ETV Bharat / bharat

প্ৰথমে মাতৃ আৰু কন্যাক হত্যা; পিচত গুলীয়াই আত্মহত্যা শিৰোমণি অকালি দলৰ নেতাৰ - Akali Leader Commits Suicide

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 6:03 PM IST

Akali Leader Commits Suicide: পাঞ্জাবৰ বৰ্ণালাত শিৰোমণি অকালি দলৰ নেতাৰ আত্মহত্যা । আত্মহত্যাৰ পূৰ্বে মাতৃ, কন্যা আৰু পোহনীয়া কুকুৰটোক নেতাজনে নিজৰ পিষ্টলেৰে গুলীয়ায় । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Akali Leader Commits Suicide
প্ৰথমে মাতৃ আৰু কন্যাক হত্যা;পিচত গুলীয়াই আত্মহত্যা শিৰোমণি অকালি দলৰ নেতাৰ (ETV Bharat)

নেশ্যনেল ডেস্ক,২৩ জুন : পাঞ্জাবৰ বৰ্ণালাত লোমহৰ্ষক ঘটনা । এটা ঘৰৰ ভিতৰত উদ্ধাৰ ৩ গৰাকী লোকৰ মৃতদেহ । বৰ্ণালাৰ লাখাৰীৱালা চকৰ সংঘেৰা ৰোডৰ সমীপৰ ৰাম ৰাজ্য কলনীৰ ৩৫৩ নম্বৰ ঘৰত উদ্ধাৰ মৃতদেহ কেইটা । মৃতকৰ ভিতৰত আছে শিৰোমণি অকালি দলৰ এজন বিশিষ্ট নেতা কুলবীৰ সিং মানৰ । মানৰ মাতৃ আৰু কন্যাৰো মৃতদেহ উদ্ধাৰ হৈছে । আৰক্ষীয়ে সন্দেহ কৰা মতে কুলবীৰ সিং মানে প্ৰথমে মাতৃ আৰু কন্যাক গুলীয়াই হত্যা কৰিছে । তাৰ পিচত আত্মহত্যা কৰিছে । আনহাতে নেতাজনে পোহনীয়া কুকুৰটোকো গুলীয়াই হত্যা কৰে । খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহকেইটা উদ্ধাৰ কৰে । আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে ।

উপ আৰক্ষী অধীক্ষক সতবীৰ সিঙে কয় যে কুলবীৰ সিঙৰ পত্নী ৰমনদীপ কৌৰে গাখীৰ আনিবলৈ বাহিৰলৈ গৈছিল । উভতি আহি তেওঁ ঘৰৰ গেটখন ভিতৰৰ পৰা বন্ধ হৈ থকা দেখিলে । তেওঁ লগে লগে কলনীৰ চকীদাৰজনক গেটখন খুলিবলৈ কয় ।

তাৰ পিচত পত্নীয়ে ঘৰত প্ৰৱেশ কৰে আৰু আচৰিত হৈ পৰে । এটা কোঠাত তেওঁৰ স্বামী কুলবীৰ সিং মানৰ আৰু কন্যাৰ মৃতদেহ পৰি আছিল । আনহাতে আন এটা কোঠাত তেওঁ শাহুয়েক আৰু পোহনীয়া কুকুৰৰ মৃতদেহ পৰি আছিল ।

আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা কুলবীৰ সিঙৰ এটা পিষ্টল উদ্ধাৰ কৰিছে । যিটো পিষ্টলেৰে কুলবীৰে ৮৫ বছৰীয়া মাতৃ আৰু কন্যা আৰু কুকুৰটোক গুলীয়াইছিল । জানিব পৰা মতে সিঙৰ কন্যা কানাডাত শিক্ষা গ্ৰহণ কৰি আছিল আৰু বন্ধত বৰ্ণালাৰ ঘৰলৈ আহিছিল ।

প্ৰাথমিক অনুসন্ধানৰ অন্তত ডিএছপি সতবীৰ সিঙে কয় যে কুলবীৰ সিং হতাশাত ভুগি আছিল আৰু তাৰ বাবে ঔষধ গ্ৰহণ কৰি আছিল । অৱশ্যে আৰক্ষীৰ লগতে ফৰেনচিকৰ দলে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে বুলি সিঙে জনাইছে । কুলবীৰৰ পত্নীৰ ভাষ্যৰ ওপৰত নিৰ্ভৰ কৰি আইপিচি ধাৰা ১৭৪-ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । এই ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

বিশেষ টোকা: যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ।

লগতে পঢ়ক :ঋণৰ বোজা সহিব নোৱাৰি নুনমাটিত আত্মহত্যা যুৱকৰ - Suicide Case In Noonmati

লগতে পঢ়ক:অস্ত্ৰোপচাৰৰ পিচতে চিকিৎসালয়ত আত্মহত্যা ৰোগীৰ ? অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা - Assam Medical College and Hospital

লগতে পঢ়ক:পৰীক্ষা দিবলৈ বুলি ওলাই যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ - Girl Committed Suicide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.