অসম

assam

Corruption in PDS Rice: জোনাইত মুকলিকৈ বিক্ৰী দুখীয়াৰ বাবে আৱন্টিত সুলভ মূল্যৰ চাউল

By

Published : Jul 21, 2022, 10:36 PM IST

বগা চাউলৰ নামত ক’লা বেহাই ছানি ধৰি অৰুণাচল সীমান্তৱৰ্তী জোনাই মহকুমাত । এই অভিযোগৰ ভিত্তিতেই লগে লগে জোনাই মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষক অজিত কুটুম, জোনাই মহকুমাৰ অসামৰিক খাদ্য যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক অজিত শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰি বৃহৎ পৰিমাণৰ চাউল জব্দ কৰে (PDS rice seized by Food and Civil Supplies) ৷

PDS rice seized by Food and Civil Supplies at Jonai in Dhemaji
জোনাইত মুকলিকৈ বিক্ৰী হৈছে দুখীয়া সুলভ মূল্যৰ চাউল

জোনাই, ২১ জুলাই: দৰিদ্ৰ সীমাৰেখা তলৰ (Below the poverty line) পৰিয়াললৈ ৰাজ্য চৰকাৰে যোগান ধৰা চাউলক লৈয়ো সম্প্ৰতি চলিছে মুকলি ছিণ্ডিকেট (Corruption in PDS Rice)। বগা চাউলৰ নামত ক’লা বেহাই ছানি ধৰি অৰুণাচল সীমান্তৱৰ্তী জোনাই মহকুমাত । ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে দৰিদ্ৰ সীমাৰেখা তলৰ পৰিয়ালসমূহলৈ আৱন্টন দিয়া চাউল বস্তাই বস্তাই মুকলিকৈ বিক্ৰী কৰিছে জোনাই সদৰৰ মাজমজিয়াত (Corruption in PDS Rice at Jonai) ৷

বুধবাৰে এজন লোকে প্ৰশাসনৰ চকুত ধূলি দি এখন বেটেৰী ৰিক্সাত যোগান বিভাগৰ চাউল ক্ৰয় কৰি লৈ যোৱা প্ৰত্যক্ষ কৰি ৰাইজ তথা সাংবাদিকৰ দলে হাতে-লোটে এজন লোকক কৰায়ত্ব কৰি এই সন্দৰ্ভত খাদ্য আৰু অসামৰিক যোগান বিভাগক অভিযোগ উত্থাপন কৰে ৷ এই অভিযোগৰ ভিত্তিতেই লগে লগে জোনাই মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষক অজিত কুটুম, জোনাই মহকুমাৰ অসামৰিক খাদ্য যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক অজিত শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰি এই চাউলখিনি জব্দ কৰে (PDS rice seized by Food and Civil Supplies) ৷

জোনাইত মুকলিকৈ বিক্ৰী হৈছে দুখীয়া সুলভ মূল্যৰ চাউল

লগতে বিক্ৰেতা অজয় কুমাৰ আগৰৱালা ওৰফে মুন্না দোকানৰ পৰা সকলো নথি-পত্ৰও জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই ৷ ব্যৱসায়ীজনে জানিবলৈ দিয়া মতে অপেন মাৰ্কেটৰ চাউল ২০২১ চনতে ৫ হাজাৰ কুইন্টেল গোদামত মজুত ৰখা হৈছিল ৷ সেই মজুত থকা চাউলেই এইপৰ্যন্ত বিক্ৰী কৰি থকা বুলি মন্তব্য কৰে ব্যৱসায়ীজনে ৷

ইয়াৰ লগতে, ২০২০ চনৰ মে’ আৰু জুন মাহত অপেন মাৰ্কেটৰ পৰা ২৫ কুইন্টেলহে ব্যৱসায়ীজনে ক্ৰয় কৰা বুলি সাংবাদিকক ওচৰত জানিব দিয়ে যোগান বিভাগে ৷ ইফালে অজয় কুমাৰ আগৰৱালা ওৰফে মুন্নাই এখন হাৰ্ডৱেৰ দোকানৰ ভিতৰত নীতি বৰ্হিভূতভাৱে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত চৰকাৰে যোগান ধৰা চাউল বস্তাই বস্তাই ৰাখি মুকলিকৈ বিক্ৰী কৰাত চকু কপালত উঠিছে সচেতন মহলৰ ।

যোগান বিভাগৰ চাউল বিক্ৰী কৰি দুৰ্নীতিগ্ৰস্ত অসাধু ক’লা ব্যৱসায়ী অজয় কুমাৰ আগৰৱালা ওৰফে মুন্নাই জোনাই সদৰৰ কেইবাটাও ঠাইত পৰ্বতসম সম্পত্তি গঢ়াৰো পৰিলক্ষিত হৈছে । জোনাই প্ৰশাসন তথা বিভাগীয় কৰ্মচাৰীক মেনেজ কৰি অসাধু ব্যৱসায়ী অজয় কুমাৰ আগৰৱালা ওৰফে মুন্নাই জোনাইত বছৰ বছৰ ধৰি চৰকাৰে যোগান ধৰা চাউলৰ ক’লা ব্যৱসায়ৰ লগত জড়িত হৈছে আছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক:Priest shot dead at Motihari: মন্দিৰৰ ভিতৰতেই গুলীয়াই হত্যা পূজাৰীক

ABOUT THE AUTHOR

...view details