ETV Bharat / state

উদ্ধাৰ হ’ল নিখোজ অবিনাশৰ ছেণ্ডেলযোৰ; নলাই নলাই সন্তানক বিচাৰি হাবাথুৰি দুৰ্ভগীয়া পিতৃৰ - Minor Boy Swept Away in Drain

Minor Boy Drowns In Drain: বৰ্তমানেও কোনো সন্ধান নাই তথাকথিত স্মাৰ্ট চিটিৰ নলাত পৰি নিখোজ হৈ পৰা 8 বছৰীয়া অবিনাশৰ ৷ নলা-নৰ্দমাই সন্তানটিক বিচাৰি বিচাৰি হাবাথুৰি খাইছে দুৰ্ভগীয়া পিতৃয়ে ৷ নিখোজ শিশুটিৰ ছেণ্ডেলযোৰৰ সন্ধান ওলাল যদিও সন্ধান নাই অবিনাশৰ ৷ দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত থিয় হৈ চৰকাৰক কঠোৰ সমালোচনা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 1:39 PM IST

8 Year Old Abinash Sarkar Goes Missing After Falling Into Drain; Search Continues
উদ্ধাৰ হ’ল নিখোঁজ অবিনাশৰ ছেণ্ডেলযোৰৰ; নলাই নলাই সন্তানক বিচাৰি হাবাথুৰি দুৰ্ভগীয়া পিতৃৰ (ETV Bharat Assam)

গুৱাহাটী, 6 জুলাই : 38 ঘণ্টা উকলিল যদিও বৰ্তমানেও কোনো সন্ধান নাই উন্মুক্ত নলাত বৃহস্পতিবাৰৰ নিশা উটি যোৱা 8 বছৰীয়া অবিনাশৰ ৷ বৃহস্পতিবাৰৰ নিশা পিতৃৰ সৈতে ঘৰলৈ ওভতি অহাৰ সময়তে স্কুটীৰ পৰা পৰি নলাত উটি গৈ বৰ্তমানেও নিখোজ হৈ আছে গুৱাহাটী নিবাসী 8 বছৰীয়া শিশুটি ৷

দেউতা-দেউতা মোক টানি দে, টানি দে...

নলাৰ কোবাল সোঁতত পৰি ভয়ত আতুৰ হৈ 8 বছৰীয়া অবিনাশে দেউতা-দেউতা মোক টানি দে, টানি দে... বুলি মৰণকাতৰ আৰ্তনাদ কৰিছিল । কিন্তু পাহাৰৰ পৰা নামি অহা বোকা-পানীৰ ঢলে 8 বছৰীয়া শিশুটিক বহু গভীৰলৈ লৈ গ’ল ৷ যাৰ ফলত প্ৰায় 39 ঘন্টা উকলাৰ পাচতো কোনেও সন্ধান উলিয়াব পৰা নাই অবিনাশ সৰকাৰৰ ।

নলাই নলাই পুত্ৰক বিচাৰি ফুৰিছে দুৰ্ভগীয়া পিতৃয়ে

পুত্ৰক বিচাৰি ঘৰ-দুৱাৰ এৰিছে অবিনাশ সৰকাৰৰ দুৰ্ভগীয়া পিতৃয়ে ৷ প্ৰশাসনলৈ বাট নাচাই ঘটনা সংঘটিত হোৱাৰ পাচতে অৰ্থাৎ বৃহস্পতিবাৰৰ নিশাৰে পৰা পুত্ৰক বিচাৰি পিতৃয়ে নলা-নৰ্দমাত চলাইছিল মাৰাথন অভিযান । পুত্ৰক বিচাৰি নাপায় পথৰ দাঁতিতে নিশা কটাবলৈ বাধ্য হ’ল দুৰ্ভগীয়া পিতৃয়ে ।

এন ডি আৰ এফ, স্নীফাৰ ডগ নিয়োগ

24 ঘণ্টা ওকলি যোৱাৰ পাচতো কোনো সন্ধান নোলোৱাত শনিবাৰৰে পৰা পুনৰ অবিনাশৰ সন্ধানত এন ডি আৰ এফ বাহিনীয়ে অভিযান আৰম্ভ কৰিছে । স্নীফাৰ ডগৰো সহায় লৈছে আৰক্ষীয়ে । শুকুৰবাৰে পুৱাৰে পৰা নিশা পৰ্যন্ত অভিযান চলোৱাৰ পিছতো সন্ধানহীন অবিনাশ ৷ ছেণ্ডেলযোৰ উদ্ধাৰ হ'ল যদিও অবিনাশৰ সন্ধানত বৰ্তমানেও অব্যাহত অভিযান ।

