি চলাই আছে । এই প্ৰতিবেদন মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । একে সময়তে আইনী বিভাগৰ সৈতেও এই বিষয়ে আলোচনা কৰা হৈছে । মুখ্য কাৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব ।"

বিমানখন ২০১৫ চনৰ পৰা ৰায়পুৰত আছে :

বিমানখনে ২০১৫ চনৰ ৭ আগষ্টত ঢাকাৰ পৰা মাস্কটলৈ উৰা মাৰিছিল । কিন্তু বিমানখনৰ এটা ইঞ্জিন বিফল হৈছিল । ইয়াৰ এটা অংশ ভাঙি পৰিছিল আৰু ৰায়পুৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত বেমেটাৰা জিলাৰ এখন পথাৰত পৰিছিল । ইঞ্জিনটো বিকল হোৱাৰ পিচতে পাইলটে নাগপুৰ আৰু ৰায়পুৰ এটিএছৰ সৈতে যোগাযোগ কৰে ।

ৰায়পুৰ এটিএছৰ পৰা অনুমতি পোৱাৰ পিচত বিমানখন ৰায়পুৰ বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে । এই ঘটনাটোত কোনো লোকৰ বা সম্পত্তিৰ ক্ষতি হোৱা নাছিল । সকলো যাত্ৰী বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰিছিল । এই জৰুৰী অৱতৰণৰ সময়ত বিমানখনত ১৭৬ গৰাকী যাত্ৰী আছিল ।

অৱতৰণৰ দ্বিতীয় দিনা যাত্ৰীসকলক গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হৈছিল । তেতিয়াৰে পৰা বিমানখন ৰায়পুৰৰ বিমানবন্দৰতে আছে । সম্প্ৰতি বাংলাদেশত অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত বিমানখন বাংলাদেশৰ কোম্পানীয়ে ঘূৰাই লৈ যাব নে কৰ্তৃপক্ষই নিলাম কৰিব । সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক :অশান্ত বাংলাদেশ : ভাৰত সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ হাই এলাৰ্ট জাৰি - BSF High Alert on Border

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.