ETV Bharat / bharat

কাৰ ভুলৰ বাবে উত্তৰ প্ৰদেশত কৰ্মৰত অৱস্থাত নিহত অসমৰ জোৱান কমল যোশী ? - নিহত অসমৰ জোৱান

Murder in Bareilly Army Camp : উত্তৰ প্ৰদেশত নিহত অসমৰ কমল যোশী ৷ বেটেলিয়নত কৰ্মৰত কমলক নিজৰ সহকৰ্মীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

Murder in Bareilly Army Camp
কনিষ্টবলক ৰাইফলেৰে গুলীয়াই হত্যা
author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 12:47 PM IST

নেশ্যনেল ডেস্ক, ২৪ জানুৱাৰী : উত্তৰ প্ৰদেশৰ বৰেলীৰ কেণ্ট থানা অন্তৰ্গত সেনা শিবিৰত এজন জোৱানে সহযোগী কনিষ্টবলক ৰাইফলেৰে গুলীয়াই হত্যা কৰে । এই ঘটনাৰ পিচতে সেনা ইউনিটৰ ভিতৰচ’ৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ইফালে এই ঘটনাৰ সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।

জানিব পৰা মতে, বৰেলীৰ কেণ্ট থানাৰ অন্তৰ্গত সেনাবাহিনীৰ ৬০৬ ইএমই বেটেলিয়নত সংঘটিত হৈছে এই কাণ্ড ৷ বেটেলিয়নত কনিষ্টবল হিচাপে কৰ্মৰত ৪০ বছৰীয়া কমল যোশীক ৰাইফলেৰে গুলীয়াই হত্যা কৰা হয় । চি অ’ চিটিয়ে জনোৱা মতে, কনিষ্টবল কমল যোশী অসমৰ বাসিন্দা আছিল ।

বিৱৰণি অনুসৰি, ছুটী অন্তত শনিবাৰে পুনৰ কৰ্মত যোগদান কৰিছিল অসমৰ কমল যোশীয়ে ৷ বেটেলিয়নৰ আন এজন কনিষ্টবল ৰাজেশ ৰত্নৰ লগত কোনো বিষয়ক লৈ কমল যোশীৰ বাক-বিতণ্ডা হয় । আনকি পৰৱৰ্তী সময়ত ৰাজেশ ৰত্নই গেটত থিয় হৈ থকা চকীদাৰৰ ৰাইফলটো কাঢ়ি লৈ কমল যোশীক গুলীয়াই হত্যা কৰে ।

ইফালে ঘটনাৰ বিষয়ে জ্ঞাত হৈ লগে লগে উক্ত স্থানৰ উপস্থিত হয় কেণ্ট আৰক্ষী থানাৰ লগতে চি অ’ থাৰ্ড অনিতা চৌহান, চি অ’ চিটি সন্দীপ সিং, এছ পি চিটি ৰাহুল ভাট্টি ৷ তাৰ পাচত আৰক্ষীয়ে কনিষ্টবল কমল যোশীৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । লগতে অভিযুক্ত কনিষ্টবল ৰাজেশক নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ।

ঘটনাৰ বিষয়ে চি অ’ চিটি সন্দীপ সিঙে কয়, ‘‘এজন জোৱানক গুলীয়াই হত্যা কৰাৰ গোচৰত পোৱা অভিযোগৰ ভিত্তিতে এক গোচৰ ৰুজু কৰি অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব । অভিযুক্তক আটক কৰি জেৰা অব্যাহত ৰখা হৈছে । অভিযুক্তৰ সোধ-পোছৰ অন্ততহে সকলো স্পষ্ট হ’ব’’ ।

লগতে পঢ়ক : জইছ আল আদল সন্ত্ৰাসবাদী গোটৰ কমাণ্ডাৰক হত্যা ইৰাণৰ সামৰিক বাহিনীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.