নেশ্যনেল ডেস্ক, 21 জুলাই: জম্মুত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক পৰ্যালোচনা কৰাৰ পিছত শনিবাৰে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে জম্মু-কাশ্মীৰৰ লেঃ গৱৰ্ণৰ মনোজ সিনহাক আশ্বাস দিয়ে যে সশস্ত্ৰ বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহে জম্মু অঞ্চলত ক্ৰমবৰ্ধমান সন্ত্ৰাসবাদী কাৰ্যকলাপ মোকাবিলা কৰাৰ বাবে এক সহযোগিতামূলক পদ্ধতিৰে কাম কৰিব, আৰু শান্তি-শৃংখলা বজাই ৰাখিব ।
সন্ত্ৰাসবাদী কাৰ্য-কলাপ আৰু সীমা অতিক্ৰম কৰি অনুপ্ৰৱেশৰ সংখ্যা বৃদ্ধিৰ উদ্বেগ অব্যাহত থকাৰ মাজতে জম্মুত বেক টু বেক উচ্চ পৰ্যায়ৰ যৌথ নিৰাপত্তা পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰাৰ সময়তে এই আশ্বাস প্ৰদান কৰা হৈছে । ৰাজভৱন আৰু আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত বি এছ এফ, চি আৰ পি এফ, জে এণ্ড কে পুলিচৰ সঞ্চালক প্ৰধান, চোৰাংচোৱা সংস্থাৰ মুৰব্বী আৰু অন্যান্য উচ্চ নিৰাপত্তাৰক্ষী বিষয়াসকলেও অংশগ্ৰহণ কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।
![Army Chief Dwivedi assures of strategic approach to tackle terror in Jammu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-07-2024/20240721_0742361721528917729-68_2107email_1721528919_177.jpg)
জেনেৰেল দ্বিবেদীয়ে প্ৰথমে আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এঘণ্টাৰো অধিক সময় ধৰি হোৱা বৈঠকৰ সভাপতিত্ব কৰিছিল, তাৰ পিছত প্ৰায় সকলো অংশগ্ৰহণকাৰীয়ে আন এক পৰ্যায়ৰ বৈঠকৰ বাবে ৰাজভৱনলৈ গুচি যায় । সিনহাই সেনা প্ৰধান, নিৰাপত্তা আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ বিভিন্ন মুৰব্বীৰ সৈতে হোৱা উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰি জম্মু সংমণ্ডলত সমন্বিত সন্ত্ৰাসবাদ বিৰোধী অভিযান সক্ৰিয়ভাৱে চলাবলৈ কয় ।
জেনেৰেল দ্বিবেদীয়ে প্ৰথমে আৰক্ষী মুখ্য কাৰ্যালয়ত এঘণ্টাৰো অধিক সময়ৰ বৈঠকৰ সভাপতিত্ব কৰিছিল, তাৰ পিছত প্ৰায় সকলো অংশগ্ৰহণকাৰীয়ে আন এক ৰাউণ্ডৰ বৈঠকৰ বাবে ৰাজভৱনলৈ গুচি যায় যেতিয়া শ্ৰীনগৰত থকা এল জি সিনহা জম্মুলৈ উভতি আহিল ।
জম্মুত সেনাধ্যক্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত প্ৰতিৰক্ষা আৰু গৃহ মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।
এডিজিপিআইয়ে টুইটযোগে কয় যে সেনাধ্যক্ষই সিনহাক সাক্ষাৎ কৰি অঞ্চলটোত অব্যাহত নিৰাপত্তাজনিত পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে । বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰু অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰাখিবলৈ সশস্ত্ৰ বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহৰ সহযোগিতামূলক পন্থাৰ বিষয়ে আশ্বাস প্ৰদান কৰে ।