ETV Bharat / state

ৰাজ্যত বানে লৈছে সংহাৰী ৰূপ; মৃতকৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি - Assam flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 8:25 AM IST

Assam flood situation : ক্ৰমাৎ বানে লৈছে ভয়াৱহ ৰূপ ৷ শেহতীয়াকৈ বানত বুৰ গৈছে ৰাজ্যৰ ১৯ খন জিলা ৷ মৃতকৰ সংখ্যাও ৩৫ জনলৈ বৃদ্ধি পাইছে ৷

Assam flood situation
নাহিবি অ’ বান... (ETV Bharat Assam)

গুৱাহাটী, ২ জুলাই : চলিত বছৰৰ দ্বিতীয়টো বানে ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে । নেৰানেপেৰা বৰষুণৰ লগতে ভূটানৰ কুৰিশ্ব আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ অতিৰিক্ত পানী এৰি দিয়াৰ পৰিণতিত ৰাজ্যৰ ১৯ খন জিলাত বানে বিভীষিকা সৃষ্টি কৰিছে ।

ৰাজ্য চৰকাৰৰ দুর্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া তথ্য মতে বানত কালি (সোমবাৰ) তিনিচুকীয়াত এজন লোকৰ মৃত্যু হয় । এতিয়ালৈকে ইয়াকে ধৰি এই পর্যন্ত ৩৫ গৰাকী লোকৰ মৃত্যু হৈছে । দৈনিক মৃতকৰ সংখ্যা বাঢ়ি আছে ।

সমগ্ৰ ৰাজ্যখনৰ ১৯ খন জিলা বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । আটাইকেইখন জিলাত মুঠ ৬৪ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ১,২৭৫ খন গাঁও বানত বুৰ গৈছে । মুঠ ৬,৪৪,১২৮ গৰাকী লোক শেহতীয়া বানৰ কবলত পৰিছে । আনহাতে, ৰাজ্যৰ বিভিন্ন স্থানত ১৩৬ টা শিবিৰ স্থাপন কৰা হৈছে ।

লগতে পঢ়ক : ৰাজ্যত বানৰ সংহাৰ : মৃতকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি; ৬৭১ খন গাঁও এতিয়াও পানীৰ তলত - Assam Flood 2024

উল্লেখ্য যে, ৰাজ্যৰ কেইবাটাও স্থানত মথাউৰি ছিগাৰ ফলত আজি ন ন অঞ্চল প্লাবিত হৈ পৰে। আগন্তুক দিনকেইটাত ৰাজ্যৰ বান পৰিস্থিতি আৰু অধিক শোচনীয় হোৱাৰ আশংকা কৰা হৈছে ।

লক্ষণীয় যে, ৰাজ্যৰ ১৯ খন জিলাৰ প্ৰায় ৭০০ গাঁৱত বানে শোচনীয় অৱস্থাৰ সৃষ্টি কৰিছে । অৰুণাচল প্ৰদেশ আৰু ভূটানত অতিপাত বৰষুণ হোৱাৰ ফলত আজিও ন ন অঞ্চল পানীত বুৰ গৈছে । ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য মতে, ব্ৰহ্মপুত্র আৰু ইয়াৰ সকলো উপনৈৰ জলপৃষ্ঠ ক্ৰমে বাঢ়ি থকাত কাইলৈৰ ভিতৰত অধিক জিলা বানৰ কবলত পৰিব পাৰে ।

লগতে পঢ়ক : নীপকোৰ পিচত এইবাৰ এনএইচপিচিয়েও এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী; শংকিত নৈপৰীয়া - NHPC releases excess water

আনহাতে ডিমা হাছাও জিলাৰ হাফলং আৰু শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও অংশ পানীত উটি যোৱাত হাফলং আৰু শিলচৰৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৃহৎ অঞ্চল বানৰ কবলত পৰিছে । ৰাষ্ট্ৰীয় উদ্যানৰ ২২৩ টা বন শিবিৰৰ ভিতৰত ৬১ টা শিবিৰ প্লাবিত হোৱাত জীৱ-জন্তুবোৰে ওখ ঠাইত আশ্ৰয় লৈছে ।

একাংশ জন্তু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্রমি কাৰ্বি আংলং পাহাৰ অভিমুখে যাত্রা কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰিছে । তদুপৰি ডিব্ৰুগড় জিলা আৰু মাজুলীত বানে গুৰুতৰ ৰূপ ধাৰণ কৰাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীক শোচনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা অঞ্চলত বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ দিছে ।

লগতে পঢ়ক : চৌদিশে বানৰ বিভীষিকা : জোনাইত দুজনৰ মৃত্যু, দেৰগাঁৱত সন্ধানহীন এজন - ASSAM FLOOD 2024

বান পৰিস্থিতি অতি ভয়াৱহ হোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অহৰহ পৰিস্থিতি পর্যৱেক্ষণ আৰম্ভ কৰিছে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক টেলিফোন কৰি বানৰ কবলত পৰা ৰাইজক উদ্ধাৰ আৰু সহায়ৰ বাবে তৎপৰ হোৱাৰ পৰামৰ্শ দিছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা :

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰপেটা, নলবাৰী, বঙাইগাঁও, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰাত প্ৰশাসনে জিলা আয়ুক্ত সঞ্চালকক সতৰ্ক কৰি দিছে । আগন্তুক পাঁচ দিনত এই জিলাকেইখনত অধিক বৰষুণৰ আগজাননী পোৱাত প্ৰশাসনে অতিৰিক্ত সাহায্য শিবিৰ স্থাপনৰ বাবেও প্রস্তুতি চলাইছে । পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।

লগতে পঢ়ক : বানৰ কবলত অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান : বানবিধ্বস্ত মানাহত উটি গ’ল শিবিৰ - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.