ETV Bharat / bharat

গোষ্ঠী হিংসাই স্পৰ্শ নকৰা মণিপুৰৰ তামেংলঙত আমূৰ ফেলকন উৎসৱ - 9TH AMUR FALCON FESTIVAL

আমূৰ ফেলকন- এক পৰিভ্ৰমী চৰাই ৷ এই চৰাইবিধৰ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰৰ তামেংলঙত আয়োজন কৰা হৈছে নৱম সংখ্যক আমূৰ ফেলকন উৎসৱ ৷

Amur falcon Bird
আমূৰ ফেলকন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 11:02 AM IST

তেজপুৰ : জীৱ-জন্তুৰ কোনো নিৰ্দিষ্ট সীমাৰেখা নাথাকে, বিশেষকৈ পক্ষীৰ ক্ষেত্ৰত ই আৰু সুকীয়া । কাৰণ পক্ষীয়ে ভ্ৰমণ কৰিব পাৰে দেশ-বিদেশৰ বিভিন্ন ঠাই । বিশেষকৈ পৰিভ্ৰমী চৰাইৰ কথাটো একেবাৰেই সুকীয়া । সেইবাবেই মণিপুৰৰ তামেংলং জিলাত বিগত ৯ বছৰ ধৰি পৰিৱেশ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি পৰিভ্ৰমী চৰাই আমূৰ ফেলকনৰ সজাগতাৰ বাবে ফেলকন উৎসৱ উদযাপন কৰি আহিছে ।

আজিৰে পৰা (বৃহস্পতিবাৰ) জিলাখনত নৱম সংখ্যক আমূৰ ফেলকন উৎসৱৰ আয়োজন কৰা হৈছে ৷ যি সময়ত মণিপুৰৰ সীমান্তৱৰ্তী ৭ খন জিলাত হিংসা হত্যা আৰু গোষ্ঠীগত সংঘৰ্ষত সাধাৰণ জনজীৱন বিপৰ্যস্ত হৈ আছে, সেই একে সময়তে এই বিষবাষ্পৰ ক'লা ধোঁৱাৰ পৰা আঁতৰত থাকি স্থানীয় ৰাইজৰ সহযোগত তামেংলং জিলাৰ জিলা প্ৰশাসন আৰু বন বিভাগ, ৰেইন ফৰেষ্ট ক্লাৱ, ডব্লিউ ডব্লিউ এফ-এ আমূৰ ফেলকনৰ সজাগতাৰ বাবে এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে এই উৎসৱ ।

Amur falcon Bird
আমূৰ ফেলকন (ETV Bharat)

তামেংলং জিলাৰ বন প্ৰাধিকাৰী কে এইচ হিটলাৰে ইটিভি ভাৰতক কয়, "জিলা প্ৰশাসন, বন বিভাগ আৰু স্থানীয় ৰাইজৰ তথা প্ৰকৃতিপ্ৰেমী সংগঠনৰ সহযোগিতাত এইবাৰো তামেংলঙত পৰিভ্ৰমী চৰাই আমূৰ ফেলকন উৎসৱৰ আয়োজন কৰা হৈছে । এই মাহত বন বিভাগৰ উচ্চ বিষয়াৰ উপস্থিতিত দুটা আমূৰ ফেলকনক ৰেডিঅ' ট্ৰান্সমিটাৰ লগোৱাৰ পাচতে চিউলুৱান২ আৰু গুয়াংগ্ৰাম মণিপুৰৰ তামেংলং জিলাৰ দুখন গুৰুত্বপূৰ্ণ গাঁৱৰ নামত মুকলি কৰা হৈছে ।’’

বন প্ৰাধিকাৰী হিটলাৰে কয়, ‘‘যোৱা ১৭ নৱেম্বৰ তাৰিখে ডেৰাডুনৰ বিজ্ঞানী এফ, ডব্লিউ আই আই ড৹ আৰ সুৰেশ কুমাৰে জনোৱা মতে, চিউলুৱান২ নামৰ ফেলকন চৰাইটোৱে সেইদিনা পুৱা প্ৰায় ১০:৩০ বজাত ভাৰতৰ পৰা আৰব সাগৰৰ ওপৰেৰে পূব আফ্ৰিকা অভিমুখে আগবাঢ়ি যায় ।’’

