ETV Bharat / bharat

ৰাঁচীত আঘাতপ্ৰাপ্ত আৰক্ষীৰ স্বাস্থ্য়ৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - HIMANTA BISWA SARMA

Assam CM in Ranchi : ৰাঁচীত মুখ্যমন্ত্ৰীৰ বাসভৱন অৱৰোধৰ সময়ত লাঠিচালনাত আহত সহকাৰী আৰক্ষীসকলক সাক্ষাৎ কৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ্বান জনালে অসমৰ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Assam cm met injured Policemen
আৰ আই এম এছত ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 6:27 PM IST

নেশ্য়নেল ডেস্ক ,২০ জুলাই: ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত মৰহাবাদী ময়দান আৰু মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ বাসগৃহৰ ওচৰত শুকুৰবাৰে আৰক্ষী আৰু সহায়ক আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত আহতসকলৰ অৱস্থাৰ আজি বুজ লয় অসমৰ মুখ্য়মন্ত্ৰী তথা ৰাজ্যখনত নিৰ্বাচনৰ বাবে বিজেপি দলৰ সহ-প্ৰভাৰীৰ দায়িত্বত থকা ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ আটাইকেইজন আহতৰ অৱস্থাৰ বিষয়ে সোধাপোছা কৰে আৰু চিকিৎসকক তেওঁলোকক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে । অসমৰ মুখ্য়মন্ত্ৰীগৰাকীয়ে আৰ আই এম এছত ভৰ্তি হৈ থকা আহতসকলৰ স্বাস্থ্য়ৰ অৱস্থাৰ বুজ লৈ ঝাৰখণ্ডৰ চৰকাৰক এই সমস্য়া সমাধানৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

আৰ আই এম এছত ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

হেমন্ত ছোৰেনে প্ৰতিশ্ৰুতি পূৰণ কৰা উচিত : আহত আৰক্ষী আৰু সহকাৰী আৰক্ষীসকলক সাক্ষাৎ কৰাৰ পিচত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰা উচিত । সহায়ক আৰক্ষীৰ দাবী পূৰণ কৰিব লাগে বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য় কৰি কয়, "ঝাৰখণ্ডৰ পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে একেলগে কাম কৰা আৰক্ষীসকলে নিজৰ মাজত যুঁজ দিবলগীয়া হৈছে । এয়া কোনো ৰাজ্যৰ আৰক্ষীৰ বাবে ভাল নহয় ।"

ভোট দিয়াৰ অধিকাৰ নাই : আহত আৰক্ষীসকলক সাক্ষাৎ কৰাৰ পিচত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সহায়ক আৰক্ষীসকলৰ অৱস্থা অতি বেয়া । তেওঁলোকৰ বেলট পেপাৰৰে ভোট দিয়াৰ অধিকাৰ নাই বা মৃত্যুৰ পিচত কোনো ধৰণৰ সুবিধা নাই । অসমৰ মুখ্যমন্ত্ৰীৰ মতে, ঝাৰখণ্ডৰ হেমন্ত চৰকাৰে যুঁজ দি নহয়, একেলগে বহি এই সমস্যাটো সমাধান কৰা উচিত ।

তাৎপৰ্যপূৰ্ণভাৱে, শুকুৰবাৰে আৰক্ষী আৰু সহায়ক আৰক্ষীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হৈছিল । এই ঘটনাৰ পিচত আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । এই লাঠিচালনাত কেৱল সহকাৰী আৰক্ষী আহত হোৱাই নহয়, কেইবাগৰাকী উপ-আৰক্ষী অধীক্ষকৰ লগতে উপ-পৰিদৰ্শক আৰু আৰক্ষীকৰ্মীও আহত হয় । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আঘাতপ্ৰাপ্ত ঝাৰখণ্ড আৰক্ষীৰ জোৱানসকলৰ স্বাস্থ্যৰ বিষয়েও খবৰ লয় ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা ব্যয় : এ ডি জি পি হীৰেন নাথৰ পত্ৰই জোকাৰিছে ৰাজনীতি - Assam CM Himanta Biswa Sarma

মুছলমানৰ সংখ্যা বৃদ্ধি জীৱন-মৰণৰ বিষয় : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.