দুৰ্ভগীয়া পৰিয়ালৰ কাষত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ

আজি দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে শাসকীয় চৰকাৰখনৰ উন্নয়নমূলক আঁচনিবোৰক সমালোচনা কৰি কয়, "উত্তৰ-পূবৰ দূৱাৰমুখ হিচাপে চিহ্নিত গুৱাহাটী মহানগৰীক যি সময়ত চৰকাৰে দক্ষিণ-পূব এছিয়াৰ গেটৱে হিচাপে গঢ়ি তুলিব বুলি সময়ে সময়ে ঘোষণা কৰি আহিছে ৷ সেই সময়ত মহানগৰীত সৃষ্টি হোৱা অকল্পনীয় বান পৰিস্থিতি আৰু সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা ঘটনাই চৰকাৰৰ ফোপোলাস্বৰূপ উদঙাই দেখুৱাই দিছে ।’’

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে পুনৰ কয়, ‘‘গুৱাহাটীত বিগত কিছুদিনৰ ভিতৰত কিমানজন লোকে উন্মুক্ত নলাৰ বাবে প্ৰাণ হেৰুৱালে ? কিন্তু ইমানৰ পিচতো পৰিস্থিতিৰ সলনি হোৱা নাই অথবা এনে ভয়াৱহ পৰিস্থিতিৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ বাবে চৰকাৰ তথা প্রশাসনৰ কোনো ধৰণৰ তৎপৰতাও দৃষ্টিগোচৰ হোৱা নাই ।’’

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, ‘‘কেৱল সময়ে সময়ে বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ পর্যালোচনা কৰা আৰু ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়েই দায়িত্ব সামৰিছে । শেহতীয়া এই ঘটনাই পুনৰ এই কথাকেই প্ৰমাণ কৰিলে ।"

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নিজৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত মহানগৰবাসীক সজাগ-সচেতন হৈ চলিবলৈ আহ্বান জনায় ৷

প্ৰকৃততে কি হৈছিল

জানিব পৰা মতে, পিতৃৰ সৈতে বৃহস্পতিবাৰৰ নিশা স্কুটিত আহি থাকোতেই এটা নলাৰ কাষতে স্কুটিখন পিছলি পৰিছিল ৷ সেই স্কুটিখনত অবিনাশৰ পিতৃ আৰু তেওঁৰ এগৰাকী বন্ধুৰ সৈতে আহি আছিল 8 বছৰীয়া শিশুটি ৷ কিন্তু স্কুটিখন পিছলি যোৱাত নলাত পৰি যায় 8 বছৰীয়া অবিনাশ ৷

নলাৰ তীব্ৰ সোঁতে চকুৰ পলকতে উটুৱাই লৈ যায় শিশুটিক । সন্তানটিক উদ্ধাৰ কৰিবলৈ দেউতাকে ততাতৈয়াকৈ নলাত জাপ দিছিল যদিও তেওঁ সন্তানটিক উদ্ধাৰ কৰিবলৈ সক্ষমহে নহ’ল । বৰ্তমান প্ৰায় 38 ঘণ্টা ওকলি যোৱাৰ পাচতো সন্তানটিক বিচাৰি পোৱা নাই দুৰ্ভগীয়া পিতৃয়ে ৷ যাৰ বাবে প্ৰশাসনলৈ বাট নাচায় নিজাববীয়াকৈ প্ৰচেষ্টা আছে অবিনাশৰ পিতৃয়ে ৷

লগতে পঢ়ক: অবিনাশৰ সন্ধানত নলাই নলাই অভিযান প্ৰশাসনৰ - Minor boy drowns in drain

ঘটনাবহুল শুকুৰবাৰ : বহুকেইটা ঘটনাৰ সাক্ষী হৈ ৰ'ল গুৱাহাটী মহানগৰী - Incidents in Guwahati

মৰণফান্দত পৰিণত মহানগৰীৰ ৰাজপথ : কাৰ ভুলৰ বাবে নলাত উটি গ’ল শিশু ? - Heavy rain in assam

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ মাজত ২ ঘন্টা আবদ্ধ জাহাজ - Ship stranded in Brahmaputra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.