ETV Bharat / bharat

৫ বছৰত ৰাজ্যত কিমানজন লোকৰ বানত মৃত্যু হৈছে ? ৰাজ্যসভাত তথ্য প্ৰদান গৃহ মন্ত্ৰণালয়ৰ - Assam Flood 2024

author img

By ANI

Published : Aug 2, 2024, 12:58 PM IST

Assam Flood Data : অসমত শেহতীয়াভাৱে কিমানজন লোকৰ বানত মৃত্যু হৈছে ? ৰাজ্যসভাত এই প্ৰশ্ন উত্থাপন কৰে টিএমচিৰ সাংসদ সুস্মিতা দেৱে । সুস্মিতা দেৱৰ এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে চলিত বছৰত বৰ্তমানলৈকে ধৰি বিগত পাঁচ বছৰত বানত হোৱা মৃত্যুৰ তথ্য উচ্চ সদনত প্ৰকাশ কৰে ।

Assam Flood Data
ৰাজ্যসভাত গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় (ANI Photo)

নিউজ ডেস্ক, ২ আগষ্ট : গৃহ মন্ত্ৰালয়ে কয় যে ২০১৯ চনৰ পৰা এই বছৰৰ ২৫ জুলাইলৈকে অসমত হোৱা প্ৰলয়ংকৰী বানত মুঠ ৮৮০ জন লোক হতাহত হোৱাৰ তথ্য পোৱা গৈছে । ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ এই প্ৰশ্নৰ উত্তৰত বৃহস্পতিবাৰে গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে ৰাজ্য চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি, ২০১৯ চনৰ পৰা চলিত বৰ্ষৰ ২৫ জুলাইলৈকে অসমত বানৰ ফলত ৮৮০ জন লোকৰ মৃত্যুৰ তথ্য লাভ কৰা হৈছে ।

"২০১৯ চনত ১৫৭ জন লোকৰ মৃত্যুৰ তথ্য পোৱা গৈছে । আনহাতে, ২০২০ চনত ১৯০; ২০২১ চনত ৭৩; ২০২২ চনত ২৭৮; ২০২৩ চনত ৬৫ আৰু এই বছৰ ২৫ জুলাইলৈকে ১১৭ জন লোকৰ মৃত্যু হৈছে ।" মন্ত্ৰীগৰাকীয়ে সংসদৰ উচ্চ সদনত কয় ৷

তেওঁ লগতে কয় যে নেচনেল ৰিম'ট ছেন্সিং চেণ্টাৰ (National Remote Sensing Centre, NRSC) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) ১৯৯৮-২০২৩ চনৰ উপগ্ৰহীয় তথ্য ব্যৱহাৰ কৰি ৰাজ্যিক পৰ্যায়ৰ বানপানীৰ বিপদাশংকা থকা অঞ্চলৰ মানচিত্ৰ প্ৰস্তুত কৰিছে ৷ ই বানপানীৰ বিপদাশংকা ব্যৱস্থাপনা, উন্নয়নমূলক পৰিকল্পনাৰ বাবে অনা-গাঁথনিগত সম্পদ হিচাপে কাম কৰে ।

"উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ (North Eastern Space Applications Centre, NESAC)/ মহাকাশ বিভাগে (Department of Space, DOS) নদী আৰু নিষ্কাশন নেটৱৰ্ক, মথাউৰিৰ অৱস্থান, নদীমুখৰ অৱস্থান, পথ/ৰে'ল নেটৱৰ্ক আদিকে ধৰি অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ভূস্থানিক ডাটাবেছেৰে গঠিত নদী মানচিত্ৰ ১:৫০০০ স্কেলত সৃষ্টি কৰিছে । এই ডাটাবেছ জলসম্পদৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ বাবে সহায়ক ।" গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় ।

"এন ই এছ এ চি আৰু মহাকাশ বিভাগে ২৭১ টা জলাশয়ো চিনাক্ত কৰিছে । ইয়াক বৰ্ষা ঋতুত ব্ৰহ্মপুত্ৰকে ধৰি অন্যান্য নদীৰ পৰা অতিৰিক্ত পানী উলিয়াই নি ৰাখিবৰ বাবে ব্যৱহাৰ কৰিব পাৰি । এন ই এছ এ চিয়ে পৰিসাংখ্যিক বৰষুণৰ পূৰ্বানুমান আৰু ভৌগোলিক তথ্য ব্যৱস্থাৰ (Geographic Information System, GIS) ক্ষেত্ৰত পদাৰ্থ বিজ্ঞান-ভিত্তিত বিতৰণ কৰা জলবিজ্ঞান আৰ্হিৰ ওপৰত ভিত্তি কৰি অসমৰ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বাবে বানপানীৰ আগতীয়া সতৰ্কতা ব্যৱস্থা (Flood Early Warning System, FLEWS) বিকশিত কৰিছে ।" তেওঁ কয় ।

ৰায়ে লগতে কয় যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক (Assam State Disaster Management Authority, ASDMA) ২৪-ৰ পৰা ৩৬ ঘণ্টাৰ মুখ্য সময়ৰ সৈতে সতৰ্কবাণী প্ৰদান কৰা হয় ।

