ETV Bharat / bharat

অৰুণাচললৈ বিমান সেৱা বৃদ্ধিৰ বাবে অসামৰিক বিমান পৰিবহণ বিভাগলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ - Arunachal CM Pema Khandu

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 8:38 AM IST

AP CM Letter to Civil Aviation Ministry : কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুলৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পত্ৰ । পেমা খাণ্ডুৱে পত্ৰযোগে অৰুণাচললৈ বিমান সেৱা বৃদ্ধিৰ অনুৰোধ জনাইছে ।

AP CM Letter to Civil Aviation Ministry
অৰুণাচললৈ বিমান সেৱা বৃদ্ধিৰ বাবে অসামৰিক বিমান পৰিবহণ বিভাগলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

তেজপুৰ, ১৮ জুলাই : অৰুণাচলৰ ইটানগৰত অৱস্থিত ডনি পলো বিমানবন্দৰলৈ দেশৰ অন্য প্ৰান্তৰ পৰা বিমান সেৱা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৰাজ্যখনৰ নাগৰিকসকলৰ জীৱন ধাৰণৰ মান, সংযোগ, পৰ্যটন আৰু বাণিজ্যৰ উন্নতিৰ বাবে ডনি পলো বিমানবন্দৰলৈ অহা-যোৱা কৰা বিমান সেৱাৰ সংখ্যা বৃদ্ধিৰ বাবে অনুৰোধ জনাই এই পত্ৰ প্ৰেৰণ কৰিছে ।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুলৈ মঙলবাৰে এই পত্ৰখন প্ৰেৰণ কৰা হৈছে (পত্ৰ নং DO.No.CM (ARUN)-07/2024-25/16th July 2024) । পত্ৰখনত খাণ্ডুৱে উল্লেখ কৰিছে যে এতিয়ালৈকে কলকাতাৰ পৰা ডনি পলো বিমানবন্দৰলৈ সপ্তাহত 6 বাৰ আৰু দিল্লীৰ পৰা ডনি পলো বিমানবন্দৰলৈ সপ্তাহত ৪ বাৰকৈ বিমান সেৱা পৰিচালিত হৈ আছে ।

তেওঁ কয় যে এই বিমানসমূহ সম্পূৰ্ণ আসন ক্ষমতাৰে নিয়মীয়াকৈ চলি আছে । কিন্তু প্ৰায়ে যাত্ৰীসকলে টিকট নাপায় । আনহাতে, ভাড়াও যথেষ্ট বৃদ্ধি হয় । ইয়াৰ উপৰি চিকিৎসা আৰু অন্যান্য আৱশ্যকতাৰ ক্ষেত্ৰত বিমান পোৱাটো সমস্যা হয় । লগতে দৈনিক ভিত্তিক বিমান সেৱা নথকাত দৰ্শনাৰ্থী, পৰ্যটক আদিৰ ৰাজ্যখনলৈ অহা-যোৱাত বাধাৰ সৃষ্টি কৰে । যাৰ ফলত তেওঁলোকে প্ৰায়ে ভ্ৰমণৰ বাবে অন্য বিকল্পৰ সন্ধান কৰিবলৈ বাধ্য হ য়। খাণ্ডুৱে লগতে আঙুলিয়াই দিয়ে যে কলকাতা আৰু নতুন দিল্লী বিমানবন্দৰৰ পৰা মুখ্য চহৰসমূহলৈ বিমান সংযোগৰ জৰিয়তে সংযোগৰ বিকল্পও অতি দুৰ্বল ।

তেওঁ উল্লেখ কৰে যে ইটানগৰৰ পৰা ভূপাল আৰু কোচিলৈ যাত্ৰা যাবলৈ হ'লে একেটা দিনতে কোনো বিমান সংযোগ নাই । যাৰ ফলত যাত্ৰীসকলে নতুন দিল্লী বা কলকাতাত অতিৰিক্ত নিশা কটাবলগা হয় । আনহাতে, ইটানগৰৰ পৰা আহমেদাবাদলৈ যাবলৈ হ'লে 5 ঘণ্টা 25 মিনিট লাগে । ইয়াৰ বিপৰীতে আহমেদাবাদৰ পৰা ইটানগৰলৈ উভতি অহাৰ সময়ত 4 ঘণ্টা 40 মিনিট সময় লাগে । ইফালে ইটানগৰৰ পৰা বেংগালুৰুলৈ যাবলৈ হ'লে 6 ঘণ্টা লাগে ।

আনহাতে, মুখ্যমন্ত্ৰীয়ে 2023 চনৰ নৱেম্বৰৰ পৰা উড়ান আঁচনিৰ অধীনত ফ্লাইবিগৰ দ্বাৰা পৰিচালিত ইটানগৰ আৰু গুৱাহাটীৰ মাজত বিমান সেৱা বন্ধ কৰাৰ বাবেও দুখ প্ৰকাশ কৰে । তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ইটানগৰৰ পৰা নতুন দিল্লী আৰু কলকাতালৈ বিমান সেৱা বৃদ্ধি কৰিবলৈ আহ্বান জনায় । বিশেষকৈ ইটানগৰৰ পৰা নতুন দিল্লীলৈ পুৱাৰ ভাগত অতিৰিক্ত বিমান ইটানগৰৰ পৰা চলাচলৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ।

একেদৰে ইটানগৰৰ পৰা নতুন দিল্লীলৈ বিমানৰ দৈনিক পৰিচালনা, বেংগালুৰু, চেন্নাই, মুম্বাই, হায়দৰাবাদ আদিৰ দৰে অন্যান্য মুখ্য চহৰলৈ পোনপটীয়া বিমান সংযোগ, মুখ্য চহৰসমূহৰ সৈতে সংযোগৰ বাবে নতুন দিল্লী আৰু কলকাতা বিমানবন্দৰৰ পৰা সংযোগ বিকল্পৰ উন্নতি আৰু আৰচিএছ-উড়ান আঁচনিৰ অধীনত ইটানগৰ আৰু গুৱাহাটীৰ মাজত বিমান সেৱা পুনৰ স্থাপন কৰাৰ বিষয়েও তেওঁ পত্ৰখনত উল্লেখ কৰে ।

লগতে পঢ়ক :ধুতি পিন্ধি চিনেমা চাবলৈ যোৱাৰ বাবেই মলত সোমাবলৈ নিদিলে কৃষকক - Dhoti controversy
লগতে পঢ়ক :মুছলমানৰ সংখ্যা বৃদ্ধি জীৱন-মৰণৰ বিষয় : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.