ETV Bharat / state

নগাঁৱত আমছুৰ প্ৰতিবাদ, লাওখোৱা কাণ্ডত জড়িতক শাস্তিৰ দাবী - AAMSU PROTEST IN NAGAON

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 2:27 PM IST

Fisherman Shooting Case at Laokhowa : লাওখোৱাৰ বনকৰ্মীৰ গুলীচালনাৰ বিৰুদ্ধে নগাঁৱত আমছুৰ উত্তাল প্ৰতিবাদ ৷ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এই প্ৰতিবাদত অংশগ্ৰহণ কৰে জিলাখনৰ আমছুৰ কৰ্মকৰ্তাসকলে ৷

AAMSU PROTEST IN NAGAON
লাওখোৱা কাণ্ডত জড়িতক শাস্তিৰ দাবী (ETV Bharat Assam)

নগাঁও, 27 জুন: লাওখোৱা অভয়াৰণ্যত বনকৰ্মীৰ গুলীত নিহত হোৱা দুই ভাতৃৰ মৃত্যুৰ ন্যায়ৰ দাবীত আমছুৰ প্ৰতিবাদ ৷ বিগত কিছুদিন পূৰ্বে সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠনটোৰ আহ্বানমৰ্মে জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল আমছু নেতৃত্বই ৷

আমছুৰ প্ৰতিবাদ (ETV Bharat Assam)

পিছে শীঘ্ৰে দোষীক শাস্তি নিদিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছিল আমছুৱে ৷ তাৰে পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নগাঁৱত দুঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও আমছুৰ কৰ্মকৰ্তাসকলে ৷ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এই প্ৰতিবাদত অংশগ্ৰহণ কৰে জিলাখনৰ আমছুৰ কৰ্মকৰ্তাসকলে ৷

লগতে পঢ়ক: বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃ : বনমন্ত্ৰীৰ পুত্তলিকা দাহেৰে নগাঁৱত প্ৰতিবাদ - AAMSU protest in Nagaon

জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ বন বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে আমছুৰ নেতৃবৰ্গ । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আইনুদ্দিন আহমেদে মৎস্য চিকাৰ কৰিবলৈ যোৱাৰ সন্দেহত দুই ভাতৃক গুলীচালনা কৰি হত্যা কৰাৰ অভিযোগ তোলে ৷

তদুপৰি এই ঘটনাত অভিযুক্ত বনকৰ্মীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে । আনকি আমছুৰ তৰফৰ পৰা আৰক্ষী থানাত বন বিষয়া, বনকৰ্মীৰ বিৰুদ্ধে দাখিল কৰা গোচৰ ৰুজু নকৰাৰো অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: লাওখোৱাকাণ্ড: ডি এফ অ’সহ বিষয়া-বনকৰ্মীৰ বিৰুদ্ধে এজাহাৰ আমছুৰ - AAMSU PROTEST IN NAGAON

সমগ্ৰ ঘটনাৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে ন্যায়িক তদন্তৰো দাবী উত্থাপন কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ লগতে কেন্দ্ৰীয় উপ সভাপতি মুশ্বাৰফ হুছেইন কবিৰে । লগতে নিহত দুই ভাতৃৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনায় সংগঠনটোৱে ।

উল্লেখযোগ্য যে, যোৱা 21 জুনৰ নিশা লাওখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাৰ ৰৌমাৰী বিলত মাছ মাৰিবলৈ যোৱাৰ সন্দেহত গুলীচালনা কৰিছিল বনকৰ্মীয়ে । য’ত নগাঁৱৰ জুৰীয়াৰ ধিং বড়ি চাপৰিৰ আব্দুল জলিল আৰু ছমিৰ উদ্দিন নামৰ দুই ভাতৃ থিতাতে নিহত হৈছিল ।

লগতে পঢ়ক: লখিমপুৰত বনমন্ত্ৰীৰ পুত্তলিকা দাহনৰে আমছুৰ প্ৰতিবাদ - AAMSU PROTEST IN LAKHIMPUR

প্ৰসংগ: লাওখোৱা অভয়াৰণ্যত গুলীচালনা; তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - CM ON laokhowa INCIDENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.