ETV Bharat / bharat

বিয়াৰ মাহ-হালধি ঘঁহা নহ’ল ! দৰাৰ দেহৰ 17 টা টুকুৰা ওলাল ভিন্ন স্থানত - Chhattisgarh crime news

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 2:19 PM IST

Korba Murder News: ঘৰত চলি আছিল বিয়াৰ আয়োজন ৷ সকলোৰে মনত আনন্দৰ জোৱাৰ ৷ কিয়নো ঘৰলৈ আহিব ন-বোৱাৰী ৷ কিন্তু...মাহ-হালধিহে সনা নহ’ল ৷ দুৰ্বৃত্তই 17 টুকুৰাকৈ কাটি ৰাজ্যৰ ভিন্ন স্থানত পেলাই দিলে যুৱকৰ দেহৰ অংশ ৷

Korba Murder News
তেজেৰে ৰাঙলী হ’ল ৱাছিম ​​আনছাৰীৰ দেহৰ 17 টা টুকুৰা (ETV Bharat)

নেশ্যনেল ডেস্ক, 12 জুলাই : ভয়াৱহ ! আপুনি বা মই কল্পনা কৰিব নোৱাৰা এটা ঘটনা ৷ বিভিন্ন বস্তা, মোনা আনকি স্কুলৰ বেগৰ ভিতৰত উদ্ধাৰ হৈছে নৰ মাংসৰ টুকুৰা ৷ আপুনি জানি আচৰিত হ’ব প্ৰকৃততে সেই মাংসৰ টুকুৰাবোৰ হৈছে একেজন মানুহৰ ৷

কোনোবাটো বেগৰ ভিতৰত যদি ওলাইছে মানুহৰ হাত, আন কোনোবাটোত আকৌ ওলাইছে ভৰি ৷ আনকি স্কুলৰ বেগৰ ভিতৰত ওলাইছে ছিন্ন মুণ্ড ৷ এই ঘটনাই তোলপাৰ লগাইছে এতিয়া ৰাজ্য ৷ ভয়ত বিতত হৈ থকা ৰাজ্যবাসীক শান্ত কৰি আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰিছে সেই মাংস তথা দেহৰ টুকুৰাবোৰ ৷

অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰে মুঠ 17 টা মাংসৰ টুকুৰা ৷ সেই দেহৰ টুকুৰবাৰোৰ একলগ কৰাৰ পাচত এটা পূৰ্ণাংগ শৰীৰলৈ ৰূপান্তৰিত হৈছে ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ক্ষত-বিক্ষত শৰীৰটো এজন যুৱকৰ ৷ যুৱকজনৰ নাম মহম্মদ ৱাছিম ​​আনছাৰী (28) ৷

লগতে পঢ়ক : স্বামীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা পত্নীৰ - Wife tries to kill husband

আমি উল্লেখ কৰা এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছে ছত্তীশগড়ত ৷ তথ্য অনুসৰি, বুধবাৰে পুৱা প্ৰায় 9:30 বজাত ছত্তীশগড়ৰ কোৰ্বাৰ পালি আৰক্ষী থানাৰ অন্তৰ্গত চৈতমাৰ গাঁৱৰ বন্ধাপাৰাৰ এটা পুখুৰীৰ পাৰত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহ স্বাভাৱিক অৱস্থাত নাছিল ৷ মৃতদেহটোক 17 টুকুৰাকৈ কাটি পেলোৱা হৈছিল । যি দৃশ্য দেখিলেই কঁপি উঠিব আপোনাৰো বুকু ।

মৃতদেহটো উদ্ধাৰ হোৱাৰ পাচতে আৰক্ষীয়ে উক্ত স্থানত চলায় অভিযান ৷ লগতে ক্ষত-বিক্ষত মৃতদেহটোৰ বাকী অংশখিনি বিচাৰি ডুবাৰুৱে এটা পুখুৰীটোত চলায় অভিযান ৷ তদন্তৰ সময়ত আৰক্ষীয়ে এখন পাছপ’ৰ্ট উদ্ধাৰ কৰে ৷ এই পাছপ’ৰ্টৰ ভিত্তিতে মৃতদেহটোৰ পৰিচয় সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰে ।