"কেন্দ্ৰীয় জল আয়োগে (Central Water Commission, CWC) বান ব্যৱস্থাপনাৰ এক অনা-গাঁথনিগত পদক্ষেপ হিচাপে চিনাক্ত কৰা স্থানত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক বানপানীৰ পূৰ্বানুমান জাৰি কৰে । চি ডব্লিউ চিয়ে সঠিক জলাশয় নিয়ন্ত্ৰণৰ বাবে চিনাক্ত কৰা জলাশয়সমূহলৈ প্ৰবাহৰ পূৰ্বানুমানো জাৰি কৰে ।

চি ডব্লিউ চিয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (India Meteorological Department, IMD) বতৰৰ পূৰ্বানুমান সামগ্ৰী আৰু প্ৰায় বাস্তৱ-সময়ৰ উপগ্ৰহীয় বৰষুণৰ পূৰ্বানুমান ব্যৱহাৰ কৰি অৱবাহিকা-নিৰ্দিষ্ট গাণিতিক আৰ্হিৰ জৰিয়তে 7 দিনৰ পৰামৰ্শমূলক বানপানীৰ পূৰ্বানুমান প্ৰস্তুত কৰে ।

এই বানপানীৰ পৰামৰ্শবোৰ ৱেব পৰ্টেল https://aff.india-water.gov.in/home.php -ৰ জৰিয়তে অংশীদাৰসকললৈ প্ৰচাৰ কৰা হয় । ইয়াৰ উপৰি চি ডব্লিউ চিৰ বৰাক অৱবাহিকাত ৬৭ টা জলবিজ্ঞান পৰ্যবেক্ষণ স্থান আৰু ব্ৰহ্মপুত্ৰ অৱবাহিকাত ১৭৩ টা জলবিজ্ঞান পৰ্যবেক্ষণ স্থান আছে ।" তেওঁ কয় ।

গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসম চৰকাৰে জনাইছে যে জলসম্পদ বিভাগে ৰাষ্ট্ৰীয় বাঢ় আয়োগৰ (Rashtriya Barh Ayog, RBA) পৰামৰ্শ অনুসৰি বানপানী আৰু নদীৰ গৰাখহনীয়া ব্যৱস্থাপনা আঁচনি ৰূপায়ণ কৰি আহিছে ।

"বিভাগটোৱে ৰাজ্যখনত বানপানী আৰু খহনীয়াৰ চিৰস্থায়ী সমস্যাৰ হ্ৰস্ব আৰু মধ্যম্যাদী সমাধান ব্যৱস্থা ৰূপায়ণ কৰি আহিছে । অসম চৰকাৰৰ জলসম্পদ বিভাগে ২০২৩-২৪ বৰ্ষলৈকে ১৬.৫০ লাখ হেক্টৰ বানপীড়িত ভূমি সুৰক্ষিত কৰিছে, ৪৫৩২ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছে, ১২৮০ টা খহনীয়াবিৰোধী আৰু নগৰ সুৰক্ষাৰ কাম, ১২২ টা মুখ্য শ্লুইচ গে'ট আৰু ৫৪৫ টা সৰু শ্লুইচ গে'ট আৰু ১০৪৭.৮৫ কিলোমিটাৰ বৰ্তমানৰ মথাউৰি বৃদ্ধি আৰু শক্তিশালী কৰিছে ।" মন্ত্ৰীগৰাকীয়ে কয় ।

আনহাতে, কেন্দ্ৰই ২০১৯-২০ বৰ্ষত এছ ডি আৰ এফৰ কেন্দ্ৰৰ অংশৰ অধীনত অসমলৈ ৫০৩.১০ কোটি টকা, ২০২০-২১ বৰ্ষত ৬১৭.৬০ কোটি টকা মুকলি কৰিছে । ইয়াৰ উপৰি ২০২১-২২ বৰ্ষত ৬১৭.৬০ কোটি টকা; ২০২২-২৩ বৰ্ষত ৬৪৮.৮০ কোটি টকা; ২০২৩-২৪ বৰ্ষত ৬৮০.৮০ কোটি টকা আগবঢ়াইছে ।

কেন্দ্ৰই ২০২০-২১ বৰ্ষত এন ডি আৰ এফৰ পৰা অসমলৈ ৪৪.৩৭ কোটি টকা; ২০২২-২৩ বৰ্ষত ২৫০ কোটি টকা মুকলি কৰিছে; ২০২০-২১ বৰ্ষত কেন্দ্ৰৰ এছ ডি এম এফৰ অংশৰ অধীনত ১৫৪.৪০ কোটি টকা; ২০২১-২২ বৰ্ষত ১৫৪.৪০ কোটি টকা আৰু ২০২৩-২৪ বৰ্ষত ১৬২.২০ কোটি টকা মুকলি কৰি দিছে ।

লগতে পঢ়ক :অসম-ছিকিমৰ বানৰ বাবে বাজেটত ধাৰ্য ১১ হাজাৰ কোটি টকা : সিন্ধিয়া - JYOTIRADITYA SCINDIA IN GUWAHATI
লগতে পঢ়ক :ৱায়নাড়ৰ ভূমিস্খলন : সম্ভাৱ্য কাৰণ কি হ'ব পাৰে ? - Wayanad Tragedy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.