ETV Bharat / bharat

আগৰতলা ৰে’ল ষ্টেচনত ১৬ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ - Bangladeshi nationals arrested - BANGLADESHI NATIONALS ARRESTED

Bangladeshi Intruders arrested: আগৰতলা ৰে’ল ষ্টেচনত গ্ৰেপ্তাৰ 16 বাংলাদেশী নাগৰিক ৷ ইয়াৰ ভিতৰত আছে 3 মহিলা ৷ আজি আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা ৷

16 Bangladeshi nationals arrested at Agartala Railway Station
আগৰতলা আৰক্ষীৰ জিম্মাত 16 বাংলাদেশী নাগৰিক (ANI)
author img

By ANI

Published : Aug 14, 2024, 7:01 AM IST

নিউজ ডেস্ক, 14 আগষ্ট: আগৰতলা ৰে’ল ষ্টেচনত চাঞ্চল্যকৰ ঘটনা ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 16 বাংলাদেশী নাগৰিকক ৷ ইয়াৰে ভিতৰত 13 জন পুৰুষ আৰু 3 গৰাকী মহিলা বুলি জানিব পৰা গৈছে । মঙলবাৰৰ সন্ধিয়া সংঘটিত হয় এই ঘটনাটো । অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত তথা দালালিৰ কামত নিয়োজিত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে তিনি অভিযুক্তক ৷

জানিব পৰা মতে, স্থানীয় কৰ্তৃপক্ষই অভিযুক্তক নিজৰ জিম্মাত ৰাখিছে আৰু আইনৰ বিভিন্ন ধাৰাৰ অধীনত আগৰতলা চৰকাৰী ৰে’ল আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে । ধৃত 16 ৰ দলটোক বুধবাৰে ​​আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

ধৃত বাংলাদেশী কেইজন ক্ৰমে- মিজানুৰ ৰহামান(26), চফিকুল ইছলাম (30), মোঃ আলামিন আলী(23), মৃত মিলন(38), চাহাবুল(30), ছাৰিফুল শ্বেক(30), কবিৰ শ্বেক(34), বৃন্দাবন মণ্ডল(21), আব্দুল হাকিম(25), মৃত ইদুল(27), মঃ আব্দুৰ ৰহমান(20), মঃ আয়ুব আলী(৩০) আৰু মোঃ জিয়াৰুল(20) ।

ধৃতকেইটাই সংঘটিত কৰা অবৈধ কাৰ্যকলাপৰ পৰিসৰ আৰু বহল নেটৱৰ্কৰ সৈতে যিকোনো সম্ভাৱ্য সংযোগ নিৰ্ণয় কৰিবলৈ কৰ্তৃপক্ষই অভিযুক্তক মাৰাথন জেৰা চলাইছে আৰু বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, ইযাৰ পূৰ্বে বিগত মাহৰ 27 জুলাইতো সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ 23 বাংলাদেশী নাগৰিক তথা দালালক আগৰতলা ৰে’ল ষ্টেচনত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ আগৰতলা ৰে’ল আৰক্ষীয়ে জনোৱা মতে, চাকৰিৰ সন্ধানত ভাৰতত উপস্থিত হৈছিল বাংলাদেশৰ নাগৰিককেইজন ৷ অসমৰ গুৱাহাটী হৈ অন্য ৰাজ্যলৈ যাবলৈ ৰে’লত উঠিবলৈ চেষ্টা কৰি থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্তত ভিৰ শ শ বাংলাদেশীৰ : ভাইৰেল ভিডিঅ’ই বৃদ্ধি কৰিছে আশংকা - Bangladesh crisis

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনি বাংলাদেশী যুৱতী ত্ৰিপুৰাত গ্ৰেপ্তাৰ - Bangladeshi Infiltrator

ভাৰত-বাংলাদেশ সম্পৰ্ক; নতুন দিল্লীয়ে সন্তৰ্পণে নিৰীক্ষণ কৰিব পৰিস্থিতি - Bangladesh political crisis

অশান্ত বাংলাদেশ : ভাৰত সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ হাই এলাৰ্ট জাৰি - BSF High Alert on Border

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.