ETV Bharat / bharat

অটল সংকল্প: মাতৃৰ সপোন পূৰাবলৈ এজন পুত্ৰৰ অহোপুৰুষাৰ্থৰ এক মননশীল কাহিনী - Guinness Records of World

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 2:19 PM IST

Krantis Success Story : পিতৃ-মাতৃৰ সপোন পূৰণ কৰিবলৈ সন্তানে অহোপুৰুষাৰ্থ কৰে । এই প্ৰচেষ্টাত কোনোবা যদি সফল হয়, কোনোবা আকৌ বিফল হয় । কিন্তু তাৰ মাজতো সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখে । ইয়াত এনে এজন যুৱকৰ কাহিনী উল্লেখ কৰিবলৈ যোৱা হৈছে, যিগৰাকী যুৱকে তেওঁৰ মাতৃৰ সপোনক অটল সংকল্প হিচাপে গ্ৰহণ কৰি তাক পূৰণৰ বাবে আগবাঢ়ি আছে । সেই সংকল্পৰ বাবেই তেওঁ এতিয়ালৈকে গঢ়িছে কেবাটাও বিশ্ব অভিলেখ । পঢ়ক পানীকেৰা ক্ৰান্তিৰ গিনিজ ৰেকৰ্ডলৈ যাত্ৰাৰ কাহিনী ।

Krantis Success Story
গিনিজ ৰেকৰ্ডৰ অধিকাৰী ক্ৰান্তি (ETV Bharat)

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : "এই সৰু সৰু কাম আৰু যাদু দেখুৱাই থকাটোৱে তোমাৰ বাবে পৰ্যাপ্ত নহয় । তোমাৰ প্ৰতিভাক বিশ্বৰ ওচৰত চিনাকি কৰাই দিয়া, বিশ্বৰ বুকুত নিজৰ নাম প্ৰতিষ্ঠা কৰা । তাকো মহান আৰু কিবা বিশেষ কৰ্মৰে, যাতে সকলোৰে ওচৰত মোৰ পুত্ৰ হিচাপে চিনাকি দিব পৰা ।" এয়া আছিল এগৰাকী মাতৃৰ তেওঁৰ পুত্ৰলৈ উপদেশবাণী । সেই সময়ত মাতৃয়ে মৃদুভাৱে কোৱা এই শব্দবোৰে যুৱ পানীকেৰা ক্ৰান্তিৰ মনত বাৰুকৈয়ে দোলা দিছিল । যাৰ বাবে মাতৃয়ে দেখা সপোন আৰু এই উপদেশক শিৰোধাৰ্য কৰি তেওঁ আগবাঢ়িছিল এক অটল সংকল্প লৈ ।

দৰিদ্ৰতাৰ সন্মুখীন হোৱা সত্ত্বেও, তেওঁ প্ৰতিটো সুযোগৰ সন্ধান কৰিছিল । দুঃসাহসিক আৰু ষ্টাণ্টৰ প্ৰতি আগ্ৰহেৰে তেওঁৰ শিক্ষা আগবঢ়াই নিছিল । সেইগৰাকী তেলেংগানাৰ আদ্দাগুদুৰ মণ্ডলৰ অতি দুখীয়া যুৱক ক্ৰান্তিয়ে বৰ্তমান এটা-দুটা নহয়, চাৰিটাকৈ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি বিশ্বজুৰি স্বীকৃতি আৰু খ্যাতি অৰ্জন কৰিছে । তেওঁৰ নিৰলস চেষ্টা আৰু অধ্যৱসায়ে তেওঁৰ মাতৃৰ সপোনক বাস্তৱত পৰিণত কৰিছে । তেওঁৰ এই অবিশ্বাস্য যাত্ৰাৰ বিষয়ে ইটিভি ভাৰতৰ আগত এনেদৰে ব্যক্ত কৰিছে :

"আমি এটা দৰিদ্ৰ পৰিয়াল...।"

