ETV Bharat / state

গুৱাহাটীৰ কৃত্রিম বান পৰিস্থিতিকলৈ আজি দিছপুৰত মুখ্যমন্ত্রীৰ জৰুৰী বৈঠক - Assam CM on flood 2024 - ASSAM CM ON FLOOD 2024

Assam Flood 2024 : দিছপুৰৰ কাৰ্যালয়ৰ পৰা ফেচবুক লাইভত পুনৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । গুৱাহাটীৰ কৃত্রিম বান প্ৰভাৱিত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্রীয়ে । ৩০ দিনৰ ভিতৰত গুৱাহাটীৰ বৃদ্ধাশ্ৰমৰ বৃদ্ধাসকলে লাভ কৰিব বেংক একাউণ্ট, অৰুণোদয়, ৰেচন কাৰ্ড আৰু আয়ুষ্মান কাৰ্ড । বাকী জিলাৰ আয়ুক্তসকলকো বৃদ্ধাশ্ৰমৰ আইতাসকলৰ বাবে এই সুবিধাখিনি কৰি দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ ।

CM Himanta Biswa Sarma Live from Assam Secretariat on Assam Flood 2024
গুৱাহাটীৰ কৃত্রিম বান পৰিস্থিতিকলৈ আজি দিছপুৰত মুখ্যমন্ত্রীৰ জৰুৰী বৈঠক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 7:21 AM IST

গুৱাহাটী, ৬ জুলাই : গুৱাহাটী মহানগৰীৰ ভয়াৱহ কৃত্রিম বান পৰিস্থিতি সন্দৰ্ভত আজি (শনিবাৰ) দিছপুৰত মুখ্যমন্ত্রীৰ জৰুৰী বৈঠক অনুষ্ঠিত হ'ব । এই কথা সদৰী কৰিছে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে নিশা পুনৰ ফেচবুক লাইভলৈ আহি মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে এই কথা ।

বান পৰিস্থিতিকলৈ চিন্তিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

ৰাজ্যৰ বিভিন্ন স্থানৰ বান পৰিস্থিতিৰ বুজ লৈ বিগত তিনিদিন ধৰি ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে ব্যক্ত কৰি আহিছে দিনটোৰ পৰিক্ৰমা আৰু নিজৰ মনৰ ভাব । শুকুৰবাৰে নিশাও দিছপুৰৰ লোকসেৱা ভৱনৰ নিজা কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্রীয়ে ফেচবুক লাইভযোগে ব্যক্ত কৰে দিনটোৰ কথা ।

বৃহস্পতিবাৰে নিশা ডিব্ৰুগড়ত কটাই শুকুৰবাৰৰ দিনটোত মুখ্যমন্ত্রীয়ে বান প্ৰভাৱিত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছিল । সেই সন্দৰ্ভত ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে কয়, ‘‘পুৱা ৮ বজাত ডিব্ৰুগড়ৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰো । সেই সময়ত বহু ৰাইজে ডিব্ৰুগড় চহৰৰ বজাৰ অঞ্চলটোত বিদ্যুৎ সংযোগ কৰ্তন কৰি ৰখাকলৈ আপত্তি কৰিছিল । এতিয়া আহি কথা পতাৰ পাচত কিছু স্থানত পুনৰ বিদ্যুৎ সংযোগ দিয়া হৈছে ।’’

লগতে পঢ়ক : দুৰ্যোগৰ আন এক নাম গুৱাহাটী : এতিয়াও উদ্ধাৰ হোৱা নাই নলাত পৰি উটি যোৱা শিশু - Flash Flood in Guwahati

খোৱাঙৰ বুঢ়ীদিহিং নদীৰ মথাউৰি ভঙা স্থান পৰিদৰ্শন সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে সোনকালে মথাউৰিটো মেৰামতি কৰি দিয়া হ'ব । আনহাতে খোৱাঙৰ দুটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্রীয়ে শিবিৰত থকা ৰাইজৰ সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয় ।

এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘‘ৰাইজে খোৱা-বোৱাৰ ক্ষেত্রত অসুবিধা পোৱা নাই যদিও কাপোৰ-কানিৰ ক্ষেত্রত অসুবিধা পাই আছে । ইয়াৰ বাবে জিলা আয়ুক্তক শিবিৰত থকা মানুহখিনিৰ বাবে কিমান টকাৰ কাপোৰৰ প্ৰয়োজন হ'ব বুলি সোধাত তেওঁ ডেৰ লাখ টকা মান লাগিব বুলি জনাইছে । মই লগে লগে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা টকাখিনি পঠিয়াই দিলো ।’’

