অসম

assam

গ্ৰামোন্নয়নত কেলেংকাৰী: পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

By

Published : Jun 9, 2021, 9:12 PM IST

এম জি এন ৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰা পথত ব্যাপক দূৰ্নীতিৰ অভিযোগ ৷ পথ নিৰ্মান আঁচনিৰ নামত বটদ্ৰৱা উন্নয়ন খণ্ডত লুণ্ঠন । পথত ভূই ৰুই ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ।

scam-in-rural-development-people-protest-on-the-streets
গ্ৰামোন্নয়নত কেলেংকাৰী: পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

নগাঁও, 9 জুন: নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তত এম জি এন ৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰা পথত ব্যাপক দূৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন হৈছে । বুধবাৰে স্থানীয় একাংশ ৰাইজে পথত ভূই ৰুই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ।

অভিযোগ অনুসৰি, ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাশিদা খাতুনে ২০২০-২১ বৰ্ষৰ এম জি এন ৰেগা আঁচনিৰ অধীনত ডুমডুমীয়া বালিসত্ৰ গড়কাপ্তানী পথৰ পৰা ৰামপুৰ সত্ৰ নুৰুল ইছলামৰ ঘৰলৈ যোৱা পথছোৱা নিৰ্মাণত দুৰ্নীতিৰ প্ৰশ্ৰয় লোৱা বাবেই বুধবাৰে যাতায়তৰ ক্ষেত্ৰত গঞা ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগা হৈছে ।

গ্ৰামোন্নয়নত কেলেংকাৰী: পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

ৰাইজে বহুবাৰ সভানেত্ৰী গৰাকীক দৃষ্টি গোচৰ কৰাৰ পিছতো বাৰিষাৰ এই সময়ত বিধ্বস্ত পথছোৱাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়ন্তৰহৈ ৰাইজে পথত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে পথ নিৰ্মাণত সংঘটিত হোৱা দূৰ্নীতিৰ এক উচিত তদন্ত কৰিবলৈ সাংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই ।

লগতে পঢ়ক:২০ দিনৰ ভিতৰত সাজু DRDOৰ অত্যাধুনিক ক'ভিড চিকিৎসালয়

ABOUT THE AUTHOR

...view details