ETV Bharat / bharat

ধাৰাসাৰ বৰষুণৰ ফলত বিমান উৰণত বাধাৰ সন্মুখীন এয়াৰ ইণ্ডিয়া : ভাৰা ওভোতাই দিয়াৰ প্ৰতিশ্ৰুতি - HEAVY RAINS EFFECTED FLIGHT SERVICE - HEAVY RAINS EFFECTED FLIGHT SERVICE

Air India flight operations hit by heavy rains: ধাৰাসাৰ বৰষুণত প্ৰভাৱিত বিমান সেৱা ৷ মুম্বাইৰ বৰষুণে প্ৰভাৱিত কৰিছে বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াক ৷ বিমান বাতিলৰ লগতে যাত্ৰাৰ কাৰ্যসূচীতো সালসলনি ঘটাবলগীয়া হৈছে সংস্থাটোৱে ।

HEAVY RAINS EFFECTED FLIGHT SERVICE
মুম্বাইত ধাৰাসাৰ বৰষুণ (ANI)
author img

By ANI

Published : Jul 25, 2024, 2:54 PM IST

নেশ্যনেল ডেস্ক, 25 জুলাই: বিমান পৰিবহন খণ্ডত মুম্বাই তথা ইয়াৰ উপকণ্ঠ অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ প্ৰভাৱ ৷ যাৰ ফলত বিমান বাতিলৰ লগতে যাত্ৰাৰ কাৰ্যসূচীতো সালসলনি ঘটাবলগীয়া হৈছে । বিশেষকৈ এই সন্দৰ্ভত ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়া ৷ এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, বৃহস্পতিবাৰে ভ্ৰমণৰ বাবে টিকট বুকিং কৰা যাত্ৰীসকলৰ ভ্ৰমণৰ সূচী পুনৰ নিৰ্ধাৰণ কৰাৰ সমান্তৰালকৈ যাত্ৰীসকলক টিকটৰ মূল্য পৰিশোধ কৰাৰ কথাও ঘোষণা কৰিছে ৷

যাত্ৰীসকলৰ সুবিধা হোৱাকৈ বিমানবন্দৰত উপস্থিত হোৱাৰ পূৰ্বে বিমানৰ স্থিতি সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবে বিমান পৰিবহণ সংস্থাটোৱে এটা লিংক শ্বেয়াৰ কৰিছিল ৷ এই বিষয়ে সামাজিক মাধ্যম এক্সতো পোষ্ট আপলোড কৰিছিল সংস্থাটোৱে ৷

ধাৰাসাৰ বৰষুণৰ ফলত মুম্বাইলৈ অহা-যোৱা কৰা বিমানসমূহ প্ৰভাৱিত হ'ব পাৰে । বিমানবন্দৰ অভিমুখী যাত্ৰীসকলক ঘৰৰ পৰা সোনকালে ওলোৱাৰ পৰামৰ্শ দিয়া হৈছে ৷ কিয়নো লেহেমীয়া যান-বাহনৰ গতিৰ লগতে পানী জমা হোৱাৰ ফলত যান-জঁটৰ সমস্যা সৃষ্টি হ’ব পাৰে বুলি বৃহস্পতিবাৰে পুৱা এক পোষ্টত উল্লেখ কৰে বিমান পৰিবাহী সংস্থাটোৱে ৷

লগতে পঢ়ক: অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন; বন্ধ হৈ পৰিল পাচিঘাট-পাংগিন সংযোগী পথ - Landslide in Arunachal pradesh

দিনটোৰ আৰম্ভণিতে ধাৰাসাৰ বৰষুণৰ ফলত পানী জমা হোৱাৰ পিছত মুম্বাইৰ আন্ধেৰীৰ উপপথত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছিল । চহৰখনৰ কেইবাটাও অঞ্চল ইতিমধ্যে পানীৰ তলত বুলি জানিব পৰা গৈছে ৷

ৰাতিটোৰ ভিতৰতে হোৱা ধাৰাসাৰ বৰষুণে কিছুমান ৰাজহুৱা পৰিবহন সেৱা ব্যাহত কৰিছে, যাৰ ফলত অগণন যাত্ৰী অসুবিধাত পৰিছে । বৃহৎ মুম্বাই পৌৰ নিগমৰ মতে, "আজিৰ বতৰৰ আগজাননী অনুসৰি পুৱা ৮ বজাত চহৰ আৰু উপকণ্ঠ অঞ্চলত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷" কোনো কোনো অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ৷ মাজে মাজে 50-60 কিলোমিটাৰ প্ৰতি ঘণ্টাত ধুমুহা বতাহ বলাৰো সম্ভাৱনা দেখা গৈছে ৷

লগতে পঢ়ক: ৰাজধানী চহৰত জলপ্ৰলয়ত শিশুসহ 13 জনৰো অধিক লোকৰ মৃত্যু: 2 জুলাইলৈকে অৰেঞ্জ এলাৰ্ট - Rains havoc in Delhi

আনহাতে, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি ৰেড এলাৰ্ট জাৰি কৰিছে ৷ বুধবাৰে 26 জুলাইৰ পৰা 27 জুলাইলৈ ৰাজ্যখনত প্ৰবল বৃষ্টিপাত(115.6 ৰ পৰা 204.4 মিমি) ৰ সম্ভাৱনাৰে সতৰ্কবাণীৰ লগতে জাৰি কৰা হৈছিল অ’ৰেঞ্জ এলাৰ্ট । মহাৰাষ্ট্ৰৰ বিশেষকৈ কোংকন অঞ্চলৰ থানে, পালঘৰ, ৰায়গড়, ৰত্নগিৰি আৰু সিন্ধুদুৰ্গ জিলাৰ বাবেও জাৰি কৰা হৈছিল অ’ৰেঞ্জ এলাৰ্ট ৷

লগতে পঢ়ক: ভূমিস্খলনৰ ফলত ৬ দিন ধৰি বন্ধ অৰুণাচলৰ টুটিঙৰ গেলিং সীমান্ত পথ - Landslide in Arunachal

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.