ETV Bharat / state

শংকৰদেৱ সংঘৰ ভিতৰত ক্ষমতাকেন্দ্ৰিক যুঁজ বাগৰ চলাৰ অভিযোগ বিতৰ্কিত বাবুল বৰাৰ - Srimanta Sankaradeva Sangha

Babul bora Press meet : শুকুৰবাৰে মৰিগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ সংবাদমেল । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰত ক্ষমতাকেন্দ্ৰিক যুঁজ বাগৰ চলাৰ অভিযোগ বৰাৰ । সংঘই বৰাৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে অতি শীঘ্ৰে আদালতৰ দ্বাৰস্থ হ’ব বুলি ঘোষণা বৰাৰ ।

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 1:57 PM IST

Updated : Jul 6, 2024, 2:05 PM IST

EX GS of Srimanta Sankaradeva Sangha babul bora addressed press meet regarding allegation against him
শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা (ETV Bharat Assam)

মৰিগাঁও, 6 জুলাই : ইতিমধ্যে ৰাজ্যৰ আগশাৰীৰ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলোধৰণৰ দায়িত্বৰ পৰা বাবুল বৰাক বিৰত ৰাখি নিষ্ক্ৰিয় ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যনিৰ্বাহ সভাই বৰাৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰাৰ পাচত অভিযোগ সন্দৰ্ভত শুকুৰবাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই ।

শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ সংবাদমেল (ETV Bharat Assam)

"শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰচৰাত সম্প্ৰতি তীব্ৰ ক্ষমতাকেন্দ্ৰিক যুঁজ-বাগৰ আৰম্ভ হৈছে ৷ আৰম্ভ হৈছে লেং মাৰা ৰাজনীতিৰ ৷ এই যুঁজ বাগৰে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটোক বৃহৎ ক্ষতিগ্ৰস্ত কৰিব ৷" এই বিস্ফোৰক অভিযোগ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ ।

শুকুৰবাৰে সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই মৰিগাঁৱত এক সংবাদমেল সম্বোধন কৰি সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা আৰু প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে । বাবুল বৰাই কয়, "সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাৰ পৃষ্ঠপোষকতাত প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই সংঘৰ মৰ্যাদা সম্পন্ন সংবিধানখনক অৱমাননা কৰি ভীষণ স্বেচ্ছাচাৰিতাৰে সংঘটোক পৰিচালনা কৰি আছে । এনে কাৰ্যত সংঘৰ বহু জিলা সমিতি ভিতৰি-ভিতৰি অসন্তুষ্ট হৈ পৰিছে ।’’

‘‘বিক্ষুব্ধ জিলা সমিতিসমূহে মুখ খুলিলেই শ্ৰীমন্ত শংকৰদেৱ সংঘত ধুমুহাৰ সৃষ্টি হ'ব । শ্ৰীমন্ত শংকৰদেৱ সংঘত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহাৰ পাচতো নিজকে সংঘৰ নীতি নিৰ্ধাৰণকাৰী বুলি ভাবি থকা কেইজনমান তথাকথিত ভক্তই মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিলে । মোৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত সম্পূৰ্ণভাবে একপক্ষীয় আছিল । এই ষড়যন্ত্ৰত মৰিগাঁৱৰ এজন নেতাও জড়িত আছিল ।" তেওঁ কয় ৷

সংঘই তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে অতি শীঘ্ৰে আদালতৰ ওচৰ চাপিব বুলি ঘোষণা কৰি প্ৰধান সম্পাদকগৰাকীয়ে কয়, ‘‘মোৰ বিৰুদ্ধে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে মোলৈ কাৰণ দৰ্শোৱাৰ জাননী, আত্মপক্ষ সমৰ্থনৰ সুযোগ আৰু তদন্ত সমিতিৰ প্ৰতিবেদনৰ প্ৰতিলিপি প্ৰেৰণ কৰিব লাগিছিল । কিন্তু মোৰ বিৰুদ্ধে লোৱা সিদ্ধান্তৰ পত্ৰখনো আজিৰ তাৰিখলৈকে মোলৈ পঠিওৱা নাই ।’’

‘‘প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া এজন চৰকাৰী চাকৰিৰ পৰা খেদা খোৱা ব্যক্তি । তেওঁ মোক সংঘৰ মজিয়াত প্ৰতিদ্বন্দ্বী বুলি ভাবি মোৰ বিৰুদ্ধে এনে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিলে । মোৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সত্যতা প্ৰতিপন্ন কৰক ৷ মই সংঘৰ পদাধিকাৰ আৰু প্ৰধান সম্পাদকক প্ৰত্যাহ্বান জনাইছো ।" তেওঁ কয় ৷

চৰকাৰৰ পৰা সংঘ আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে লাভ কৰা পুঁজি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি কয়, "মোৰ কাৰ্যকালত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় যথেষ্ট স্বচ্ছল হৈছে ।" ইয়াৰ লগতে, পুঁজি কোন শিতানত ভৰাই দিয়ে আৰু কোন কোন ন্যাসে খৰচ কৰে সেই সন্দৰ্ভত সকলো তথ্য দাঙি ধৰে প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই ।

লগতে পঢ়ক: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াতে উন্মোচিত বিতৰ্কিত বাবুল বৰাৰ কৰ্মকাণ্ড - Srimanta Sankaradeva Sangha

Last Updated : Jul 6, 2024, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.