ETV Bharat / bharat

এতিয়াৰে পৰা আয়ুষ্মান কাৰ্ডে দিব কিছু নতুন সুবিধা ! জানক - Ayushman Card

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 6:32 PM IST

Ayushman Bharat Yojana: কেন্দ্ৰীয় চৰকাৰে এতিয়া ৭০ বছৰৰ অধিক বয়সৰ বৃদ্ধসকলৰ বাবে লৈ আহিছে এক সুখবৰ ৷ এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে ৪.৫ কোটি পৰিয়ালৰ ৬ কোটি জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া স্বাস্থ্য বীমাৰ সুবিধা প্ৰদান কৰা ।

Ayushman Bharat Yojana
এতিয়াৰে পৰা আয়ুষ্মান কাৰ্ডে দিব কিছু নতুন সুবিধা (ETV Bharat Assam)

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ: ২০১৮ চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আয়ুষ্মান ভাৰত যোজনা (ABY) আৰম্ভ কৰিছিল । এইটো সাধাৰণ ৰাইজৰ বাবে এক স্বাস্থ্য বীমা আঁচনি । আঁচনিখনে হিতাধিকাৰীসকলক বিনামূলীয়া চিকিৎসা বীমা প্ৰদান কৰে । এই চৰকাৰৰ দ্বাৰা পৰিচালিত স্বাস্থ্য আঁচনিত আবেদন কৰাৰ পিছত, জনসাধাৰণৰ বাবে আয়ুষ্মান কাৰ্ড তৈয়াৰ কৰা হয় । ইয়াৰ জৰিয়তে, ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰি ।

শেহতীয়াকৈ কেন্দ্ৰ চৰকাৰে এই আয়ুষ্মান ভাৰত যোজনাত কিছু সালসলনি ঘটাইছে ৷ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ আয়ুষ্মান ভাৰত যোজনাৰ নিয়মৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে । তেওঁ কয় যে এই আঁচনিৰ অধীনত বৃদ্ধসকলে ৫ লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য বীমা লাভ কৰিব । এই পৰিৱৰ্তনবোৰে এই আঁচনিৰ অধীনত চিকিৎসাধীন ৭০ বছৰৰ অধিক বয়সৰ বৃদ্ধসকলক লাভান্বিত কৰিব ।

লগতে পঢ়ক: আয়ুষ্মান ভাৰতৰ অধীনত সত্তৰোৰ্ধ্বৰ নাগৰিকক কি কি সুবিধা দিব মোদী চৰকাৰে ? - Ayushman Bharat

৭০ বছৰৰ অধিক বয়সৰ বৃদ্ধসকলক আঁচনিখনত অন্তৰ্ভুক্ত কৰা হ'ব

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা জনায় যে এতিয়া ৭০ বছৰৰ অধিক বয়সৰ বৃদ্ধসকলকো এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব । তেওঁ কয় যে এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে ৪.৫ কোটি পৰিয়ালৰ প্ৰায় ৬ কোটি জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া স্বাস্থ্য বীমা প্ৰদান কৰা । লগতে, এই আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলক এখন নতুন পৃথক কাৰ্ড জাৰী কৰা হ'ব ।

পৰিয়ালৰ কিমানজন সদস্যই আয়ুষ্মান কাৰ্ড লাভ কৰিব পাৰে ?

এতিয়া প্ৰশ্নটো হ'ল একেটা পৰিয়ালৰ কিমানজন লোকে আয়ুষ্মান কাৰ্ড বনাব পাৰে ? জানি লওক যে এই চৰকাৰী আঁচনিত তেনে কোনো সীমা নিৰ্ধাৰণ কৰা হোৱা নাই । অৰ্থাৎ, পৰিয়াল এটাৰ যিমান সদস্যই বিচাৰে আয়ুষ্মান কাৰ্ড এখন বনাব পাৰে আৰু এই আঁচনিৰ সুবিধা ল'ব পাৰে, কিন্তু ইয়াৰ বাবে, পৰিয়ালৰ সকলো সদস্য এই আঁচনিৰ বাবে যোগ্য হোৱাটো প্ৰয়োজনীয়, তেতিয়াহে তেওঁলোকৰ আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰা হ'ব ।

লগতে পঢ়ক: ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডেৰে নাপাব সকলো ৰোগৰ চিকিৎসা: মুখ্যমন্ত্ৰী - AYUSHMAN CARD

আয়ুষ্মান ভাৰত যোজনাৰ বাবে কি নথি-পত্ৰৰ প্ৰয়োজন ?

আয়ুষ্মান ভাৰত যোজনাৰ বাবে আপোনাক কিছুমান মৌলিক নথিপত্ৰৰ প্ৰয়োজন । এই আঁচনিৰ সুবিধা ল'বলৈ, পৰিচয় প্ৰমাণ, আধাৰ কাৰ্ড বা আন যিকোনো চৰকাৰে জাৰি কৰা পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব । ইয়াৰ উপৰিও, আপোনাৰ পৰিয়ালৰ বিৱৰণ দিবলৈ আপুনি আপোনাৰ ৰেচন কাৰ্ডো দিব লাগিব ।

ৰেচন কাৰ্ডে আপোনাৰ পৰিয়ালৰ তথ্য আৰু অৰ্থনৈতিক অৱস্থা নিৰ্ণয় কৰাত সহায় কৰে । কিছুমান ৰাজ্যই আপোনাক উপাৰ্জনৰ প্ৰমাণপত্ৰও বিচাৰিব পাৰে, সেয়েহে আগতীয়াকৈ সেয়া নিশ্চিত কৰক । ইয়াৰ উপৰিও, আপুনি আপোনাৰ বাসস্থান নিশ্চিত কৰা বিল বা নথিপত্ৰও প্ৰদান কৰিব লাগিব ।

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পুনৰ আৰম্ভ হ'ল আয়ুষ্মান ভাৰত কাৰ্ডৰ সেৱা - B Baruah Cancer Institute

প্ৰতিখন হাস্পতালত আয়ুষ্মান কাৰ্ড কাৰ্যক্ষম কৰিবলৈ চি পি আই(এম)ৰ দাবী - CPIM Demands

বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি

ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ (National Health Authority) ৰ মতে, এই আঁচনিখন হৈছে চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে পুঁজি যোগান ধৰা বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি । ই ভাৰতৰ ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়ত মাধ্যমিক আৰু তৃতীয় স্তৰৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ হেতু প্ৰতি বছৰে প্ৰতি পৰিয়ালৰ বাবে ৫ লাখ টকাৰ বীমা সুৰক্ষা প্ৰদান কৰে । ১২ কোটিতকৈও অধিক দৰিদ্ৰ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়াল (প্ৰায় ৫৫ কোটি হিতাধিকাৰী) এই সেৱা লাভৰ বাবে যোগ্য ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.