লগতে পঢ়ক : মানাহত তিনিগুণ বৃদ্ধি ঢেঁকীয়াপতীয়াৰ সংখ্যা

তামেংলং জিলা মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ১৩৮ কিলোমিটাৰ দূৰত্বত আৰু অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তীত অৱস্থিত । এই জিলাত বৰ্তমানলৈকে মণিপুৰৰ গোষ্ঠীগত হিংসাৰ কোনো প্ৰভাৱ পৰা নাই ৷ সকলো সম্প্ৰীতিৰ মাজেৰে বসবাস কৰি আহিছে । বৰ্তমান এই হিংসাত্মক কাৰ্য সংঘটিত হোৱা জিলাকেইখন ইম্ফল পশ্চিম, ইম্ফল পূব, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কাংপোকপি আৰু চুৰাচান্দপুৰত ।

Amur falcon Bird
আমূৰ ফেলকন (ETV Bharat)

মৰডেকাই পানমেই (Mordecai Panmei) এজন প্ৰকৃতিপ্ৰেমী তথা ৰেইন ফৰেষ্ট ক্লাৱৰ সদস্যই ইটিভি ভাৰতক কয়, "বিগত ৯ বছৰ পূৰ্বে নগা অধ্যুষিত তামেংলং জিলাত স্থানীয় ৰাইজে এই আমূৰ ফেলকন পৰিভ্ৰমী চৰাইৰ চিকাৰ কৰিছিল আৰু ইয়াৰ মাংস বজাৰত বিক্ৰী কৰিছিল । পৰৱৰ্তী সময়ত বন বিভাগ, ডব্লিউ ডব্লিউ এফৰ সহযোগিতাত স্থানীয় লোকক এই বিষয়ে সজাগতা বৃদ্ধি কৰা হয় আৰু বৰ্তমান ৰাইজ সজাগ হৈছে । এই আমূৰ ফেলকন উৎসৱৰ জৰিয়তে জনসাধাৰণৰ মাজত অধিক সজাগতা বৃদ্ধি পাইছে । সংগঠনসমূহে প্ৰাথমিক পৰ্যায়ত শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ মাজত এই বিষয়ে সজাগ কৰে আৰু ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ জেষ্ঠলোকসকলক এই বিষয়ে অৱগত কৰে ।’’ তেওঁ লগতে কয়, "চিকাৰ কৰাটো পাহাৰীয়া জনগোষ্ঠীৰ লোকৰ এক পৌৰাণিক প্ৰথা আছিল ৷ কিন্তু এতিয়া সেয়া অতীত হৈ পৰিছে ।’’

উল্লেখ্য যে, আমূৰ ফেলকন- এবিধ পৰিভ্ৰমী চৰাই ৷ সুদূৰ ছাইবেৰিয়া, মংগোলীয়া আৰু চীনৰ পূব অঞ্চলৰ পৰা দক্ষিণ আফ্ৰিকালৈ পৰিভ্ৰমণ কৰে এই আমূৰ ফেলকনে ৷ এই যাত্ৰাপথতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত জিৰণি লয় এই পৰিভ্ৰমী পক্ষীবিধে ৷

এণ্টাৰ্কটিকাক বাদ দি পৃথিৱীৰ প্ৰায় আটাইকেইখন মহাদেশতে বিয়পি আছে ফেলকন পক্ষীৰ প্ৰায় 40 টাকৈ প্ৰজাতি ৷ অক্টোবৰ মাহৰ মাজভাগৰ পৰাই আমূৰ ফেলকনৰ জাকবোৰৰ আগমন ঘটে নাগালেণ্ড, মণিপুৰৰ লগতে অসমৰো কাৰ্বি আংলং, নগাঁও আদি ভিন্ন স্থানলৈ ৷ উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় এমাহ সময় কটোৱাৰ পাচত ফেলকন চৰায়ে আৰম্ভ কৰে দক্ষিণ আফ্ৰিকামুখী যাত্ৰা ৷

