তেজপুৰ, 6 জুলাই : বন আইন উলংঘা কৰি শোণিতপুৰ জিলাৰ বনাঞ্চলত চৰকাৰীভাৱে নিৰ্মাণ কৰা পথ, গাঁও, ভোটকেন্দ্ৰ, বিদ্যালয় আদি স্থাপন কৰা সন্দৰ্ভত অসম চৰকাৰলৈ কঠোৰ নিৰ্দেশনা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ । চৰকাৰী তথ্য অনুসৰি শোণিতপুৰৰ পাঁচখন সংৰক্ষিত বনাঞ্চলৰ 73,524.86 হেক্টৰ ভূমিৰ ভিতৰত 50,241.00 হেক্টৰ ভূমি বেদখলৰ কবলত । চৰকাৰী এই বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ প্ৰতিবেদন অহা 21 আগষ্টত দাখিল কৰিবলৈ NGT ৰ নিৰ্দেশ ৷
"সোনাই ৰূপাই আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ গোচৰৰ শুনানিত অসমৰ বন বিভাগক উচ্ছেদৰ সবিশেষ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰে । যোৱা 3 জুলাইত হোৱা কেন্দ্ৰীয় সেউজ ন্যায়াধীকৰণৰ শুনানিত অসম চৰকাৰৰ বন বিভাগৰ শীৰ্ষ বন বিষয়া, মুখ্য বন সংৰক্ষকক সংৰক্ষিত বনাঞ্চলত হোৱা বেদখলকাৰীৰ উচ্ছেদ আৰু চাহ বাগিচাৰ উচ্ছেদৰ তথ্য বিচাৰি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷" ইটিভি ভাৰতৰ আগত এইদৰে কয় বিশিষ্ট আৰ টি আই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতিৰ সদস্য দিলীপ নাথে ৷
![Assam govt faces NGT heat for schools, roads built in Sonai-Rupai wildlife sanctuary, Order to submit details on 21 st August](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-07-2024/as-tezpur02-5july-bite-pix-sonairupai_05072024175619_0507f_1720182379_958.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ ভিতৰতে শোণিতপুৰ জিলাত হাতী-মানুহৰ সংঘাত সকলোতকৈ বেছি । এই হাতী মানুহৰ সংঘাত বৃদ্ধি হোৱাৰ প্ৰধান কাৰণ হৈছে সোনাই ৰূপাই সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ কৰা বিভিন্ন চৰকাৰী বিদ্যালয়, বাসস্থান আৰু চৰকাৰীভাৱে নিৰ্মাণ কৰা পকীপথ । বন আইন উলংঘা কৰি শোণিতপুৰ জিলাৰ বনাঞ্চলত চৰকাৰীভাৱে নিৰ্মাণ কৰা পথ, গাঁও, ভোটকেন্দ্ৰ, বিদ্যালয় স্থাপন কৰাক লৈ সেউজ ন্যায়াধীকৰণৰ কাষ চাপিছিল আৰ টি আই কৰ্মী দিলীপ নাথে ।
![Assam govt faces NGT heat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-07-2024/21881246_somaii.jpg)
ন্যায়াধীকৰণৰত কিয় গোচৰ তৰিলে
শোণিতপুৰ জিলাৰ উত্তৰে সোনাই ৰূপাই আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক চৰকাৰে নিগাজীকৈ ভূমিৰ পট্টা আৱন্টন দিয়াৰ লগতে পকী পথ নিৰ্মাণ কৰি দিছিল । এই বনাঞ্চলৰ ভিতৰত জিলা প্ৰশাসনে ভোট কেন্দ্ৰ নিৰ্মাণ কৰা ঘটনাক কেন্দ্ৰ কৰি দিলীপ নাথে অসম চৰকাৰৰ বন বিভাগক অভিযোগ দাখিল কৰে ।
![Assam govt faces NGT heat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-07-2024/21881246_sonai.jpg)
