গুৱাহাটী, ১৩ আগষ্ট :অসমৰজ্যেষ্ঠ সাংবাদিক ডঃ জেচিম ৰাজাৰ শনিবাৰে বিয়োগ ঘটে (Journalist Jessim Raja passed away)। পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ ৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে । যোৱা প্ৰায় এমাহ ধৰি অসুস্থ হৈ থকা জেষ্ঠ সংবাদিক ডঃ জেচিম ৰাজাক প্ৰথমে জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল । দুদিন পূৰ্বে তেওঁক 'পালন' নামৰ ৰিহেব চেন্টাৰত ভৰ্তি কৰোৱা হৈছিল ।
কিন্তু পুনৰ অসুস্থ হোৱাত যোৱা নিশা প্ৰায় ১২.৩০ বজাত মহানগৰীৰ এপ'ল' হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল যদিও পুৱতি নিশা ৰাজাৰ মৃত্যু হয় । ত্ৰিভাষিক তিনিদিনীয়া বাতৰি কাকত 'ৰাইজৰ সংবাদ'ৰ স্বত্বাধিকাৰী তথা সম্পাদক জেচিম ৰাজাই প্ৰথম খণ্ডৰ পৰা একাদশ খণ্ডলৈ মুঠ ১৮৭ টা সময়ৰ কবিতা প্ৰকাশ কৰি উলিয়াইছিল ।