ETV Bharat / bharat

এইবাৰ বাৰাণসীৰ পৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পাঠ ল’ব গুৱাহাটী পৌৰ নিগমে - ASSAM GUWAHATI DELEGATES

লক্ষ্য- গুৱাহাটীক বেনাৰসৰ দৰে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা ৷ সেয়ে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰসহ ৭৪ জনীয়া প্ৰতিনিধি উপস্থিত বাৰাণসীত ।

Assam Guwahati Municipal Corporation
বেনাৰসত উপস্থিত গুৱাহাটী পৌৰ নিগমৰ প্ৰতিনিধি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 11:30 AM IST

Updated : Oct 25, 2024, 12:28 PM IST

বাৰাণসী : জাবৰ নিষ্কাশন সন্দৰ্ভত বেনাৰসত পৌৰ নিগমে বহু কাম কৰি আছে । ইয়াৰ উপৰিও বেনাৰসত আন বহুতো উন্নয়নমূলক কাম চলি আছে । এই বিষয়ে জানিবলৈ লগতে নিজৰ নগৰখনক উন্নত কৰিবলৈ বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াসহ সকলো বিষয়া আৰু কাউন্সিলাৰ কাশীত উপস্থিত হয় । গুৱাহাটীৰ পৰা অহা ৭৪ জনীয়া এই দলটোৱে বেনাৰস পৌৰ নিগমৰ পৰা বহু তথ্য যুগুত কৰে ।

ইয়াৰ উপৰিও গুৱাহাটী পৌৰ নিগমৰ ৭৪ জনীয়া প্ৰতিনিধিৰ সৈতে মেয়ৰ মৃগেন শৰণীয়াই বাৰাণসী ভ্ৰমণ কৰে । বৃহস্পতিবাৰে বাৰাণসী পৌৰ নিগমৰ যুটীয়া পৌৰ আয়ুক্ত কৃষ্ণ চন্দ্ৰই গুৱাহাটীৰ প্ৰতিনিধিৰ সৈতে বাৰাণসী চহৰৰ বিভিন্ন কাম-কাজ আৰু প্ৰকল্প আদিও পৰিদৰ্শন কৰে ।

Assam Guwahati Municipal Corporation
বেনাৰসত উপস্থিত গুৱাহাটী পৌৰ নিগমৰ প্ৰতিনিধি (ETV Bharat)

গুৱাহাটী পৌৰ নিগমৰ প্ৰতিনিধিসকলে প্ৰথমে গইথাহাত (Goithaha) নিৰ্মিত ১২০ এমএলডি এছটিপি পৰিদর্শন কৰে ৷ ইয়াৰ পিছতে তেওঁলোকে ৰামনাত অৱস্থিত ৱেষ্ট টু চাৰ্কোল আৰু চি এণ্ড ডি ৱেষ্ট প্লাণ্ট পৰিদৰ্শন কৰে ।

Assam Guwahati Municipal Corporation
বেনাৰসত উপস্থিত গুৱাহাটী পৌৰ নিগমৰ ৭৪ জনীয়া প্ৰতিনিধি (ETV Bharat)

প্ৰতিনিধিসকলে ছিগ্ৰাত অৱস্থিত কণ্ট্ৰল কমাণ্ড চেণ্টাৰ ত্ৰিনেত্ৰ ভৱন পৰিদৰ্শন কৰাৰ পিছতে বাৰাণসীৰ মেয়ৰ অশোক কুমাৰ তিৱাৰীয়ে পৌৰ নিগমৰ প্ৰেক্ষাগৃহত সকলো প্ৰতিনিধিক আদৰণি জনায় । ইয়াৰ পাচতে গুৱাহাটী মহানগৰীত চলি থকা উন্নয়নমূলক কামৰ বিষয়ে জনপ্ৰতিনিধি দলটোৱে PPT ৰ জৰিয়তে বাৰাণস পৌৰ নিগমৰ সদস্যসকলৰক অৱগত কৰে ।

লগতে বানাৰসত চলি থকা এছিয়াৰ সৰ্ববৃহৎ আৰু অনন্য কয়লা উৎপাদন কাৰখানা, তিতা (Wet) আৱৰ্জনাসমূহৰ জৰিয়তে কেনেকৈ বিদ্যুৎ উৎপাদন হৈছে সেই বিষয়েও গুৱাহাটীৰ এই বিশেষ দলটোক তেওঁলোকে এই সকলো তথ্য দিয়ে ৷

লগতে পঢ়ক : ৩৫ কোটি টকা ব্যয়েৰে গুৱাহাটীত জাবৰ নিষ্কাশন প্ৰকল্প - Waste disposal plant in Guwahati

Last Updated : Oct 25, 2024, 12:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.