অসম

assam

Crackdown Against Child Marriage: বিশ্বনাথত বাল্যবিবাহৰ লগত জড়িত ১৩৯ জনক গ্ৰেপ্তাৰ

By

Published : Feb 4, 2023, 9:43 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

বিশ্বনাথত বাল্যবিবাহৰ লগত জড়িত ১৩৯ জনক গ্ৰেপ্তাৰ

বিশ্বনাথ/বিহালী, ৪ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পাছতেই বাল্যবিবাহৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী । বাল্যবিবাহৰ লগত জড়িত ব্যক্তিক বিচাৰি ৰাজ্যজুৰি অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু এতিয়ালৈ প্ৰায় দুই সহস্ৰাধিক লোকক আটক কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ বিশ্বনাথ জিলাতো  ১৩৯ জন বাল্য বিবাহৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰে বিশ্বনাথ জিলা আৰক্ষীয়ে(Operation against child marriage in Assam) ।

বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিঙে(Biswanath SP Navin Singh) আজি এক সংবাদমেল আয়োজন কৰি জিলাখনত আৰক্ষীৰ অভিযানৰ বিষয়ে জানিবলৈ দিয়ে ৷ বিশ্বনাথৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি, বৃহস্পতিবাৰে নিশা বিশ্বনাথ আৰক্ষী জিলাৰ অন্তৰ্গত চতিয়া, বিশ্বনাথ, জিনজিয়া, বিহালী, হেলেম আৰু গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলে নিজ নিজ এলেকাত অভিযান চলায় । এই অভিযানৰ নেতৃত্ব বহন কৰে বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই ।

বিশ্বনাথ আৰক্ষী জিলাত থকা মুঠ ৯৭ টা গোচৰৰ ভিত্তিত চলোৱা এই অভিযানকালত চতিয়া আৰক্ষী থানাত ২৩ জন, বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ২৪ জন, জিনজিয়া আৰক্ষী থানাত ২০ জন, বিহালী আৰক্ষী থানাত ৩০ জন, হেলেম আৰক্ষী থানাত ৯ জন আৰু গহপুৰ আৰক্ষী থানাত ৩৩ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে ধৃত লোকসকলৰ ভিতৰত দুজনকৈ কাজি আছে বুলিও জানিবলৈ দিয়ে(Operation against child marriage in Biswanath) ।

ইফালে বিহালীত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে বাল্যবিবাহৰ লগত জড়িত ব্যক্তিসকলক আটক কৰাক লৈ উত্তাল হৈ পৰে বিহালী আৰক্ষী থানা ৷ বিহালী থানাৰ সন্মুখত আজি পুৱাৰে পৰা তেওঁলোকৰ পত্নী-মাতৃ তথা পৰিয়ালৰ লোকৰ কান্দোনৰ ৰোল উঠে ৷ স্বামী তথা আত্মীয়ৰ মুক্তিৰ দাবীত তেওঁলোকৰ পত্নী তথা আত্মীয় মহিলাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

লগতে পঢ়ক:AIUDF PC regarding child marriage: আইন-আদালত নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰিছে মুখ্যমন্ত্রীয়ে: এ আই ইউ ডি এফ

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

...view details