অসম

assam

কলিয়াবৰত দুটা পৃথক দুৰ্ঘটনাত নিহত 1,আহত 2

By

Published : Dec 30, 2019, 11:53 AM IST

সোমবাৰে কলিয়াবৰত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আহত হয় দুজন লোক ৷

কলিয়াবৰত দুটা পৃথক দুৰ্ঘটনা
কলিয়াবৰত দুটা পৃথক দুৰ্ঘটনা

কলিয়াবৰ, 29 ডিচেম্বৰ:কলিয়াবৰৰ মিছাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় পথত দেওবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। বিপৰীতমুখী তেল টেংকাৰ আৰু গেছ পৰিবাহী টেংকাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা । স্থানীয় ৰাইজৰ তৎপৰতাত গেছ টেংকাৰ খনৰ চালকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পথতে মৃত্যু হয় চালকজনৰ । আনহাতে দুৰ্ঘটনাত আহত হয় আন দুজন লোক। জানিব পৰা মতে,মিছা সেনা শিবিৰৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনাটো। গেছভৰ্তি টেংকাৰখনৰ নম্বৰ- NL-01L-2933 লগতে তেলৰ টেংকাৰখনৰ নম্বৰ ML-05K-7015

কলিয়াবৰত দুটা পৃথক দুৰ্ঘটনা

সোমবাৰে পুৱা জখলাবন্ধা থানা এলেকাৰ হাটবৰত সংঘটিত হয় আন এক দুৰ্ঘটনা। ট্ৰেক্টৰ আৰ হুণ্ডাই বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দৈৱক্ৰমে হতাহত হোৱাৰ পৰা ৰক্ষা পৰে ট্ৰেক্টৰৰ চালক আৰ হুণ্ডাই বাহনৰ দুই আৰোহী।

কলিয়াবৰত দুটা পৃথক দুৰ্ঘটনা

লগতে পঢ়ক: CAAৰ বাবে বৰ্ষৰ অন্তিমটো দিনক ক'লা দিন ঘোষণা বাসৱ কলিতাৰ

ABOUT THE AUTHOR

...view details