ETV Bharat / bharat

আপৰ ৩৮ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ - DELHI ASSEMBLY ELECTION 2025

দিল্লীৰ ৭০খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আপে ৷ চতুৰ্থবাৰৰ বাবে নতুন দিল্লীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব কেজৰিৱালে ।

Delhi assembly election 2025
আপ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

নতুন দিল্লী : ৮ ফেব্ৰুৱাৰীত হ’ব দিল্লী বিধানসভা নিৰ্বাচন ২০২৫ ৷ বিজেপি, কংগ্ৰছৰ লগতে নিৰ্বাচনৰ বাবে সাজু হৈছে আপ দলো ৷ ইতিমধ্যে দিল্লী বিধানসভা নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে আম আদমী পাৰ্টী চমুকৈ আপে । ইয়াৰ সমান্তৰালকৈ দিল্লী বিধানসভাৰ ৭০খন আসনৰ বাবে আপে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ।

উল্লেখ্য যে, দেওবাৰে আম আদমি পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত এই নামসমূহ অনুমোদন জনোৱা হয় । এতিয়ালৈকে আম আদমী পাৰ্টীয়ে মুঠ ৭০খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

ইয়াৰ পিছতে বাকী ৩৮খন আসনৰ বাবে আপে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । আম আদমি পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে নিজেই X যোগে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে । এই তালিকাত অৰবিন্দ কেজৰিৱাল, মুখ্যমন্ত্ৰী আতিশী, মন্ত্ৰী সৌৰভ ভৰদ্বাজ, সোমনাথ ভাৰতী, গোপাল ৰায়, সত্যেন্দ্ৰ জৈনকে ধৰি বহু দলীয় নেতা-বিধায়কৰ নাম সন্নিবিষ্ট কৰা হৈছে ।

জানিব পৰা মতে, আম আদমী পাৰ্টীয়ে বুৰাৰীৰ পৰা সঞ্জীৱ ঝা, বদলীৰ পৰা অজেশ যাদৱ, ৰিঠালাৰ পৰা মহিন্দৰ গোৱাল, বাৱানাৰ পৰা জয় ভগৱান, চুলতানপুৰ মাজৰাৰ পৰা মুকেশ কুমাৰ আহলাৱত, নংলয় জাটৰ পৰা ৰঘুবিন্দৰ শৌকিনক, শলিমাৰ বাগৰ পৰা বন্দনা কুমাৰী, শাকুৰবস্তিৰ পৰা সত্যেন্দ্ৰ কুমাৰ জৈনক মনোনীত কৰিছে । ত্ৰিনগৰৰ পৰা প্ৰীতি তোমৰ, ৱাজিৰপুৰৰ পৰা ৰাজেশ গুপ্তা, মডেল টাউনৰ পৰা অখিলেশ পাতি ত্ৰিপাঠীক দিয়া টিকট ।

উল্লেখ্য যে, প্ৰথমতে ২১ নৱেম্বৰত আম আদমী পাৰ্টীয়ে ১১খন বিধানসভাৰ আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল । ইয়াৰ পিছতে দ্বিতীয় তালিকাত ২০ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ পায় । দুদিন পূৰ্বে আম আদমী পাৰ্টীয়ে তৃতীয়খন তালিকা প্ৰকাশ কৰি তৰুণ যাদৱক নাজাফগড়ৰ আসনৰ পৰা প্ৰাৰ্থী হিচাপে গঢ়ি তুলিছিল । গতিকে আজি (দেওবাৰ) ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত আৰু বহু নাম সহমতত উপনীত হোৱা দেখা যায় ।

লগতে পঢ়ক : সংসদত কেতিয়া উত্থাপন হ'ব এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক ?

লগতে পঢ়ক : এক ৰাষ্ট্ৰ, এক নিৰ্বাচন বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.