ETV Bharat / bharat

মণিপুৰ গোষ্ঠী সংঘৰ্ষৰ ৩৬৫ দিন : এতিয়াও উমি উমি জ্বলি আছে প্ৰকৃতিৰ ৰম্যভূমি - Manipur conflicts

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 12:53 PM IST

Manipur violence: তীব্ৰ সংঘাত, জুই-ধোঁৱা আৰু গুলী-বাৰুদৰ শব্দৰ মাজেৰে এবছৰ পাৰ কৰিলে মণিপুৰৰ জনতাই । প্ৰধানতঃ কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত উদ্ভৱ হোৱা এই সংঘাতে সমগ্ৰ মণিপুৰক এক অগ্নিকুণ্ডত পৰিণত কৰে । এই সন্দৰ্ভত প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন...

Manipur violence
ONE YEAR ON MANIPUR CONFLICTS (ETV Bharat)

তেজপুৰ, ৪ মে' : সম্পূৰ্ণ হ'ল অভিশপ্ত এটা বছৰ । বিগত এবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ এখন পাহাৰীয়া ৰাজ্য অগ্নিকুণ্ডৰ মাজেৰে পাৰ হৈছে । নিৰাপত্তাহীনতাত সাধাৰণ জনতা, সুৰক্ষিত নহয় সুৰক্ষা প্ৰদান কৰিবলৈ যোৱা লোক । এই ৰাজ্যখন হৈছে মণিপুৰৰ, যাক আমি মেৰী কম বা লৌহ মানৱ ইৰম চানু চৰ্মিলাৰ নামেৰে জানো ।

মণিপুৰত যোৱা এটা বছৰত গোষ্ঠীগত সংঘৰ্ষত প্ৰায় ৬০,০০০ লোক গৃহহীন হয় আৰু প্ৰায় ৩০০ লোকৰ মৃত্যু হয় । দুগৰাকী নাৰীক বিবস্ত্ৰ কৰি ৰাজপথত সমদল কৰোৱা হৈছিল আৰু যাৰ গোচৰত চি বি আইয়ে তদন্ত কৰি আছে ।

আজিও অশান্ত ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰ । কাৰণ চুবুৰীয়া দেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজন, অবৈধ অস্ত্ৰ সৰবৰাহ আৰু উগ্ৰপন্থীৰ বাবে স্থানীয় মেইটেই লোকসকলে সমস্যাৰ সন্মুখীন হোৱা বুলিও দাবী কৰে । চৰকাৰী তথ্য মতে এই হিংসাৰ ফলত ২১৯ জন লোকৰ মৃত্যু হৈছে আৰু ৬০,০০০ লোক গৃহহীন, ১০০০ৰো অধিক আহত আৰু ৩২ জন নিৰুদ্দেশ হৈ আছে । লগতে ৪,৭৮৬টা ঘৰ জ্বলাই দিয়া হয় আৰু মন্দিৰ আৰু গীৰ্জাকে ধৰি ৩৮৬টা ধৰ্মীয় অনুষ্ঠান ভাঙি পেলোৱা হয় । বেচৰকাৰী তথ্য মতে ইয়াৰ হাৰ আৰু অধিক ।

এই এটা বছৰ অশান্তিৰ বাবে ৭ গৰাকী স্থানীয় মহিলাই ৩ তাৰিখে শুকুৰবাৰে মণিপুৰত শোকৰ চিন হিচাপে ক’লা কাপোৰ পিন্ধি তেওঁলোকে “আমি শান্তি বিচাৰো” আৰু “মণিপুৰৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰক” আদি বাৰ্তা লিখা প্লে'কাৰ্ড লৈ এক প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে সমূহীয়াকৈ মুণ্ডন কৰে, যিয়ে তেওঁলোকৰ শান্তিৰ আহ্বানক আৰু অধিক বৃদ্ধি কৰাৰ পোষকতা কৰে ।

এই সময়ছোৱাত মণিপুৰৰ কেবাগৰাকী সাংবাদিক হিংসাৰ বলি হ'ব লগীয়া হয় । যোৱা ২০২৩ চনৰ ২৬ জুলাইত ম'ৰেহত ৯ জন সাংবাদিকৰ ঘৰ জ্বলাই দিয়ে, কাৰণ তেওঁলোক মেইটেই জনগোষ্ঠীৰ লোক । এই ৯ জনৰ ৮ জন মণিপুৰৰ ৰাজ্যিক কাকতৰ সাংবাদিক আৰু এজন গুৱাহাটীৰ এটা চেটেলাইত চেনেলৰ সাংবাদিক । কিন্তু মণিপুৰৰ এই হিংসাত্মক ঘটনাৰ প্ৰকৃততে কাৰণ কি ? ক'ৰ পৰা আৰম্ভ হৈছে এই পৰিকল্পনা ?

