নেশ্যনেল ডেস্ক, 7 জুন: উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰাক লৈ প্ৰতিবছৰৰ দৰে এইবছৰো দেশবাসীৰ মনত ব্যাপক উছাহ পৰিলক্ষিত হৈছে । এই যাত্ৰা আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰতিদিনে 55-60 হাজাৰ ভক্তই চাৰিওখন ধাম দৰ্শন কৰিবলৈ আহিছে ।
28 দিনত মৃত্যু 86 জন ভক্তৰ
চাৰধাম যাত্ৰাৰ বাবে অহা ভক্তৰ মৃত্যুৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । ৰাজ্যিক দুৰ্যোগ অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি, যোৱা 10 মে’ত চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ পৰা বিগত 28 দিনত 86 জন ভক্তৰ মৃত্যু হৈছে । য’ত কেৱল কেদাৰনাথ ধামতে সৰ্বাধিক 42 জন ভক্তৰ মৃত্যু হৈছে ।
চাৰধাম যাত্ৰাৰ সময়ত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা মৃত্যুৰ সংখ্যা এতিয়া ৰাজ্যখনৰ চৰকাৰ আৰু প্ৰশাসনৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে ।
কেদাৰনাথ ধামত মৃতকৰ সংখ্যা সৰ্বাধিক
যমুনোত্ৰী আৰু গংগোত্ৰী ধামৰ দুৱাৰ মুকলি কৰাৰ পিছতে আৰম্ভ হয় চাৰধাম যাত্ৰা । 10 মে'ত বাবা কেদাৰনাথৰ আৰু 12 মে'ত বদ্ৰীবিশালৰ মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় । তেতিয়াৰ পৰাই ভক্তৰ মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে ।
তথ্য অনুসৰি, চাৰিটা ধামত প্ৰতিদিনে গড়ে তিনিজনকৈ ভক্তৰ মৃত্যু ঘটিছে । 6 জুনলৈকে চাৰিওটা ধামতে মুঠ 86 জন ভক্তৰ মৃত্যু হৈছে । ইয়াৰে সৰ্বাধিক 42 জন ভক্তৰ মৃত্যু হৈছে কেদাৰনাথত, 19 জনৰ যমুনোত্ৰী ধামত, 18 জন বদ্ৰীনাথ ধামত আৰু 7 জনৰ গংগোত্ৰী ধামত মৃত্যু ঘটে । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, হৃদযন্ত্ৰৰ নিস্ক্ৰিয়তাৰ বাবে আটাইকেইজন ভক্তৰে মৃত্যু ঘটে ।
ধামসমূহৰ দুৱাৰ মুকলি হোৱাৰ পিছৰে পৰা 6 জুনলৈকে চাৰিওটা ধাম দৰ্শন কৰিছে 17,76,314 জন ভক্তই । য'ত সৰ্বাধিক 6 লাখ 90 হাজাৰ 348 ভক্তই বাবা কেদাৰনাথ ধাম ভ্ৰমণ কৰিছে । 4 লাখ 21 হাজাৰ 039 ভক্তই বদ্ৰীনাথ ধাম, 3 লাখ 18 হাজাৰ 247 ভক্তই যমুনোত্ৰী ধাম আৰু 3 লাখ 07 হাজাৰ 247 ভক্তই গংগোত্ৰী ধাম পৰিদৰ্শন কৰিছে ।
কিন্তু বাৰিষা আৰম্ভ হোৱাৰ পাছত চাৰধামলৈ অহা ভক্তৰ সংখ্যা যথেষ্ট সীমিত হোৱাৰ সম্ভাৱনা আছে ৷ সেইকাৰণেই বাৰিষা আৰম্ভ হোৱাৰ আগতেই বৃহৎসংখ্যক ভক্ত দৰ্শনৰ বাবে ধামত উপস্থিত হৈছে ।
লগতে পঢ়ক: চাৰধাম যাত্ৰালৈ গৈ ১৩ দিনত ৪২ গৰাকী ভক্তৰ মৃত্যু - Devotees died in Chardham Yatra