ETV Bharat / bharat

নীট বিতৰ্কৰ মাজতে এইবাৰ বাতিল UGC-NET পৰীক্ষা - NTA Cancels UGC NET - NTA CANCELS UGC NET

NTA Cancels UGC-NET : ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই বুধবাৰে UGC-NET পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰে । পৰীক্ষাৰ অখণ্ডতাৰ সৈতে আপোচ কৰাৰ প্ৰাথমিক ইংগিতৰ পিচত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য, এই পৰীক্ষাটো এদিন পূৰ্বে অনুষ্ঠিত হৈছিল ।

NTA Cancels UGC-NET
UGC-NET পৰীক্ষা বাতিল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 6:59 AM IST

নিউজ ডেস্ক, ২০ জুন : NEET-UG ৰ অনিয়মক লৈ চলি থকা বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই বুধবাৰে UGC-NET পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে । পৰীক্ষাৰ অখণ্ডতাৰ সৈতে আপোচ কৰা হৈছে বুলি প্ৰাথমিকভাৱে ইংগিত দিয়াৰ পিচত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

উল্লেখ্য, এন টি এয়ে 18 জুনত দেশৰ বিভিন্ন চহৰত দুটা শ্বিফ্টত অ' এম আৰ (লিখিত) ক্ৰমত UGC-NET জুন, 2024 পৰীক্ষা অনুষ্ঠিত কৰিছিল । কিন্তু তাৰ এদিন পিচতে বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ জি চি) গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ (I4C) ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ ভাবুকি বিশ্লেষণ গোটৰ পৰা পৰীক্ষাৰ ওপৰত কিছু তথ্য লাভ কৰে ।

লগতে পঢ়ক : ০.০০১ শতাংশ গাফিলতি হ'লেও ইয়াৰ সৈতে মোকাবিলা কৰা উচিত: উচ্চতম ন্যায়ালয় - NEET paper leak case

"এই তথ্যবোৰে প্ৰাথমিকভাৱে এইটো সূচায় যে উপৰিউক্ত পৰীক্ষাত অখণ্ডতাৰ সৈতে আপোচ কৰা হ'ব পাৰে । পৰীক্ষা প্ৰক্ৰিয়াৰ সৰ্বোচ্চ স্তৰৰ স্বচ্ছতা আৰু পৱিত্ৰতা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে সিদ্ধান্ত লৈছে যে UGC-NET জুন, 2024 পৰীক্ষা বাতিল কৰা হ'ব । ইয়াৰ পৰিৱৰ্তে এক নতুন পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু এই সম্পৰ্কীয় তথ্য পিছত প্ৰদান কৰা হ'ব । লগতে বিষয়টোৰ পুংখানুপুংখ অনুসন্ধানৰ বাবে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ক (চি বি আই) হস্তান্তৰ কৰা হৈছে ।" শিক্ষা মন্ত্ৰণালয়ৰ এক চৰকাৰী বিবৃতিত কোৱা হৈছে ।

উল্লেখ্য, UGC-NET হৈছে ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত 'সহকাৰী অধ্যাপক' পদৰ বাবে ভাৰতীয় নাগৰিকৰ যোগ্যতা নিৰ্ধাৰণ কৰাৰ লগতে 'কনিষ্ঠ গৱেষণা ফেল'শ্বিপ আৰু সহকাৰী অধ্যাপক' নিৰ্ধাৰণ কৰাৰ বাবে এক পৰীক্ষা ।

লগতে পঢ়ক : NEET বিতৰ্ক : ২৩ তাৰিখে পুনৰ পৰীক্ষা হ’ব গ্ৰেচ নম্বৰ পোৱা সকলৰ - NEET UG EXAM ROW

NEET-UG 2024 পৰীক্ষা

আনহাতে, NEET-UG 2024 পৰীক্ষা, ২০২৪ সম্পৰ্কীয় বিষয়টোত মন্ত্ৰণালয়ে কয় যে গ্ৰেছ নম্বৰ সম্পৰ্কীয় বিষয়টো ইতিমধ্যে সম্পূৰ্ণৰূপে সমাধান কৰা হৈছে । "পাটনাত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অভিযুক্ত কিছুমান অনিয়মৰ সন্দৰ্ভত বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ গোটৰ পৰা এক বিতং প্ৰতিবেদন বিচৰা হৈছে । এই প্ৰতিবেদন লাভ কৰাৰ পিচত চৰকাৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ।" ইয়াত লগতে কোৱা হৈছে ।

"পৰীক্ষাৰ পৱিত্ৰতা নিশ্চিত কৰিবলৈ আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ । এইটো পুনৰবাৰ উল্লেখ কৰা হৈছে যে এই বিষয়ত জড়িত থকা যিকোনো ব্যক্তি/সংগঠনে কঠোৰতকৈ কঠোৰ পদক্ষেপৰ সন্মুখীন হ'ব ।" শিক্ষা মন্ত্ৰণালয়ে কয় ।

লগতে পঢ়ক :২১ জুনত কংগ্ৰেছৰ দেশজোৰা NEET-UG কেলেংকাৰীৰ প্ৰতিবাদ কাৰ্যসূচী - Congress To Protest NEET UG Scam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.