"মোৰ মাতৃ পানীকেৰা মাল্লাম্মা আৰু পিতৃ সত্তেয়া দুয়োগৰাকী শ্ৰমিক । মোৰ জ্যেষ্ঠ ভাতৃ সূৰ্য এজন মিস্ত্ৰী । পৰিয়ালটোৰ মই আটাইতকৈ সৰু । মই যাদুবিদ্যা শিকাৰ সময়ত ইফালে সিফালে সৰু সৰু যাদুৰ কৌশল প্ৰদৰ্শন কৰিছিলোঁ । আমাৰ অলপ কৃষিভূমি আছে আৰু তাত মই মোৰ পিতৃক কৃষিকৰ্মত সহায় কৰিছিলোঁ । এদিন ৰাজপথত যাদু দেখুৱাই থাকোঁতে মায়ে মোক কৈছিল, ‘‘কেৱল ইয়াতে থমকি ৰ'ব নালাগে; বিশ্বই যাতে তোমাক চিনি পায় তাৰ লক্ষ্য বান্ধি লোৱা । মাৰ সেই শব্দকেইটাই মোক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল আৰু মই মোৰ সংকল্প গ্ৰহণ কৰোঁ ।"

নিজৰ প্ৰচেষ্টা সন্দৰ্ভত তেওঁ কয়, "বিশ্বৰ বুকুত নিজক প্ৰতিষ্ঠা কৰা আৰু স্বীকৃতি লাভৰ বাবে মই তিনি বছৰ ধৰি অক্লান্ত পৰিশ্ৰম কৰিছিলোঁ । এটা দশকৰ অনুশীলনৰ পিচত মই এতিয়া 3 শতাধিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় টিভি চেনেলত ওলাবলৈ সক্ষম হৈছোঁ । মোৰ প্ৰতিভা সকলোৱে লক্ষ্য কৰিছিল আৰু মোক গিনিজ বুক অব ৰেকৰ্ডছত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল । মোক একেলগে দহটা ৰেকৰ্ডৰ বাবে চেষ্টা কৰাৰ সুযোগ দিয়া হৈছিল । তাৰে ভিতৰত মই চাৰিটা নতুন ৰেকৰ্ড গঢ়িবলৈ সফল হৈছিলোঁ । মই এতিয়া একাধিক অভিলেখ স্থাপন কৰিবলৈ প্ৰশিক্ষণ লৈ আছোঁ আৰু মই নিশ্চিত যে মই সোনকালেই সেই লক্ষ্যত উপনীত হ'ব পাৰিম ।"

ক্ৰান্তিয়ে গঢ়া গিনিছ ৰেকৰ্ডসমূহ

  • মাত্ৰ ৬০ ছেকেণ্ডত ৭২ খন ঘূৰি থকা টেবুল ফেনৰ ভিতৰত ৫৭ খন তেওঁৰ জিভা ব্যৱহাৰ কৰি ৰখাইছিল ।
  • 37 খন দুই ফুট দীঘল চুৰি তেওঁ গিলিছিল ।
  • মাত্ৰ 16 ছেকেণ্ডত 1,944 কিলোগ্ৰাম ওজনৰ (আঠজন লোক উঠি থকা) এখন গাড়ী টানিছিল ।
  • 60 ছেকেণ্ডৰ ভিতৰত তেওঁৰ নাকত 22 টা চাৰি ইঞ্চি দীঘল লোৰ গজাল হাতুৰিৰে মাৰিছিল, কিন্তু এটোপাল তেজো ওলোৱা নাছিল । ইয়াৰ দ্বাৰা তেওঁ এক নতুন অভিলেখ স্থাপন কৰিছিল ।
  • উতলি থকা তেলৰ পৰা মাত্ৰ 60 ছেকেণ্ডত 17 টুকুৰা মুৰ্গীৰ মাংস উঠাই আনিছিল ।

লক্ষ্য যদি স্থিৰ থাকে আৰু সেই লক্ষ্যত উপনীত হ'বলৈ একাগ্ৰচিত্তে কৰা সাধনাৰ ফল যে মিঠা তাৰেই এক উদাহৰণ হৈছে ক্ৰান্তিৰ এই কাহিনী । ক্ৰান্তিৰ সফলতাৰ কাহিনী হৈছে তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু মাতৃৰ উৎসাহৰ অটল শক্তিৰ প্ৰমাণ ।

লগতে পঢ়ক :শ্বেভিং ক্ৰীম আৰু ফ'মৰ দ্বাৰা নিৰ্মাণ ৮ ফুট উচ্চতাৰ গণেশৰ মূৰ্তি - VI John Ganpati
লগতে পঢ়ক :আমি ভাৰতক সেউজ হাইড্ৰ'জেন উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰো: নৰেন্দ্ৰ মোদী - Green Hydrogen

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.