বনাঞ্চলৰ ভিতৰত জনবসতি বৃদ্ধি পোৱাৰ ফলত বনাঞ্চলৰ বনৰীয়া হাতী ওলাই আহি শোণিতপুৰৰ বিভিন্ন স্থানত হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ লগতে বহুলোকেই প্ৰাণ হেৰুৱাইছে ৷ বন বিভাগে এই বিষয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত দিলীপ নাথে কেন্দ্ৰীয় সেউজ ন্যায়াধীকৰণৰ কাষ চাপে আৰু সবিশেষ তথ্য দাখিল কৰে ।
![Assam govt faces NGT heat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-07-2024/21881246_sonaiii.jpg)
এই আবেদনৰ ভিত্তিত যোৱা 2 মে'ত কেন্দ্ৰীয় সেউজ ন্যায়াধীকৰণৰ তৰফৰ পৰা অসম চৰকাৰৰ মুখ্য সচিব আৰু বন বিভাগক শোণিতপুৰ জিলাৰ সোনাই ৰূপাই অভয়াৰণ্য চাৰিদুৱাৰ ৰিজাৰ্ভ ফৰেষ্ট, চেঙেলীমাৰী ৰিজাৰ্ভ ফৰেষ্ট আৰু নদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত বেদখলৰ বিষয়ে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ।
![Assam govt faces NGT heat for schools, roads built in Sonai-Rupai wildlife sanctuary, Order to submit details on 21 st August](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-07-2024/as-tezpur02-5july-bite-pix-sonairupai_05072024175619_0507f_1720182379_776.jpg)
অসম চৰকাৰৰ বন বিভাগৰ তৰফৰ পৰা 3 জুলাইত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ ইষ্ট জ'নৰ ওচৰত এই শপতনামা দাখিল কৰে যদিও ন্যায়াধীকৰণে উচ্ছেদৰ বিতং তথ্য দিব নোৱাৰাত চৰকাৰক জবাবদিহি কৰে আৰু চৰকাৰৰ হৈ অধিবক্তাই পুনৰ 2 সপ্তাহৰ অতিৰিক্ত সময় বিচাৰে । ন্যায়াধীকৰণে লগতে প্ৰশাসনে নিৰ্মাণ কৰা পকীপথ, চাহ বাগিচা আৰু বিদ্যালয় স্থাপনক লৈও প্ৰশ্ন উত্থাপন কৰিছে ।
![Assam govt faces NGT heat for schools, roads built in Sonai-Rupai wildlife sanctuary, Order to submit details on 21 st August](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-07-2024/as-tezpur02-5july-bite-pix-sonairupai_05072024175619_0507f_1720182379_389.jpg)
বনাঞ্চলৰ সবিশেষ তথ্য
শোণিতপুৰ জিলাৰ মুঠ পাঁচখন সংৰক্ষিত বনাঞ্চলৰ পূৰ্বৰ আৰু এতিয়াৰ তথ্য চৰকাৰে শপতনামাতে এনেদৰে উল্লেখ কৰে । সোনাই ৰূপাই বনাঞ্চলৰ প্ৰকৃত এলেকা 22,000.00 হেক্টৰ ৷ ইয়াৰে বেদখল হৈছে 10,000.00 হেক্টৰ ভূমি, চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ 24,072.00 হেক্টৰৰ ভিতৰত 22,000.00 হেক্টৰ, বালিপৰা সংৰক্ষিত বনাঞ্চলৰ 18,972.00 হেক্টৰৰ ভিতৰত 10,000.00 হেক্টৰ, চেঙেলীমাৰী সংৰক্ষিত বনাঞ্চলৰ 339.86 হেক্টৰৰ ভিতৰত 200.00 হেক্টৰ আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ 8,141.00 হেক্টৰৰ ভিতৰত 8,141.00 হেক্টৰ ভূমি বেদখলৰ কবলত পৰিছে ।
