অসম

assam

গোলাঘাটৰ পেট্ৰল পাম্পত ডকাইটি:ডকাইতে লুটিলে 2 লাখ টকা

By

Published : Dec 20, 2019, 1:53 PM IST

গোলাঘাটৰ ঘিলাধাৰী থানাৰ অন্তৰ্গত মাটিখোলাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি৷ বৰপথাৰৰ ব্যৱসায়ী প্ৰদীপ বৰবৰাৰ মালিকানাধীন মাটিখোলাত অৱস্থিত পেট্ৰল পাম্পটোত সংঘটিত হয় এই ডকাইতি কাণ্ডটো৷

গোলাঘাটৰ পেট্ৰল পাম্পত ডকাইটি:ডকাইটে লুটিলে 2 লাখ টকা
গোলাঘাটৰ পেট্ৰল পাম্পত ডকাইটি:ডকাইটে লুটিলে 2 লাখ টকা

গোলাঘাট, 20 ডিচেম্বৰ: গোলাঘাটৰ ঘিলাধাৰী থানাৰ অন্তৰ্গত মাটিখোলাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি ৷ বৰপথাৰৰ ব্যৱসায়ী প্ৰদীপ বৰবৰাৰ মালিকানাধীন মাটিখোলাত অৱস্থিত পেট্ৰল পাম্পটোত সংঘটিত হয় এই ডকাইতিৰ ঘটনা ৷ দুখনকৈ নম্বৰপ্লেট বিহীন মটৰ চাইকেলত অহা চাৰিজনীয়া অস্ত্ৰধাৰী এটা দলে লুটি নিয়ে দুইলাখতকৈও অধিক ধন ৷ ৰাজ্যজুৰি CAA বিৰোধী আন্দোলনৰ মাজতে সংঘটিত হোৱা এই ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

গোলাঘাটৰ পেট্ৰল পাম্পত ডকাইটি:ডকাইটে লুটিলে 2 লাখ টকা

তথ্য অনুসৰি, পেট্ৰল পাম্পত তেল ভৰোৱাৰ পাচত যুৱককেইজনে পিষ্টল দেখুৱাই পাম্পৰ কৰ্মচাৰীকেইজনৰ ম'বাইল আৰু কেচবক্সৰ চাবি কাঢ়ি লয় ৷ ডকাইত কেইজনে লগত এখন গ্লেমাৰ আৰু এখন হণ্ডা চাইন মটৰচাইকেল লৈ আহিছিল ৷ যুৱককেইজনৰ মাজত এজন নগাভাষী যুৱক আছিল বুলি জানিব পৰা গৈছে ৷

গোলাঘাট আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ তীব্ৰ অনুসন্ধান অব্যাহত ৰাখিছে।

ABOUT THE AUTHOR

...view details