পাছপ’ৰ্টত লিখা নাম আৰু ঠিকনাৰ ভিত্তিত মৃত লোকজন ৰাঁচীৰ বাসিন্দা মহম্মদ ৱাছিম ​​আনছাৰী (28) বুলি অনুমান কৰে আৰক্ষীয়ে । অৱশ্যে পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ বৃহস্পতিবাৰে ৰাঁচীৰ কটৌলীৰ লুৱাৰ বজাৰৰ পৰা 4 জন লোকে আৰক্ষী চকীত উপস্থিত হৈ মৃতদেহটো মহম্মদ ৱাছিম ​​আনছাৰীৰ বুলি চিনাক্ত কৰে ।

লগতে পঢ়ক : শোৱাপাটীতে স্বামীক ডিঙি কাটি হত্যা : মৰিয়নীত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি - Brutal murder in Mariani

মৃতকৰ জ্যেষ্ঠ ভাতৃ মহম্মদ তহছিমে কয়, "মহম্মদ ৱাছিম ​​আনছাৰীয়ে প্ৰায় ডেৰ-দুবছৰ পূৰ্বে চৌদি আৰৱলৈ গৈছিল । কিন্তু ঘূৰি অহা সন্দৰ্ভত তেওঁ আমাক কোনো কথা জনোৱা নাছিল । কালিহে আৰক্ষীয়ে জনাইছিল যে এনে এটা ঘটনা সংঘটিত হৈছে ।"

‘‘চৌদি আৰৱত থকাৰ সময়ছোৱাত মই ভাইটিৰ লগত সঘনে কথা-বতৰা পাতিছিলো ৷ কিন্তু তেওঁ আগৰে পৰাই বহুত কম কথা কৈছিল ৷ তেওঁ যে ঘৰলৈ আহিব লৈছে সেই সন্দৰ্ভত কোনো কথা জনোৱা নাছিল ৷ কিন্তু এতিয়া এনেকুৱা এটা পৰিস্থিতিত আমাক ইয়ালৈ মতা হৈছে ! কেনেকৈ এইবোৰ সংঘটিত হ’ল, একোৱে ধৰিব পৰা নাই ৷’’ মহম্মদ তহছিমে কয় ৷

তেওঁ আৰু কয়, ‘‘মোৰ ভাইটিক কোনে আৰু কিয় মাৰিলে ? তেওঁ বহুত শান্ত আৰু সৰল মনৰ যুৱক আছিল ৷ আৰক্ষীয়ে মোক কৈছে যে ভাইটিক হত্যা কৰা এটা অভিযুক্তক আটক কৰা হৈছে আৰু আন এটা অভিযুক্তক কৰায়ত্ত কৰিবলৈ বাকী আছে ৷’’

ৱাছিম ​​আনছাৰীৰ জ্যেষ্ঠ ভাতৃয়ে উল্লেখ কৰা অনুসৰি, ঘৰত ৱাছিমৰ বিবাহৰ প্ৰস্তুতিও চলি আছিল ৷ কিন্তু হঠাৎ 17 টা টুকুৰাত উদ্ধাৰ হৈছে ৱাছিম ​​আনছাৰীৰ মৃতদেহ ৷ এই হত্যা সম্ভৱতঃ অবৈধ সম্পৰ্ক বাবেই সংঘটিত হৈছে ৷ এই বিষয়ে আৰক্ষীয়ে অনুমানহে কৰিছে ৷ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই হত্যাৰ গোচৰটোত এগৰাকী মহিলাও জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

ছত্তীশগড়ৰ কোৰ্বাৰ আৰক্ষী অধীক্ষ সিদ্ধাৰ্থ তিৱাৰীয়ে কয় যে এই হত্যাকাণ্ডৰ গোচৰৰ তদন্ত চলি আছে । ইতিমধ্য়ে মৃতদেহ চিনাক্ত কৰা হৈছে । লগতে আৰু কিছু তথ্যও লাভ কৰা হৈছে ৷ অতি শীঘ্ৰে এই বিষয়টোৰ সকলো তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : পিতৃ-সতীয়া মাতৃক হত্যাৰ বাবে চুপাৰী; নিঃশেষ হ’ল অন্য এটা পৰিয়ালহে - Murder over property dispute

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.