ETV Bharat / state

সাৱধান ! শেহতীয়াকৈ বানত বুৰ গৈছে ৩০ খন‌ জিলাৰ ৩৬১৮ গাঁও - Assam Flood 2024

Assam Flood Report : সাৱধান ! অৱনতি ঘটিছে বান পৰিস্থিতি ৷ ৰাজ্যৰ বতৰ বতৰ বিজ্ঞান কেন্দ্ৰই উজনি আৰু নামনিৰ কেবাখনো জিলাত আগন্তুক ৯ জুলাই পর্যন্ত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট । শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ৰাজ্যৰ বানাক্ৰান্ত জিলাৰ সংখ্যা মুঠ ৩০লৈ বৃদ্ধি হৈছে । যাৰ ফলত অধিক চিন্তিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 8:41 AM IST

Assam Flood Report
অৱনতি ঘটিছে বান পৰিস্থিতি (ETV Bharat Assam)

গুৱাহাটী, ৬ জুলাই : ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে চুবুৰীয়া পাহাৰীয়া ৰাজ্যসমূহতো যোৱা ২৪ ঘণ্টাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বান পৰিস্থিতিৰ সামগ্ৰিকভাৱে অৱনতি ঘটিছে । মথাউৰি, ওখ স্থান বা আশ্রয় শিবিৰত আশ্ৰয় লৈ থকা বন্যার্ত ৰাইজৰ দুখ-দুর্দশা, বিননি এতিয়া চৌদিশে বিৰাজমান ।

কাৰোবাৰ যদি খহনীয়াত মাটি-ভেঁটি উছন হৈ যোৱাৰ বেদনা, আন কোনোবাই আকৌ খাদ্য, খোৱাপানী, ঔষধ, প্রয়োজনীয় চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । বনাক্রান্তৰ লগতে পোহনীয়া জীৱ-জন্তুৰো নাজল-নাথল অৱস্থা হৈছে । বহু অঞ্চলত বানৰ প্রকোপত বন্য জীৱ-জন্তু বনাঞ্চলৰ পৰা নিৰাপদ স্থান অন্য স্থানলৈ গতি কৰা দেখা গৈছে ৷

Assam Flood Report
শেহতীয়াকৈ বানত বুৰ গৈছে ৩০ খন‌ জিলাৰ ৩৬১৮ গাঁও (ETV Bharat Assam)

লগতে পঢ়ক : পানীত নামি বানাক্ৰান্তৰ খবৰ লৈছে মুখ্যমন্ত্ৰীয়ে : বহু স্থানত বন্য়াৰ্তই পোৱা নাই সা-সুবিধা - Assam Flood 2024

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ ফেনে-ফোটোকাৰে বাঢ়ি অহাত যোৱা ২৪ ঘণ্টাত উজনিৰ পৰা নামনিলৈ বহুকেইখন জিলাৰ ন ন অঞ্চল প্লাবিত হৈছে । কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে, নিমাতীঘাটত, গোৱালপাৰা, গুৱাহাটী আৰু ধুবুৰীত ব্ৰক্ষ্মপুত্ৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে । ইপিনে বুঢ়িদিহীং, দিচাং, কপিলী, জীয়া ভৰালী, দিখৌ ,বৰাক, কুচীয়াৰা নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে ।

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বুলেটিন মতে, যোৱা ২৪ ঘণ্টাত ৰাজ্যত বানত কোনো লোকৰ মৃত্যু হোৱাৰ নিশ্চিত তথ্য পোৱা নাই । উল্লেখ্য যে কালিলৈকে বানৰ কবলত নপৰা চিৰাং জিলাও বানৰ কবলত পৰাত শেহতীয়াকৈ ৰাজ্যৰ বানাক্ৰান্ত জিলাৰ সংখ্যা মুঠ ৩০ লৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক : বান সাহাৰ্যৰ নামত কেন্দ্ৰৰ প্ৰতাৰণা : পাঁচ বছৰত ক্ষতিপূৰণ হিচাপে বিচৰা ১০৭৮৫ কোটি টকাৰ বিপৰীতে কিমান পালে অসমে ? - Assam flood 2024

৩৬১৮ গাঁও বানত বুৰ গৈ আছে । আনহাতে, বঙাইগাঁও, ধুবুৰী, কামৰূপ, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমাৰা আদি জিলাৰ বহুকেইটা ৰাজহ চক্ৰৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে । ৰাজ্যৰ বানাক্ৰান্ত লোকৰ সংখ্যা আজি প্রায় 24.22 লাখলৈ বৃদ্ধি হৈছে । ধুবুৰী জিলাৰ সৰ্বাধিক ৭.৭ লাখ লোক বানৰ কবলত পৰিছে ।

বৰপেটাত ১.৩৯ লাখ, কাছাৰত ১.৭৫ লাখ, দৰঙত ১.৮৬ লাখ, মৰিগাঁৱত ১.৪৬ লাখ লোক বানত আক্ৰান্ত হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰীসকলে ৰাজ্যৰ বিভিন্ন বন্যাক্রান্ত জিলা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে আৰু উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে ।

লগতে পঢ়ক : কাছাৰ-জোনাইত বানৰ ভয়ংকৰ ৰূপ; পানীৰ তলত ঘৰ-বাৰী, পথ-পথাৰ একাকাৰ - ASSAM FLOOD 2024

ইপিনে, আজিও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ বিভিন্ন স্থানত বিপদসীমাৰ ওপৰেৰে বৈ আছে । নিমাতীঘাট, গোৱালপাৰা, গুৱাহাটী, ধুবুৰী, ব্ৰহ্মপুত্র, খোৱাং, দিখৌ, শিৱসাগৰত বুঢ়ীদিহিং, নঙলামূৰা ঘাটত দিচাং, নুমলীগড়ত ধনশিৰি, কামপুৰ আৰু ধৰ্মতুলত কপিলী, ফুলেল, এ পি ঘাটত কাটাখাল, মাটিজুৰিত বৰাক আৰু কৰিমগঞ্জত কুশিয়াৰা নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

আনহাতে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৯ জুলাই পর্যন্ত অসমৰ বিভিন্ন স্থানত প্রবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে । অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়, নগালেণ্ড আদি ৰাজ্যিতো প্রবলৰ পৰা অতি প্রবল বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে । বতৰ বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৯ জুলাই পর্যন্ত উজনি আৰু নামনিৰ কেবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ।

লগতে পঢ়ক : গুৱাহাটীৰ কৃত্রিম বান পৰিস্থিতিকলৈ আজি দিছপুৰত মুখ্যমন্ত্রীৰ জৰুৰী বৈঠক - Assam CM on flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.