অসম

assam

Road Accident: খাৱৈত বাগৰিল সেনা চাউনীলৈ কল অনা বাহন

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 3:53 PM IST

খাৱৈত বাগৰিল সেনা চাউনীলৈ কল অনা বাহন

মৰাণ, 15 ছেপ্টেম্বৰ :  ডিব্ৰুগড়ৰ চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ চাবুৱাৰ দংগৰচুক গাঁৱৰ সমীপত নতুনকৈ নিৰ্মাণ কৰা চাৰিলেনত পথত এখন কল ভৰ্তি বাহন খাৱৈত বাগৰি পৰে ৷ তেজপুৰৰ পৰা দিনজান সেনা চাউনীলৈ গৈ থকা বাহনখনত সেনাৰ বাবে কল নিয়া হৈছিল বুলি জানিব পৰা গৈছে । সেনা চাউনীলৈ প্ৰায় কেই কিলোমিটাৰ মান থকাৰ পথতে AS-12-CC-1844 নম্বৰৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। 

এই পথ দুৰ্ঘটনাত বাহনখনৰ চালক আৰু হেণ্ডিমেনগৰাকী আহত হোৱা বুলি জানিব পৰা গৈছে । দুৰ্গাঁঘটনাৰ ঘটনা দেখি লগে লগে দংগৰচুকৰ ৰাইজে ততাতৈয়াকৈ আঘাতপ্ৰাপ্তক দুজনক উদ্ধাৰ কৰি চাবুৱাৰ মডেল হাস্পতাললৈ‌ প্ৰেৰণ কৰিছে। বাহনখনত থকা এজন সহযোগীয়ে জানিবলৈ দিয়া অনুসৰি চালকজন টোপনি যোৱাৰ বাবে এই ঘটনা সংঘটিত হ'ল ।

লগতে পঢ়ক:Brutal murder Morigaon: পৰকীয়া প্ৰেমৰ বাটত বাধা আছিল স্বামী; প্ৰেমিকৰে মিলি আঁতৰালে বাধা !

ABOUT THE AUTHOR

...view details