ঘটনাৰ সূত্ৰপাত : মণিপুৰত কেবাটাও বিদ্রোহী সংগঠন আছে, তাৰ ভিতৰত অন্যতম এক চৰকাৰ বিৰোধী সংগঠন হৈছে Government of People Democratic Republic kuki Land । ইয়াৰ সদ্য ঘোষিত সভাপতি মাৰ্ক টি হাওকিপয়ে যোৱা ২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ সামাজিক মাধ্যমত লিখা এটা পোষ্ট হিংসাত্মক সংঘৰ্ষৰ সময়ত পুনৰ সামাজিক মাধ্যম যোগে প্ৰচাৰ হৈছিল ।

এই পোষ্ট লিখাৰ বাবে মাৰ্ক টি হাওকিপক ২০২২ চনৰ ২৪ মে’ত দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । বৰ্তমান তেওঁ মণিপুৰৰ কাৰাগাৰত আছে । তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা মণিপুৰ আৰু ম্যানমাৰৰ সভাপতি আছিল । তেওঁ মণিপুৰত শাসনৰ ভাৰ ল'বলৈ এগৰাকী কুকি প্ৰধান নেতা বিচাৰিবৰ বাবে আহ্বান জনাইছিল নহ'লে মণিপুৰ সুৰক্ষিত নহয় বুলি কৈছিল ।

ইয়াৰ পাচত তেওঁক মণিপুৰলৈ ঘূৰাই অনা হয় আৰু এই বিচ্ছিন্নতাবাদী সংগঠন “পিপলছ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কুকিলেণ্ড চৰকাৰ”ৰ নেতৃত্ব দিয়াৰ অপৰাধত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয় । মূলতঃ মণিপুৰ পাহাৰত অৱস্থিত জনজাতীয় সম্প্ৰদায় কুকিসকলৰ বাবে গৃহভূমি প্ৰতিষ্ঠা কৰিবলৈ ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ চলোৱাৰ অভিযোগ আছে এই মাৰ্ক টি হাওকিপৰ বিৰুদ্ধে ।

মণিপুৰত এইগৰাকী কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ২০২২ চনৰ মে’ মাহৰ পৰা পুনৰ জাতিগত উত্তেজনাৰ সৃষ্টি হৈছিল । মাৰ্ক টি হাওকিপৰ গ্ৰেপ্তাৰৰ ফলত কুকিক মেইটেইৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ থিয় কৰাইছিল । ৰাজ্য চৰকাৰৰ ফালৰ পৰা পক্ষপাতিত্বৰ অভিযোগে (মেইটেইৰ পক্ষপাতিত্ব) মেইটেই আৰু কুকি/ট্ৰাইবেলছৰ মাজত অসন্তুষ্টি বৃদ্ধি কৰি আহিছিল ।

দেখা গৈছে যে মণিপুৰত বৰ্তমান চলি থকা জাতিগত সংঘৰ্ষৰ শিপা বিভিন্ন ছ’চিয়েল মিডিয়াৰ পোষ্টৰ বাবেই হৈছে আৰু তাৰ পিছত ২০২২ চনৰ মে’ মাহত মাৰ্ক টি হাওকিপক গ্ৰেপ্তাৰ কৰা হৈছিল । বৰ্তমান সামাজিক মাধ্যমত প্ৰচাৰ হোৱা কথাষাৰ এনেধৰণৰ , "Whether Mark T Haokip told in 2021has been proved in 3rd May 2023 in Manipur ", এই বিষয়ে আৰক্ষী চোৰাংচোৱা গৃহবিভাগৰ উচ্চস্তৰৰ সংস্থাই পৰ্যালোচনা কৰি আছে ।

২০২১ চনত ৮১ জনীয়া শৰণাৰ্থীৰ এটা দলে ম্যানমাৰৰ পৰা মণিপুৰলৈ সীমান্ত পাৰ হৈ গৈছিল, ম্যানমাৰৰ সামৰিক বাহিনীৰ অভ্যুত্থানে তেওঁলোকৰ চৰকাৰখন উফৰাই দিয়াৰ পাচত নিৰাপত্তাৰ বিচাৰিছিল । কিন্তু ইয়াৰ দুবছৰ পাচত তেওঁলোক আন এক সংঘাতত আবদ্ধ হৈ পৰে । যোৱা মে’ মাহত মণিপুৰত কুকি আৰু মেইটেইৰ মাজত আৰম্ভ হয় জাতিগত হিংসা ।

আনহাতে জানুৱাৰী মাহত ১০ টা শিশুকে ধৰি ৮১ জনৰ আটাইকেইজনকে "বৈধ নথি-পত্ৰ” নথকাৰ বাবে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । কিন্তু স্থানীয় আদালতে তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী নহয়, শৰণাৰ্থী হিচাপে স্বীকৃতি দিছিল । ইয়াৰ পাচত তেওঁলোকক আইনী পদ্ধতি আৰু নথি-পত্ৰৰ ক্ষেত্ৰত সহায় লাভ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত আৰু অন্যান্য সংস্থাসমূহৰ ওচৰলৈ যোৱাৰ সুবিধা প্ৰদান কৰা হয় ।

