ETV Bharat / bharat

ৰামোজী ফিল্ম চিটীত স্বাধীনতা দিৱস উদযাপন - 78th Independence Day

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 6:03 PM IST

Independence Day at Ramoji Film City : সমগ্ৰ দেশজুৰি আজি উদযাপন কৰা হয় দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস । আনহাতে, হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীতো দেশপ্ৰেমৰ উৎসাহেৰে উদ্বুদ্ধ হৈ স্বাধীনতা দিৱস উদযাপন কৰা হয় । উল্লেখ্য যে ৰামোজী ফিল্ম চিটী হৈছে বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটী ।

Independence Day at Ramoji Film City
ৰামোজী ফিল্ম চিটীত স্বাধীনতা দিৱস উদযাপন (ETV Bharat)

নিউজ ডেস্ক, ১৫ আগষ্ট : সমগ্ৰ দেশৰ লগতে হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীতে বৃহস্পতিবাৰে দেশপ্ৰেমৰ উৎসাহেৰে উদ্বুদ্ধ হৈ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । স্বাধীনতা দিৱস উপলক্ষে ঈনাডুৰ পৰিচালন সঞ্চালক চি কিৰণে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।

আনহাতে, মাৰ্গদৰ্শীৰ পৰিচালন সঞ্চালক শৈলাজা কিৰণ, আৰ এফ চিৰ পৰিচালন সঞ্চালক বিজয়েশ্বৰী, ই টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ') বাপিনিড়ু, ৰামোজী গ্ৰুপৰ মানৱ সম্পদৰ (এইচ আৰ) সভাপতি গোপাল ৰাও, ঈনাডু তেলেংগানাৰ সম্পাদক ডি এন প্ৰসাদ, আৰ এফ চিৰ সঞ্চালক শিৱৰামকৃষ্ণ, ঈনাডু, ই টিভি আৰু ই টিভি ভাৰতকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী, কৰ্মচাৰী তথা ৰামোজী গ্ৰুপৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে ৰামোজী ফিল্ম চিটী অৱসৰ বিনোদনৰ বাবে এক সপোনৰ গন্তব্যস্থান । ২০ একৰ মাটিকালিত বিস্তৃত এই সুবিশাল আৰু মনোৰম ফিল্ম চিটীখন দেশৰ লগতে এছিয়াৰ ফিল্ম নিৰ্মাতাসকলৰ বাবে এক অন্যতম চলচ্চিত্ৰ দৃশ্যগ্ৰহণ ক্ষেত্ৰ । ইয়াৰ উপৰি চলচ্চিত্ৰৰ লগত সংযোজিত বিভিন্ন বিষয়ভিত্তিক পৰ্যটন স্থানৰ বাবে পৰ্যটকৰ এক আমোদজনক গন্তব্যস্থান । ইয়াৰ একক আৰু অনন্য নিৰ্মাণশৈলীৰ বাবেও ই বিশ্বজুৰি সমাদৃত ।

আনহাতে, গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা ৰামোজী ফিল্ম চিটীক বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ চহৰ হিচাপে স্বীকৃতি দিয়া হৈছে । প্ৰতিবছৰে প্ৰায় ২০০ খন চলচ্চিত্ৰ ইউনিট ৰামোজী ফিল্ম চিটীলৈ তেওঁলোকৰ চেলুলইডৰ সপোন বাস্তৱায়িত কৰিবলৈ আহে । ইয়াৰ উপৰি প্ৰায় সকলো ভাৰতীয় ভাষাৰ ২৫০০ তকৈও অধিক চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ ইয়াৰ মনোৰম স্থানত কৰা হৈছে ।

উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তত যথেষ্ট উলহ-মালহেৰে বৃহস্পতিবাৰে দেশৰ স্বাধীনতা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে নতুন দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কেন্দ্ৰীয় স্বাধীনতা দিৱস উদযাপনৰ নেতৃত্ব দিয়ে । স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰি বিগত ১০ বছৰত তেওঁৰ চৰকাৰে কৰা কামৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদী আৰু স্বাধীনতা দিৱসৰ বিশেষ পাগুৰি - PM Modi Special Turban
লগতে পঢ়ক :স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ; লালকিল্লাত মোদীৰ ভাষণৰ শীৰ্ষ ১০ টা উদ্ধৃতি - Modis Independence Day Speech

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.