ETV Bharat / bharat

কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিজেপিৰ মুখ্য কাৰ্যালয়ত আপৰ প্ৰতিবাদ - AAP to Protest on BJP Headquarter

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 12:27 PM IST

AAP to Protest on BJP Headquarter : আম আদমী পাৰ্টীয়ে অভিযোগ কৰিছে যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নিজৰ ৰাজনৈতিক উদ্দেশ্যৰ বাবেই সকলো কেন্দ্ৰীয় তদন্ত সংস্থাৰ অপব্যৱহাৰ কৰি আছে । চিবিআয়ে বিগত দুবছৰ ধৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তথাকথিত সুৰা নীতি কেলংকাৰী গোচৰত অভিযুক্ত কৰা নাছিল । কিন্তু যেতিয়াই বিজেপিয়ে অনুভৱ কৰে যে অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন পাব, তেওঁলোকে চিবিআইক আগবঢ়াই দিয়ে ।

AAP to Protest on BJP Headquarter
কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৯ জুন: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অবৈধ গ্ৰেপ্তাৰৰ বিৰুদ্ধে শনিবাৰে দুপৰীয়া ১২ বজাত আম আদমী পাৰ্টীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ কৰিব । পূৰ্বঘোষিত কাৰ্যসূচী অনুসৰি, আম আদমী পাৰ্টীৰ কৰ্মীসকলে ৰাজধানী দিল্লীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে ।

একেদৰে দলীয় কৰ্মীসকলে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশকে ধৰি 22 খন ৰাজ্যৰ বিজেপি মুখ্য কাৰ্যালয়ত প্ৰতিবাদ কৰিব । দলটোৱে কয় যে, অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন পাবলৈ ওলোৱাৰ সময়তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তেওঁক চিবিআইৰ দ্বাৰা গ্ৰেপ্তাৰ কৰাইছে ।

বিজেপিয়ে আম আদমী পাৰ্টীক নিঃশেষ কৰিব বিচাৰিছে আৰু অৰবিন্দ কেজৰিৱালক নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখিব বিচাৰে । সেইকাৰণেই বিজেপিয়ে ভুৱা গোচৰ জাপি দি কেজৰিৱালক তাত জড়িত কৰিবলৈ চেষ্টা কৰি আছে ।

দলটোৱে লগতে অভিযোগ কৰে যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নিজৰ ৰাজনৈতিক উদ্দেশ্যৰ বাবেই সকলো কেন্দ্ৰীয় তদন্ত সংস্থাৰ অপব্যৱহাৰ কৰি আছে । চিবিআয়ে বিগত দুবছৰ ধৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তথাকথিত সুৰা নীতি কেলেংকাৰী গোচৰত অভিযুক্ত কৰা নাছিল । কিন্তু যেতিয়া বিজেপিয়ে অনুভৱ কৰে যে অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিব, তেওঁলোকে চিবিআইক আগবঢ়াই দিয়ে ।

তেওঁলোকৰ উদ্দেশ্য কোনো গোচৰৰ তদন্ত কৰা নহয় বা আইনৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই । বিজেপিয়ে যিকোনো প্ৰকাৰে অৰবিন্দ কেজৰিৱালক কাৰাগাৰত ৰাখিব বিচাৰে, তেওঁক নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখিব বিচাৰে আৰু আম আদমী পাৰ্টীক নিঃশেষ কৰিব বিচাৰে । সেয়ে বিজেপিয়ে নিজৰ ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰিবলৈ কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ অপব্যৱহাৰ কৰি আছে ।

আনহাতে, আপৰ সাংসদ সঞ্জয় সিঙে কয় যে বিচাৰ আদালতে সুৰা নীতি কেলেংকাৰী গোচৰত অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰিছিল । কিন্তু পিচদিনা ইডি উচ্চ ন্যায়ালয়ত উপস্থিত হয় আৰু তেওঁৰ জামিনত স্থগিতাদেশ লয় । এই গোচৰত উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ জামিনৰ ওপৰত থকা উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞা উঠাই ল'বলৈ আগবাঢ়িছিল, কিন্তু তেতিয়াই চিবিআয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ।

ইয়াৰ পূৰ্বে ২০২৩ চনৰ ১৬ এপ্ৰিলত চিবিআয়ে কেজৰিৱালক প্ৰথমবাৰৰ বাবে সাক্ষী হিচাপে সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল । কিন্তু চিবিআয়ে তেতিয়া তেওঁক অভিযুক্ত কৰা নাছিল আৰু ১৪ মাহ ধৰি চিবিআই মনে মনে আছিল । কিন্তু এতিয়া চিবিআয়ে হঠাতে ইমান দিনৰ পিচত সাৰ পাই উঠে আৰু কেজৰিৱালক গ্ৰেপ্তাৰ কৰে বুলি সঞ্জয় সিঙৰ অভিযোগ ।

লগতে পঢ়ক : গ্ৰীষ্মপ্ৰবাহৰ পিছত ৰাজধানী দিল্লীত ধাৰাসাৰ বৃষ্টিপাত: স্তব্ধ স্বাভাৱিক জনজীৱন - Heavy Rain In Delhi NCR

গ্ৰেটাৰ নয়ডাত নিৰ্মীয়মাণ ঘৰ খহি ৩ শিশুৰ মৃত্যু; আহত ৫ - GREATER NOIDA HOUSE COLLAPSED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.