পাৰ চৰাইৰ দৰেই গাৰ গঠন এই ফেলকন পক্ষীৰ ৷ গ্ৰীষ্মকালীন প্ৰজননৰ পাচত প্ৰায় ২৯ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি ভাৰতৰ ভিন্ন স্থানত প্ৰৱেশ কৰে পৰিভ্ৰমী চৰাইবিধে ৷ বিগত ২০১৯ চনত মণিপুৰৰ তামেংলং জিলাৰ বন বিভাগে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সহযোগিতাত ৰেডিঅ' কলাৰ লগাই উৰাই দিছিল ৫ টাকৈ ফেলকনক ৷ তাৰ ভিতৰত দুটা চৰাই পৰৱৰ্তী সময়ত পুনৰ আহি মণিপুৰৰ পুচিং গাঁৱত উপস্থিত হয় ৷

Amur falcon Bird
আমূৰ ফেলকন (ETV Bharat)

উল্লেখ্য যে, বন বিভাগ আৰু পক্ষী গৱেষকসকলৰ মতে, ৰেডিঅ' কলাৰে এই পক্ষীসমূহৰ গতি-বিধি লক্ষ্য কৰাৰ লগতে তেওঁলোকৰ সুৰক্ষাৰ দিশটোত যথেষ্ট গুৰুত্ব প্ৰদান কৰে ৷ জিলাখনৰ ৫ খন গাঁৱৰ নামেৰে পুচিং, ইৰাং, বাৰাক, ফালং, ছিউলং নামেৰে নামাকৰণ কৰা হৈছিল ৰেডিঅ' কলাৰ লগাই উৰুৱাই দিয়া চৰাইকেইটাক ৷

সেই সময়ত ৰেডিঅ' ট্ৰান্সমিটাৰ লগোৱাৰ পাচতে দক্ষিণ আফ্ৰিকালৈ উৰি যোৱাৰ সময়ত সংযোগ বিচ্ছিন্ন হৈ পৰিছিল দুটা ফেলকনৰ ৷ কিন্তু তাৰ মাজতে দুটাকৈ ফেলকন পুনৰ মণিপুৰলৈ ঘূৰি আহিছিল বুলি জানিব পৰা গৈছে ৷

সচৰাচৰ আমূৰ ফেলকনৰ ওজন সাধাৰণতে ১৭০ গ্ৰাম হয় যদিও উত্তৰ-পূৰ্বাঞ্চললৈ আহি দক্ষিণ আফ্ৰিকালৈ উভতি যোৱাৰ সময়ত ওজন প্ৰায় ২৭০ গ্ৰাম পর্যন্ত হয়গৈ ৷ পৰিভ্ৰমী চৰাইবিধ পূৰ্বে মণিপুৰ আৰু নাগালেণ্ডত বহু লোকৰ চিকাৰৰ বলি হৈছিল যদিও, সম্প্ৰতি ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে স্থানীয় ৰাইজৰ সহযোগত বন বিভাগে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷

তামেংলং জিলাত পুচিং গাঁৱৰ লোকে বন বিভাগৰ সহযোগিতাত সেই পৰিভ্ৰমী চৰাই যাতে চোৰাং চিকাৰী হাতত নপৰে তাৰ বাবে গাঁৱত ভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ শীতৰ আগমনৰ লগে লগে আমূৰ ফেলকনৰ উপস্থিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰৰ তালিকাখন সমৃদ্ধ কৰিছে ফলস্বৰূপে দেশী-বিদেশী পৰ্যটককো আকর্ষণ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : বন্যহস্তীৰ দেহত ৰেডিঅ' ক'লাৰ স্থাপন, জানিব পৰা যাব হাতীৰ জাকৰ গতিবিধি

লগতে পঢ়ক :প্ৰায় 9 বছৰৰ পাচত জাতিংগাত দৃশ্যমান টাইগাৰ বিটাৰ্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.