মুঠ পাঁচখন সংৰক্ষিত বনাঞ্চলৰ 73,524.86 হেক্টৰ ভূমিৰ ভিতৰত 50,241.00 হেক্টৰ ভূমি বেদখলৰ কবলত ৷ অৰ্থাৎ বনাঞ্চলখনৰ এক বুজনসংখ্যক ভূমিত বিভিন্ন প্ৰকাৰে বেদখল হৈ থকাৰ তথ্য অসম চৰকাৰৰ শপতনা মাতে উল্লেখ আছে । এই শপতনামা অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক ৰাজপাল সিঙৰ হৈ চৰকাৰী অধিবক্তাই দাখিল কৰে যোৱা 2 জুলাইত আৰু ইয়াৰ ভিত্তিত ন্যায়াধীকৰণৰ শুনানি হয় 3 জুলাইত ।
চৰকাৰৰ শপতনামাত কি আছে
ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত দাখিল কৰা শপতনামাত প্ৰকাশ পাইছে যে অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাষৰীয়া বনাঞ্চলৰ ভিতৰত 68 খন প্ৰাথমিক বিদ্যালয় আছে । এই বিদ্যালয় সোনাই ৰূপাই আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আছে, য’ত মুঠ 2500 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে ৷
শিক্ষাৰ্থীৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰি এইসমূহ উচ্ছেদ কৰা নাই বুলি শপতনামাত উল্লেখ কৰে । ন্যায়াধীকৰণৰ শুনানিত বনাঞ্চলৰ ভূমিৰ পৰা সকলো উচ্ছেদ কৰি তাৰ তথ্য চিত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰে । বনাঞ্চলৰ মাজেৰে 5 কিলোমিটাৰ দৈৰ্ঘৰ পথ ৷
পূৰ্বতে ন্যায়াধীকৰণৰ এক আদেশত এন জি টিয়ে অসমৰ মুখ্য সচিবক বন (সংৰক্ষণ) আইন, 1980 ৰ গুৰুতৰভাবে উলংঘা কৰি ইমান ব্যাপক নিৰ্মাণৰ অনুমতি দিয়া বিষয়াসকলৰ সবিশেষৰ শপতনামা দাখিল কৰিবলৈ কয় । কিন্ত চৰকাৰে এইসমূহ প্ৰদানৰ পৰা বিৰত থকা দেখা গৈছে ।
বৰ্তমানৰ গোচৰটো অসমৰ শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত (এছ আৰ ডব্লিউ এছ) বন (সংৰক্ষণ) আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি 2023 বৰ্ষত এন জি টিত বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথে দাখিল কৰা আবেদনৰ সৈতে জড়িত, য’ত চৰকাৰী আৰু অবৈধভাৱে বৃহৎ পৰিসৰৰ নিৰ্মাণ কাৰ্য আৰু বেদখল সংঘটিত হৈছে ।
আনহাতে, চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলত স্থাপন কৰা অবৈধ গৃহ নিৰ্মাণ ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়েও উল্লেখ আছে । নাথে ইটিভি ভাৰতক কয়, "ন্যায়াধীকৰণে চৰকাৰী এই বেদখলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে অহা 21 আগষ্টত এই বিষয়ে সবিশেষ তথ্য দিবলৈ নিৰ্দেশ দিয়ে । বন আইন সম্পূৰ্ণৰূপে উলঙ্ঘা কৰি শোণিতপুৰ জিলাৰ দুখন গুৰুত্বপূৰ্ণ বনাঞ্চলৰ ভূমি গতাই দিয়া হৈছে বেদখলকাৰীক । ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ বাবেই ভূমি আবেদনকাৰীসকলৰ নথিত বেদখলকাৰী বুলি স্পষ্টকৈ উল্লেখ থকা স্বত্বেও জিলাখনৰ 1301 টা বেদখলকাৰী পৰিয়ালক চৰকাৰীভাৱে বনাঞ্চলৰ ভূমি আৱন্টন দিয়া হৈছে ।"