কিন্তু এই প্ৰায় পাঁচ মাহৰ পাচতো সমগ্ৰ মণিপুৰত জনগোষ্ঠীয় হিংসা অব্যাহত থকাৰ সময়তে ইয়াৰে প্ৰায় ৫২ জন শৰণাৰ্থী ইম্ফলৰ সাজিৱা কাৰাগাৰৰ বাহিৰৰ এটা ডিটেনচন চেণ্টাৰত আছে । যোৱা ফেব্ৰুৱাৰী মাহত ইয়াৰে এজনৰ মৃত্যু হৈছিল । বাকীকেইজন ১০টা শিশুকে ধৰি প্ৰায় ২৮ জনক মুকলি কৰি দিয়া হৈছিল আৰু এতিয়া তেওঁলোক কুকি গাঁৱৰ সমীপত অস্থায়ী বাসস্থানত আছে । চৰকাৰে এনেদৰে ম্যানমাৰৰ পৰা আশ্ৰয় বিচাৰি অহা লোকক শৰণাৰ্থীৰ আশ্ৰয় প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে নিগাজীকৈ থাকিবলৈ লয় ।

পুনৰ সংস্থাপন: ১৯৬৮ চনত যেতিয়া কুকি জনগোষ্ঠীৰ লোকসকলে মণিপুৰৰ পাহাৰীয়া অঞ্চলত শৰণাৰ্থী হিচাবে আশ্ৰয় লৈছিল তেতিয়া চৰকাৰে তেওঁলোকক সংস্থাপনৰ বাবে নিৰ্দেশ জাৰি কৰিছিল । মণিপুৰৰ উপায়ুক্ত এছ চি ভিশ (S.C.VAISH ) উথৰুলৰ মহকুমা বিষয়া বীৰেন্দ্ৰ সিংহ লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ।

৮ জুন ১৯৬৮ চনত (Letter No.B-R/67/DC/874-5 ) এই পত্ৰৰ জৰিয়তে নির্দেশ দিছিল যে বাৰ্মা অৰ্থাৎ বৰ্তমানৰ ম্যানমাৰৰ পৰা অহা কুকি শৰণাৰ্থী সকলক পুনৰ সংস্থাপন দিব লাগে । কাৰণ উখৰুলৰ মহকুমা বিষয়া বীৰেন্দ্ৰ সিংহই ৬ এপ্ৰিল ১৯৬৮ চনত এই শৰণাৰ্থীৰ আশ্রয়ৰ বাবে আবেদন কৰিছিল ।

৩ মে’ত মণিপুৰৰ চুৰাচান্দপুৰত জনগোষ্ঠী ছাত্ৰ সংগঠনৰ মেইটেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু পিছলৈ এই প্ৰতিবাদী কাৰ্যসূচী হিংসাত্মক ৰূপ ধাৰণ কৰে । মণিপুৰৰ প্ৰায় ৬০,০০০ হাজাৰ লোক গৃহহীন হয় ৭১ জন লোকে প্ৰাণ হেৰুৱাই আৰু ২৩১ জন লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

মণিপুৰত এই হিংসাত্মক ঘটনাৰ প্ৰকৃত কাৰণ হ'ল মণিপুৰত মূলতঃ ৩টা প্ৰধান জনগোষ্ঠী আছে : মেইটেই, নগা আৰু কুকি । মেইটেইসকলৰ বেছিভাগেই হিন্দু । আনহাতে নাগা আৰু কুকিসকলে খ্ৰীষ্টান ধৰ্মক অনুসৰণ কৰে । বৰ্তমান মণিপুৰত চলি থকা এই হিংসা হিন্দু মেইটেইৰ বিৰুদ্ধে খ্ৰীষ্টান নগা আৰু কুকিৰ ।

পৰিসংখ্যা অনুসৰি ১৯৪৯ চনত মণিপুৰত মেইটেই জনসংখ্যা আছিল ৬৪% । অৰ্থাৎ ধৰ্মীয় জনসংখ্যা: হিন্দু - ৫০%, খ্ৰীষ্টান - ৩৫-৪০% ৷ যিহেতু অনুসূচিত জনজাতিৰ অধীনত কোনো জনগোষ্ঠীক ঘোষণাৰ বাবে ধৰ্মৰ কোনো গুৰুত্ব নাই, গতিকে অনুসূচিত জনজাতি শিতানত সংৰক্ষণ বিচাৰি মণিপুৰৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মেইটেই জনগোষ্ঠী । ফলস্বৰূপে মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইৰ সপক্ষে ৰায়দান কৰে আৰু ইয়াৰ পাচত ট্ৰাইবেল ছাত্ৰ সংগঠনে আন্দোলনত নামি পৰে ।

এই আন্দোলনে ৩ মে'ৰ নিশাৰ পৰা অগ্নিগৰ্ভা ৰূপ ধাৰণ কৰে । মুঠ ১৫৪ টা সেনাৰ পৃথক পৃথক গোট ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰে । কেন্দ্ৰীয় চৰকাৰে সংবিধাননৰ ৩৫৫ অনুচ্ছেদ ৪ মে'ৰ নিশাৰ পৰা প্ৰৱৰ্তন কৰে ।

লগতে পঢ়ক: মণিপুৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দাবীৰে ৭ গৰাকী মহিলাৰ মুণ্ডন - one year of Manipur conflicts

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.