ETV Bharat / bharat

মণিপুৰ আৰু চীন সীমান্তত নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা সেনাপ্ৰধান জেনেৰেল দ্বিবেদীৰ - Army Chief Gen Upendra Dwivedi

author img

By ANI

Published : Jul 13, 2024, 2:30 PM IST

Army Chief General Dwivedi NE Visit : ৩০ জুনত সেনাপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিচত এইটো হৈছে জেনেৰেল দ্বিবেদীৰ প্ৰথমটো উত্তৰ-পূব ভ্ৰমণ কাৰ্যসূচী ।

Army Chief General Dwivedi NE Visit
সেনাপ্ৰধান জেনেৰেল দ্বিবেদীৰ উত্তৰ-পূব ভ্ৰমণ (ANI Photo)

নিউজ ডেস্ক, ১৩ জুলাই : ভাৰতীয় সেনাবাহিনীৰ সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিচত প্ৰথমবাৰৰ বাবে উত্তৰ-পূব ভ্ৰমণলৈ আহিছে । তেওঁৰ এই প্ৰথম ভ্ৰমণত অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ চীন সীমান্তৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।

ডিমাপুৰৰ ৩ ক'ৰ্পছৰ মুখ্য কাৰ্যালয়কে ধৰি ইষ্টাৰ্ণ আৰ্মী কমাণ্ডৰ অধীনৰ সকলো ক'ৰ্পছলৈ তেওঁৰ এই দুদিনীয়া ভ্ৰমণসূচী আছিল । ভ্ৰমণকালত জেনেৰেল দ্বিবেদীক বিগত এটা বছৰত বৃহৎ মাত্ৰাত জাতিগত হিংসাৰ বলি হোৱা মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হয় বুলি সেনা বিষয়াসকলে এ এন আইক জনায় ।

বৃহস্পতিবাৰে ভ্ৰমণসূচী আৰম্ভ কৰা দেশৰ সেনাপ্ৰধানগৰাকীয়ে তেজপুৰস্থিত গজৰাজ ৪ ক'ৰ্পছ পৰিদৰ্শন কৰে । তাত তেওঁক চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ বৰ্তমানৰ পৰিস্থিতি আৰু তাত কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে অৱগত কৰা হয় ।

আনহাতে, তেওঁ চুকনাস্থিত ৩৩ ক'ৰ্পছৰ মুখ্য কাৰ্যালয় ভ্ৰমণৰ সময়ত ছিকিমত চলি থকা আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰে ।

উল্লেখ্য যে এই ৩ ক'ৰ্পছে অৰুণাচল প্ৰদেশৰ বাকী অঞ্চলৰ চোৱাচিতা কৰে । আনহাতে, অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰ চোৱাচিতা কৰাৰ দায়িত্বত আছে সেনাবাহিনীৰ ৪ ক'ৰ্পছ । ইফালে ছিকিম আৰু পশ্চিমবংগত যুঁজাৰু গোটৰ সৈতে ৩৩ ক'ৰ্পছে অন্যান্য দায়িত্বৰ লগতে ছিকিমত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ চোৱাচিতা কৰে ।

এই ভ্ৰমণকালত সেনাপ্ৰধানগৰাকীৰ সৈতে ইষ্টাৰ্ণ আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীয়েও সংগ দিয়ে । উল্লেখ্য, ৩০ জুনত সেনাপ্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিচত এইটো হৈছে জেনেৰেল দ্বিবেদীৰ প্ৰথমটো উত্তৰ-পূব ভ্ৰমণ কাৰ্যসূচী ।

ভাৰতীয় সেনাৰ চীফ অব আৰ্মী ষ্টাফ জেনেৰেল মনোজ পাণ্ডেয়ে সেৱাৰ পৰা অৱসৰ লোৱাৰ পিচত দেওবাৰে জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৩০ সংখ্যক চীফ অব আৰ্মী ষ্টাফৰ দায়িত্ব গ্ৰহণ কৰে ।

চীন আৰু পাকিস্তানৰ সৈতে সীমান্তত ব্যাপক অভিযানৰ অভিজ্ঞতা থকা জেনেৰেল দ্বিবেদীয়ে সেনাবাহিনীৰ ভাইচ চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । ১৯ ফেব্ৰুৱাৰীত সেনাবাহিনীৰ ভাইচ চীফ হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে জেনেৰেল দ্বিবেদীয়ে ২০২২-২০২৪ চনলৈকে উত্তৰ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

লগতে পঢ়ক :ভাৰতীয় স্থলসেনাৰ ৩০ সংখ্যক সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ - New Army Chief of India
লগতে পঢ়ক :মণিপুৰৰ শেহতীয়া হিংসা সন্দৰ্ভত ভাৰতীয় সেনা প্ৰধানলৈ পত্ৰ প্ৰেৰণ ক’ক’মিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.