ETV Bharat / bharat

ভূমিস্খলনৰ ফলত ৬ দিন ধৰি বন্ধ অৰুণাচলৰ টুটিঙৰ গেলিং সীমান্ত পথ - Landslide in Arunachal

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 12:26 PM IST

Landslide in Arunachal : ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলৰ ঘটনাই স্থবিৰ কৰি তুলিছে অৰুণাচলৰ জন-জীৱন । আনহাতে, ভূমিস্খলনৰ ফলত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথত ব্যাহত হৈছে যাতায়াত । বিগত ছয়দিন ধৰি বিঘ্নিত হৈছে সেনাবাহিনী তথা সাধাৰণ লোকৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী সৰবৰাহ ।

Landslide in Arunachal
ভূমিস্খলনে ব্যাহত কৰিছে অৰুণাচলত পথ যোগাযোগ (ETV Bharat Assam)

তেজপুৰ, ৪ জুলাই : অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত সংঘটিত হৈছে শতাধিক ভূমিস্খলনৰ ঘটনা । বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বহুতো পথত যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে । আনহাতে, যোৱা শনিবাৰৰ পৰা গেলিং সীমান্তলৈ যোৱা টুটিং ইয়িংকিয়ং সংযোগী পথ ছয় দিন ধৰি বন্ধ হৈ পৰাত যাতায়াতত ব্যাঘাত জন্মিছে । ইফালে আন দুঠাইত হোৱা ভূমিস্খলনৰ ফলতো পথ যোগাযোগ বন্ধ হৈ পৰিছে ।

ইয়িংকিয়ঙৰ পৰা পাচিঘাট সংযোগী পথত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত উক্ত পথটো যাতায়াতৰ বাবে বন্ধ হৈ আছে । স্থানীয় লোকৰ মতে, পথটোৰে কোনো ধৰণৰ যোগাযোগ সম্পৰ্ক স্থাপন কৰিব পৰা নাই । উল্লেখ্য যে টুটিং অঞ্চলৰ পৰা সীমান্তলৈ যোৱা এই পথটো যাতায়াতৰ বাবে অতি গুৰুত্বপূৰ্ণ । ফলত সুৰক্ষা বাহিনীৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈকে ৰছদ-পাতি যোগান বিগত ৬ দিন ধৰি বন্ধ হৈ আছে ।

টুটিঙৰ স্থানীয় ব্যক্তি নৰবো চেৰিঙে ইটিভি ভাৰতক জনায় যে টুটিঙৰ পৰা গেলিঙৰ অন্তিম সীমান্তলৈকে ৩৪ কিলোমিটাৰ দূৰত্বৰ এই পথটো বন্ধ হৈ থকাৰ ফলত সেনাবাহিনীৰ যান-বাহনৰ চলাচলো দেখা পোৱা নাই । আনহাতে, টুটিং অঞ্চলৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত বুধবাৰেও যথেষ্ট পৰিমাণে বৰষুণ হয় ।

ইয়াৰ উপৰি ইটানগৰৰো কেইবাটাও পথ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে । পাকে কিচাং, ছাগালী, চাঙলাং, চিয়াং, চেপা আৰু বিভিন্ন ঠাইত এতিয়া ভয়াৱহ ভূমিস্খলনৰ পিচত বৰ্তমান পথ মেৰামতিৰ কাম আৰম্ভ হৈছে । পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুঙৰ টিপিত ভয়ঙ্কৰ ভূমিস্খলনৰ ফলত বিগত তিনিদিন ধৰি বন্ধ হৈ থকা একমাত্ৰ পথটো মঙলবাৰে সীমান্ত পথ সংস্থাই মুকলি কৰে ।

ইফালে ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিল ৰাজপথত খহি পৰাৰ ফলত টাৱাঙলৈ যোৱা একমাত্ৰ পথটোও বন্ধ হৈ পৰিছিল । অৱশ্যে ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনে ৯১ আৰ চি চিৰ সহায়ত যুদ্ধকালীন ক্ষিপ্ৰতাৰে অশেষ কষ্ট কৰি এস্কেভেটৰৰ সহায়ত পথটো পুনৰ যাতায়াতৰ বাবে মুকলি কৰি দিয়ে ।

লগতে পঢ়ক :তিনিদিনৰ অন্তত মুকলি ভালুকপুং-টাৱাং সংযোগী পথ - Itanagar Flood
লগতে পঢ়ক :অৰুণাচল প্ৰদেশৰ ভিন্ন স্থানত ভয়াৱহ ভূমিস্খলন : বন্ধ হৈ পৰিছে পথ - Landslides in Arunachal Pradesh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.