অসম

assam

Deer Rescued at Kaliabor: কলিয়াবৰত উদ্ধাৰ পহু পোৱালী

By

Published : Jan 3, 2023, 2:29 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

কলিয়াবৰৰ নলতলি গাঁৱত উদ্ধাৰ হৈছে এটা পহু পোৱালী । পথাৰত গৰু এৰাল দিবলৈ গৈ স্থানীয় এজন লোকে উদ্ধাৰ কৰে পহু পোৱালীটো (Deer Rescued at Kaliabor)। নলতলি গাঁৱৰ ধনেশ্বৰ ভূঞা আৰু তেওঁৰ পুত্ৰ জ্যোতিস্মান ভূঞাই উদ্ধাৰ কৰে মাকৰ পৰা বিচিন্ন হোৱা এই পোৱালীটো । পিছত পহুটো বন বিভাগক গতাই দিয়ে প্ৰকৃতিপ্ৰেমী পিতা-পুত্ৰই । ইপিনে ,যোৱা ১০ ডিচেম্বৰতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park)পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা পহু কলিয়াবৰ মহকুমাৰ কুঠৰীৰ ৰজা আলী গাঁৱত গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰে ৷ খাদ্যৰ সন্ধানত ওলাই অহা পহুটো এজন ব্যক্তিৰ পুখুৰীত পৰাত গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক গতাই দিয়ে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details