মাজুলীৰ ৰক্ষাকৱচ হালধিবাৰী বেচামৰা মথাউৰিলৈ ভাবুকি - ASSAM FLOOD 2024

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 4:59 PM IST

thumbnail
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াইছে (ETV BHARAT ASSAM)

মাজুলী, ৩০ জুন: আহাৰৰ বানত বুৰ গৈছে মাজুলীৰ নৈপৰীয়া প্ৰায়ভাগ গাঁও । এই গাঁওসমূহৰ প্ৰায়ভাগ লোকৰ ঘৰৰ ভিতৰত একঁকাল-এবুকু পৰ্যন্ত পানী হৈছে । ইয়াৰ মাজতেই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াইছে মাজুলীৰ ৰক্ষাকৱচ হিচাপে পৰিচিত হালধিবাৰী বেচামৰা মথাউৰিলৈ । যিকোনো সময়তে হালধিবাৰী বেচামৰা মথাউৰিৰ বাবে সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতিৰ । যিমানেই পানী বাঢ়িছে সিমানেই আশংকা বাঢ়িছে এই হালধিবাৰী বেচামৰা মথাউৰিলৈ ।

জলসম্পদ আৰু লোক নিৰ্মাণ বিভাগৰ অৰিয়া-অৰিৰ বাবে যিকোনো মুহুৰ্তত বিপদৰ সন্মুখীন হ'ব মাজুলীবাসী । মথাউৰিটোৰ বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে খহাই পেলাইছে । এনে প্ৰত্যাহ্বান অহাৰ সময়তেই মাটি পেলাই দায়িত্ব সামৰিছে জলসম্পদ বিভাগে । বাতৰি সংগ্ৰহ কৰা সময়লৈকে দেখা দেখি নাই উচ্চপদস্থ বিষয়াৰ ।

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.