ETV Bharat / bharat

সমাজ বিভাজনৰ বাবে ঝাৰখণ্ডত আছে হিমন্ত বিশ্ব শৰ্মা : মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন - Jharkhand Elections 2024

author img

By ANI

Published : Aug 3, 2024, 8:23 AM IST

Assam CM Jharkhand Visit : ঝাৰখণ্ড নিৰ্বাচনত বিজেপিৰ উপ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড ভ্ৰমণ কৰে । এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী বৃহস্পতিবাৰে পাকুৰত উপস্থিত হয় আৰু 'বাংলাদেশী অনুপ্ৰৱেশকাৰী'ৰ বিৰুদ্ধে জনজাতীয় লোকৰ ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰে । আনহাতে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সমাজ বিভাজনৰ চেষ্টাৰ অভিযোগ কৰে ।

Assam CM Jharkhand Visit
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন (ANI Photo)

নিউজ ডেস্ক, ৩ আগষ্ট : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে । লগতে তেওঁ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত ঘৃণাৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷

চোৰেনে কয়, "বিজেপিৰ এনে এজন মুখ্যমন্ত্ৰী যাৰ নিজৰ ৰাজ্য বানপানীতত ডুব গৈছে আৰু নিজৰ লোকসকলক সেৱা কৰাৰ পৰিৱৰ্তে তেওঁ সমাজক বিভাজন কৰিবলৈ ঝাৰখণ্ডত আছে ৷ মই তেওঁলৈ বান সাহায্য পঠিয়াইছো ৷ কিন্তু তেওঁ ইয়াত কেৱল ঘৃণাৰ ৰাজনীতি কৰিছে ।"

মুখ্যমন্ত্ৰীক উপহাস কৰি তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগে যে তেওঁ অসমত কিমানটা বানপীড়িত অঞ্চল ভ্ৰমণ কৰিছে । "তেওঁক (অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা) সোধা উচিত যে তেওঁ কিমানখন বানপীড়িত অঞ্চল ভ্ৰমণ কৰিছে ?... তেওঁ অসমৰ সলনি ঝাৰখণ্ডৰ পৰিস্থিতিৰ বিষয়ে বেছি চিন্তিত...।" চোৰেনে কয় ।

তেওঁ লগতে কয়, "বৰ্তমান অসমত বাস কৰি থকা ঝাৰখণ্ডৰ লোকসকলক লৈও মই চিন্তিত । আনকি মই তেওঁলোকৰ বাবে বান সাহায্য পেকেজ প্ৰেৰণ কৰিছিলো । কিন্তু হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰিৱৰ্তে ঝাৰখণ্ডৰ বাবে বেছি চিন্তিত দেখা গৈছে । মই নাজানো তেওঁ ইয়াত কিয় আছে, কিন্তু এয়া বিজেপিৰ পৰম্পৰা । এইটো তেওঁলোকৰ কাৰ্যসূচী । কিন্তু আমি আমাৰ কাৰ্যসূচী মতে কাম কৰিম ।"

উল্লেখ্য যে, ঝাৰখণ্ড নিৰ্বাচনৰ বাবে বিজেপিৰ সহ-প্ৰভাৰী নিযুক্ত হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে ঝাৰখণ্ড ভ্ৰমণত কৰে । এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী বৃহস্পতিবাৰে পাকুৰত উপস্থিত হয় আৰু 'বাংলাদেশী অনুপ্ৰৱেশকাৰী'ৰ বিৰুদ্ধে জনজাতীয় লোকৰ ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰে ।

তেওঁ লগতে উল্লেখ কৰে যে যিসকল জনজাতীয় পৰিয়ালক ভূমি ঘূৰাই দিব লাগে, আদালতৰ নিৰ্দেশ সত্ত্বেও প্ৰশাসনে এইয়াৰ বিষয়ে কোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নাই । সাংবাদিকৰ সৈতে বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয়, "আজি মই পাকুৰৰ গাইবাথান গাঁও পৰিদৰ্শন কৰিছো । তাত এছ পি টি আইন আছে । সেয়েহে আদিবাসীসকলৰ ভূমি স্থানান্তৰ কৰিব নোৱাৰি । দুজন বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে তেওঁলোকৰ ভূমি দখল কৰিছিল । আদালতে নিৰ্দেশ দিছিল যে তেওঁলোক দুয়োকে আঁতৰাব লাগে আৰু আদিবাসী পৰিয়ালক তেওঁলোকৰ মাটি ঘূৰাই দিব লাগে । কিন্তু প্ৰশাসনে একো কৰা নাছিল ।"

"যেতিয়া আদিবাসী পৰিয়ালে তেওঁলোকৰ ভূমিত ঘৰ নিৰ্মাণৰ চেষ্টা কৰিছিল, তেওঁলোকক বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে আক্ৰমণ কৰিছিল । আজিও তেওঁলোকে নিজৰ মাটি ঘূৰাই পোৱা নাই । ঝাৰখণ্ডৰ আদিবাসী মুখ্যমন্ত্ৰীজনে তেওঁলোকক সহায় কৰা উচিত । অনুপ্ৰৱেশ কোনো সমস্যা নহয়, পাকুৰ, চাহিবগঞ্জৰ দৰে ঠাইত এয়া বাস্তৱ...।" তেওঁ লগতে কয় ।

"পাকুৰ আৰু সমগ্ৰ সন্তল পৰগণাৰ জনগাঁথনি সলনি হৈ আহিছে । আমাৰ দলে আদিবাসী পীড়িত পৰিয়ালক ১ লাখ টকা কৈ প্ৰদান কৰিব । যদি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী মোৰ ৰাজ্যলৈ আহিলহেঁতেন, মই তেওঁক ক'লৈকো ভ্ৰমণ কৰিবলৈ যোৱাত বাধা নিদিলোহেঁতেন । কিন্তু মোক গোপীনাথপুৰ ভ্ৰমণ নকৰিবলৈ কোৱা হৈছে । যদি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক অনুপ্ৰৱেশকাৰীৰ ভয়ত কোনো নিৰ্দিষ্ট স্থান ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া নহয়, তেন্তে আপুনি ঝাৰখণ্ডৰ পৰিস্থিতি বুজিপাব পাৰে । মই গোপীনাথপুৰলৈ জোৰকৈ যাব নিবিচাৰো । কিন্তু মই কিছুদিন পিচত পুনৰ আহিম আৰু তাৰ পিচত মই গোপীনাথপুৰ ভ্ৰমণ কৰিম ।" মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক :ৰাহুল গান্ধীৰ পৰা কি ফৰ্মূলা শিকিব ড৹ হিমন্ত বিশ্ব শৰ্মাই ? - Himanta Biswa Sarma
লগতে পঢ়ক :ৰাঁচীত বিজেপি বিধায়কৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM Jharkhand Visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.