জোনাই, ৯ আগষ্ট: স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ধেমাজিৰ চিমেন চাপৰিত জাল নোটৰ সন্দেহত ৰাইজে চাৰি যুৱকক কৰায়ত্ত কৰাৰ লগতে ৫ লক্ষাধিক টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই ঘটনাক লৈ এতিয়া সমগ্ৰ চিমেনচাপৰিত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । জানিব পৰামতে লখিমপুৰ জিলাৰ বিপুৰীয়াৰ আৰক্ষী থানাৰ পট্টেপুৰৰ চাৰি যুৱকে ধেমাজিৰ চিমেনচাপৰিৰ লামাজান অঞ্চলত AS 07 S/1889 নম্বৰযুক্ত বগা ৰঙৰ এল্ট বাহনেৰে জাল নোটৰ ব্যৱসায় কৰিবলৈ লামাজানৰে তীৰ্থ শইকীয়াৰ বাসগৃহত আহিছিল ৷
স্থানীয় ৰাইজৰ এই সন্দৰ্ভত সন্দেহৰ সৃষ্টি হোৱাত তেওঁলোকে চাৰি যুৱকক কৰায়ত্ত কৰে ৷ ধৃতকেইটা ক্ৰমে ছাদিকুল ইছলাম(৩০), জিয়াবুৰ ৰহমান(৩৫), মুজামিল ইছলাম(২৬) আৰু নুৰ ইছলাম(২৭) বুলি জানিব পৰা হৈছে ৷ কিন্তু সুযোগ বুজি ইয়াৰে মুজামিল ইছলাম আৰু নুৰ ইছলামে পলায়ন কৰিবলৈ সক্ষম হয় ৷ ধৃত দুই যুৱকে জাল নোট বনোৱা মেচিন দেখুওৱাই দিয়াৰ চলেৰে ৰাইজৰ হাতৰ পৰা পলাই যাবলৈ সক্ষম হয় ।