অসম

assam

নলবাৰীৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত গুণ্ডাৰাজ: লাইচেঞ্চ বনাবলৈ আহি প্ৰহৃত যুৱক

By

Published : Nov 15, 2019, 11:52 PM IST

নলবাৰী সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷ শুকুৰবাৰে ঘটনাৰ উচিত তদন্ত বিচাৰি যুৱকজনৰ গাঁৱৰ সহস্ৰাধিক মহিলাই উত্তপ্ত কৰি তুলিলে নলবাৰীৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় ৷

নলবাৰীৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত গুণ্ডাৰাজ: লাইচেঞ্চ বনাবলৈ আহি প্ৰহৃত যুৱক

নলবাৰী, 15 নৱেম্বৰ: ব্যাপক অনিয়মৰ মাজেৰে চলিছে নলবাৰী জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় ৷ এতিয়া গুণ্ডাৰাজ আৰু দালালৰ প্ৰকোপত সাধাৰণ মানুহে জীয়াতু ভুগিব লগা হৈছে জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত ৷ বৃহস্পতিবাৰে লাইচেঞ্চ বনাবলৈ অহা এজন যুৱকক দালালে এম ভি আইৰ কাৰ্যালয়তে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় কাৰ্যালয়টোত ৷ ঘটনা অনুসৰি, খোদ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ গৃহ জিলাৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ত লাইচেঞ্চ বনাবলৈ আহিছিল নাপ্তিপাৰা গাঁৱৰ ৰুবুল তালুকদাৰ নামৰ এজন যুৱক ৷ ইয়াৰ পাছতে লাইচেঞ্চ বিচাৰি তেওঁ এম ভি আইৰ কাৰ্যালয়লৈ যায় কিন্তু তাত থকা দালালে তেওঁক বেয়াকৈ প্ৰহাৰ কৰে ৷ যাৰ ফলত সংকটজনক অৱস্থাত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিব লগা হয় ৷ কিন্তু সৌভাগ্যক্ৰমে চিচি টিভি কেমেৰাত আৱদ্ধ হল এই সমগ্ৰ মাৰপিটৰ দৃশ্য ৷ ইফালে ঘটনা সন্দৰ্ভত, নলবাৰী সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷ শুকুৰবাৰে ঘটনাৰ উচিত তদন্ত বিচাৰি যুৱকজনৰ গাঁৱৰ সহস্ৰাধিক মহিলাই উত্তপ্ত কৰি তুলিলে নলবাৰীৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় ৷

কিন্তু দালালৰ হাতত যুৱকজন কিয় প্ৰহৃত হ'ব লগা হ'ল সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

চিচি টিভি কেমেৰাত আবদ্ধ হল সমগ্ৰ মাৰপিটৰ দৃশ্য

আৰু পঢ়ক: ৰাসৰ মাজতে পাঠশালাত টীম প্ৰতিঘাতৰ প্ৰচাৰ অভিযান

ABOUT THE AUTHOR

...view details