ETV Bharat / bharat

চাৰধাম যাত্ৰাত ১০০ গৰাকী ভক্তৰ মৃত্যু; কেদাৰনাথত মৃত্য়ুৰ সংখ্যা সৰ্বাধিক - Chardham Yatra 2024

Death toll of devotees in Chardham Yatra: চাৰধাম যাত্ৰাৰ সময়ত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । এই পৰ্যন্ত চাৰধাম যাত্ৰাৰ সময়ত মৃত্যু হোৱা লোকৰ সংখ্য়া হৈছেগৈ ১০০ জন । ইয়াৰ ভিতৰত সৰ্বাধিক মৃত্যু হৈছে কেদাৰনাথ ধামত ।

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 10:16 PM IST

Death toll of devotees in Chardham Yatra
CHARDHAM YATRA 2024 (ETV Bharat)

নিউজ ডেস্ক, ৯ জুন: উত্তৰাখণ্ডত পূৰ্ণগতিত চলি আছে চাৰধাম যাত্ৰা । বাৰিষা আৰম্ভ হোৱাৰ আগতেই বাবাক দৰ্শন কৰিবলৈ বৃহৎ সংখ্যক ভক্ত ধামত উপস্থিত হৈছে । সাম্প্ৰতিক পৰিস্থিতিত প্ৰতিদিনে প্ৰায় ৬০ হাজাৰ ভক্তই চাৰিটা ধাম ভ্ৰমণ কৰি আছে । ইফালে চাৰধামত মৃত্যু হোৱা লোকৰ সংখ্যাও ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।

এই চাৰধাম যাত্ৰাৰ সময়ত ভক্তৰ মৃত্যুৰ সংখ্যাই ১০০ জন অতিক্ৰম কৰিছে । কেদাৰনাথ ধামত এতিয়ালৈকে সৰ্বাধিক ৪৯ গৰাকী ভক্তৰ মৃত্যু হৈছে । ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা মৃত্যুৰ সংখ্যাই প্ৰশাসন ব্যৱস্থাৰ প্ৰত্যাহ্বান আৰু অধিক বৃদ্ধি কৰিছে ।

উত্তৰাখণ্ড চাৰধাম যাত্ৰাৰ সময়ত এতিয়ালৈকে ১৯,১০,৯১৯ জন ভক্তই বাবাৰ ধাম ভ্ৰমণ কৰিছে । ইয়াৰে ৭,৪৮,৩৪৮ জন ভক্তই কেদাৰনাথ ধাম, ৪,৭২,০৬৫ জন ভক্তই বদ্ৰীনাথ ধাম, ৩,৪৬,৫৪৫ জন ভক্তই যমুনোত্ৰী ধাম আৰু ৩,৩৯,৮৯২ জন ভক্তই গংগোত্ৰী ধাম ভ্ৰমণ কৰিছে ।

লগতে পঢ়ক: উত্তৰাখণ্ডত মৃত্যুৰ কিৰিলি : বিগত 28 দিনত 86 গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু - UTTARAKHAND CHARDHAM YATRA 2024

এনে পৰিস্থিতিত ২০ জুনৰ পৰা বাৰিষা আৰম্ভ হোৱাৰ পিচত যাত্ৰাৰ বাবে অহা ভক্তৰ সংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । এই কাৰণেই বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বে ধৰ্মীয় স্থানত ভক্তৰ বিপুল ভিৰ দেখা গৈছে ।

চাৰধাম যাত্ৰাৰ বাবে অহা ভক্তৰ ক্ৰমবৰ্ধমান ভিৰৰ মাজতে ভক্তৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে । সাম্প্ৰতিক পৰিস্থিতি হ’ল ১০ মে’ৰ পৰা চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ পিচত ৯ জুনলৈকে অৰ্থাৎ এমাহৰ ভিতৰত ১০০ জন ভক্তৰ মৃত্যু হৈছে ।

ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি যোৱা এমাহত চাৰিটা ধামত ১০০জন ভক্তৰ মৃত্যু হৈছে । ইয়াৰে কেদাৰনাথ ধামত ৪৯ জন, বদ্ৰীনাথ ধামত ২২ জন, যমুনোত্ৰী ধামত ২২ জন আৰু গংগোত্ৰী ধামত ৭ জন ভক্তৰ মৃত্যু হৈছে । এই সকলোবোৰ ভক্তৰ মৃত্যু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবেই হৈছে ।

লগতে পঢ়ক: এটা হোৱাটছএপ মেছেজ; যুদ্ধংদেহী ৰূপত সহস্ত্ৰতালত উদ্ধাৰ অভিযান - Sahastra Tal Trek Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.