ETV Bharat / state

পুনৰ কৃত্ৰিম বানত বুৰিল ডিব্ৰুগড় চহৰ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 2:24 PM IST

Assam Flood 2024 : ডিব্ৰুগড়ত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । পুৱা এজাক বৰষুণতে চহৰৰ গুৰুত্বপূৰ্ণ পথবোৰ পানীত ডুব গ'ল । পৌৰ নিগম তথা প্ৰশাসনক এই সমস্যা শীঘ্ৰে সমাধানৰ দাবী ৰাইজৰ ।

Dibrugarh flash flood
পুনৰ বানত বুৰিল ডিব্ৰুগড় চহৰ (ETV Bharat)

ডিব্ৰুগড়,২৭ জুন : পুনৰ কৃত্ৰিম বানৰ কৱলত পৰিছে ডিব্ৰুগড় । কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ । পুৱাৰে পৰা নেৰানেপেৰা বৰষুণৰ পিচতেই চহৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ আৰু অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে । যাৰ ফলত চহৰখনৰ জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে । বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু কাৰ্যালয়লৈ অহা কৰ্মচাৰীসকল বাৰুকৈয়ে সমস্যাত পৰিছে । চহৰখনৰ অন্যতম ব্যস্ত মানকটা পথটোৰ চৌপাশে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ।

ইফালে চহৰখনৰ বৈৰাগীমঠ, চৌকিডিঙ্গী, শ্মশানপাৰা, আমোলাপট্টি, পল্টনবজাৰ আদিকে ধৰি কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰিছে । সম্প্ৰতি ডিব্ৰুগড়ত দুখনকৈ উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি আছে । যাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি বহুতে দাবী কৰিছে । অৱশ্যে আন একাংশই অভিযোগ কৰা মতে ডিব্ৰুগড় চহৰৰ মূল নলা-নৰ্দমাসমূহ সময়ত পৰিষ্কাৰ নকৰাৰ বাবে এজাক বৰষুণতে ডিব্ৰুগড় চহৰখন বানত বুৰ গৈছে । এনে পৰিস্থিতিত সাধাৰণ ৰাইজে ডিব্ৰুগড় পৌৰ নিগমৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।

উল্লেখ্য যে গুৱাহাটী মহানগৰৰ পাছতে এখন আগশাৰীৰ চহৰ হিচাপে বিবেচিত হৈ আহিছে ডিব্ৰুগড় । অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, মোহনবাৰী বিমানবন্দৰ আৰু শেহতীয়াকৈ গেছ ক্ৰেকাৰ প্ৰকল্প আৰম্ভ হোৱাত ডিব্ৰুগড় চহৰখন ব্যৱসায়ৰ প্ৰাণ কেন্দ্ৰ হৈ উঠিছে ।

কিন্তু উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে বিবেচিত হোৱা ডিব্ৰুগড় চহৰত দীৰ্ঘদিন ধৰি কৃত্ৰিম বানৰ সমস্যাই ৰাইজক সমস্যাত পেলাইছে । সেয়েহে ডিব্ৰুগড় চহৰখনক কৃত্ৰিম বানৰ কৱলৰ পৰা উদ্ধাৰৰ বাবে ৰাইজে চৰকাৰক দাবী জনাইছে । ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনকো এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক :কৃত্ৰিম বানত বুৰিল বিলাসী আৱাসিক এলেকা; জলবন্দী ১৫৩ টা পৰিয়াল - Artificial flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.