অসম

assam

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত জোঁৰ সমদল

By

Published : Nov 21, 2019, 5:00 AM IST

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

নিউজ ডেস্ক, ২০ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলক লৈ পুনৰ উত্তাল হৈছে ৰাজ্য ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে পুনৰ বিধেয়কখন সংসদত পুনৰ দাখিল কৰা হ'ব বুলি ঘোষণা কৰাৰ পাছতে ৰাজ্য জুৰি প্ৰতিবাদ আৰম্ভ কৰিছে দল সংগঠনসমূহে ৷ সমগ্ৰ ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল প্ৰতিবাদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদলৰ পাছত এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত একেলগে ৰাজ্যৰ বিভিন্ন অঞ্চলত জোঁৰ সমদল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

লগতে পঢ়ক:অসমৰ তিনিজন আধুনিক বদন কোন ?
বুধবাৰে ধেমাজি,তিনিচুকীয়াৰ মাৰ্ঘেৰিটা আৰু কাকপথাৰ,চাবুৱা,আমগুৰি,তিতাবৰ,বৰহোলা,নগাঁও,মৰিগাঁও,জোনাই,বাক্সাআৰু ডিফুত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিশাল জোঁৰ সমদল উলিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ জোঁৰ সমদলৰ জৰিয়তে বিভিন্ন চৰকাৰ বিৰোধী উদাত্ত শ্ল'গানৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ সংগঠনটোৰ হুংকাৰ কোনো কাৰণতে এই বিধেয়ক মানি লোৱা নহ'ব,প্ৰয়োজন হ'লে চলাই যাব বিজেপি চৰকাৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল
উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই ধাৰাবাহিক আন্দোলনসমূহে বুজাই দিছে যে শাসনাধীষ্ঠ বিজেপি চৰকাৰে উক্ত বিধেয়কখন গৃহীত কৰিবলৈ যিমানেই প্ৰয়াস নকৰে কিয়, এই বিধেয়কখন কোনো চৰ্ততে মানি নলয় তথা প্ৰযোজ্য হ'বলৈ নিদিয়ে অসমৰ দল-সংগঠনসমূহে ৷ লক্ষ্যণীয় যে অসম যুৱ ছা্ত্ৰ পৰিষদৰ এই জোৰ সমদল সমূহত সংগঠনৰ কৰ্মীসকলৰ উপৰি বহু ছাত্ৰৰ লগতে বহু সংখ্যক সাধাৰণ জনসাধাৰণেও যোগ দিয়া পৰিলক্ষিত হয় ৷

আৰু চাওঁক:গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি সৎকাৰ

ABOUT THE AUTHOR

...view details