ETV Bharat / state

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পাচতে পুনৰ আন্দোলনৰ হুংকাৰ মৰাণ ছাত্ৰ সন্থাৰ - Moran tribal organisations protest

Protest demanding tribalization : মুকলি আকাশৰ তললৈ আহিয়েই পুনৰ চৰকাৰলৈ সকীয়নি মৰাণ ছাত্ৰ সন্থাৰ ৷ জনজাতিকৰণ প্ৰদান নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি স্পষ্ট ঘোষণা ৷

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 7:26 AM IST

Protesters released from jail after being detained by tinsukia police, Moran Students Union threatened to continue their agitation
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পাচতে পুনৰ আন্দোলনৰ হুংকাৰ মৰাণ ছাত্ৰ সন্থাৰ (ETV Bharat Assam)

তিনিচুকীয়া, 6 জুলাই: মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত কেবাটাও মৰাণ জনগোষ্ঠীয় সংগঠনে তিনিচুকীয়াত শুকুৰবাৰে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ ইয়াৰ পাচতে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰিছিল আৰু কিছু সময়ৰ পাচতে তিনিচুকীয়া আৰক্ষীয়ে মুকলি কৰি দিয়ে আটকাধীন নেতা-কৰ্মীসকলক ৷

উল্লেখ্য যে, জনগোষ্ঠীটোৰ জনজাতিকৰণৰ প্ৰসংগক লৈ চৰকাৰে ল’ৰা-ধেমালি কৰি থকা বুলি দাবী তুলি ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছিল মৰাণ ছাত্ৰ সন্থাই ৷ যাৰ ফলত তিনিচুকীয়া জিলাখনৰ চৌদিশে সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদৰ লগতে মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰা হয় শুকুৰবাৰৰ দিনটোত ৷

মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ লগতে ষষ্ঠ অনুসূচিভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক স্থায়ী প্ৰমাণপত্ৰ প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে শুকুৰবাৰে তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছিল প্ৰতিবাদকাৰীসকলক ৷ পৰৱৰ্তী সময়ত আটকাধীন প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিয়াৰ দাবীত জিলাখনৰ সৰ্বত্ৰে প্ৰতিবাদ গঢ়ি তোলাৰ পাচতে মুকলি কৰি দিয়ে তিনিচুকীয়া আৰক্ষীয়ে ৷

মুকলি কৰি দিয়াৰ পাচতে মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্ব তথা অন্যান্য মৰাণ জনগোষ্ঠীয় সংগঠনে পুনৰ চৰকাৰলৈ হুংকাৰ প্ৰদান কৰি যেতিয়ালৈকে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি সকিয়নী প্ৰদান কৰে ৷ ইয়াৰ লগতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক আটক কৰা এই কাৰ্যই জনগোষ্ঠীটোৰ লোকসকলক কেতিয়াও প্ৰতিবাদৰ পৰা বিচলিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি অনাগত দিনত মৰাণ ছাত্ৰ সন্থাই ঘোষণা কৰা প্ৰতিটো কাৰ্যসূচী সঠিক সময়ত সঠিকভাৱেই সাব্যস্ত কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে ৷

লগতে পঢ়ক: প্ৰতিবাদকাৰীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত উত্তাল তিনিচুকীয়া - Protest continues in Tinsukia

জনজাতিকৰণৰ দাবীত মৰাণ জনগোষ্ঠীয় সংগঠনে কঁপালে তিনিচুকীয়াৰ আকাশ-বতাহ - Moran tribal organisations protest

মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক কাৰ্যসূচী ঘোষণা সদৌ মৰাণ ছাত্ৰ সন্থাৰ - Moran Students Union press meet

বানাক্ৰান্তক অপমান কৰা বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহ ঘেৰাও - Protest MLA Bhaskar Sharma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.