টেঙাখাটলৈ যোৱা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘‘টেঙাখাটৰ বুঢ়ীদিহিং নদীত মথাউৰি এটা ভাঙিছে । ৰাইজৰ খবৰ ল'লো । শিবিৰ পৰিদৰ্শন কৰিলো । পানীৰ যোগান নধৰা বুলি শিবিৰত বহুতে অভিযোগ কৰিছিল । মই জিলা আয়ুক্তক পানীৰ বাবে টেংকাৰৰ ব্যৱস্থা কৰিবলৈ কৈ আহিছিলো আৰু বাইদেউ এগৰাকীৰ ফোন নম্বৰ লৈ আহিছিলো । যাতে নিশা পানীৰ ব্যৱস্থা হ'ল নে নাই সেয়া জানিব পাৰো । অলপ আগতে বাইদেউগৰাকীক ফোন কৰোতে টেংকাৰ আহিছে আৰু পানী পাইছে বুলি জনাইছে । টেঙাখাটৰ মথাউৰিটো শীঘ্ৰে বনাই দিয়া হ'ব ।’’

লগতে পঢ়ক : পানীত নামি বানাক্ৰান্তৰ খবৰ লৈছে মুখ্যমন্ত্ৰীয়ে : বহু স্থানত বন্য়াৰ্তই পোৱা নাই সা-সুবিধা - Assam Flood 2024

গুৱাহাটীলৈ আহি কাৰ্যালয়ত কাম কৰি থকাৰ প্ৰসংগৰে মুখ্যমন্ত্রীয়ে কয়, ‘‘কিছুদিন পূৰ্বে বৃদ্ধাশ্ৰমৰ আইতাসকলে মোক সাক্ষাৎ কৰিছিল আৰু ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট নথকাৰ লগতে অৰুণোদয় নোপোৱাৰ কথা কৈছিল । ইয়াৰ পৰা ধাৰণা হৈছিল যে আন বৃদ্ধাশ্ৰমৰো একেই অভিযোগ থাকিব । কামৰূপ মহানগৰ জিলাৰ আয়ুক্তক মই তদন্ত কৰিব দিছিলো যে বিদ্ধাশ্ৰমত থকা কিমানৰ বেংক একাউণ্ট নাই, অৰুণোদয় নাই, ৰেচন কাৰ্ড নাই ।’’

এই সন্দৰ্ভত জিলা আয়ুক্তই দিয়া প্ৰতিবেদনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘কামৰূপ মহানগৰ জিলাত ১০৭ গৰাকী বৃদ্ধাৰ আধাৰ কাৰ্ড আছে আৰু ১৮৬ গৰাকী বৃদ্ধাৰ আধাৰ কাৰ্ড নাই । সেইদৰে ২৬ গৰাকীৰ ৰেচন কাৰ্ড আছে ২৬৭ গৰাকীৰ নাই । ১০ গৰাকী বৃদ্ধাৰ আয়ুষ্মান কাৰ্ড আছে আৰু ২৮৩ গৰাকীৰ নাই ।’’

লগতে পঢ়ক : অভিলাষৰ সন্ধানত নলাই নলাই অভিযান প্ৰশাসনৰ - Minor boy drowns in drain

ড৹ শৰ্মাই আৰু কয়, ‘‘বৃদ্ধাশ্ৰমৰ ২৩ গৰাকীয়ে অৰুণোদয় পায় আৰু ২৬৯ গৰাকীয়ে নাপায় । ৬২ গৰাকীৰ বেংক একাউণ্ট আছে আৰু ২৩১ গৰাকীৰ নাই । গুৱাহাটীৰ বৃদ্ধাশ্ৰমৰ এনে অৱস্থা হ'লে আন বৃদ্ধাশ্ৰমৰ আইতাসকলক অৱস্থা একেই হ'ব ।’’

‘‘গুৱাহাটীৰ বৃদ্ধাশ্ৰমত থকা আইতাসকলৰ সকলোখিনি সুবিধা ৩০ দিনৰ ভিতৰত কৰি দিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিছো । বাকী জিলাৰ আয়ুক্তসকলকো বৃদ্ধাশ্ৰমৰ আইতাসকলৰ বাবে এই সুবিধাখিনি কৰি দিয়াৰ বাবে কৈছো ।’’ মুখ্যমন্ত্রীগৰাকীয়ে কয় ৷

বানপানীৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘মন্ত্রী-বিধায়ক, মুখ্যমন্ত্রী, চৰকাৰী বিষয়াসকলে শিবিৰে শিবিৰে ঘূৰি থাকিলে বানাক্ৰান্ত মানুহখিনিৰ অসুবিধা বহুখিনি দূৰ হ'ব পাৰে ।’’ আনহাতে গুৱাহাটীৰ বিভিন্ন স্থানত বানপানী হোৱাৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, ‘‘গুৱাহাটীৰ বান সমস্যাৰ সমাধানৰ বাবে দিছপুৰত বৈঠক অনুষ্ঠিত কৰা হ'ব আৰু দুই-এটা স্থান মই নিজে পৰিদৰ্শন কৰিম ।’’

লগতে পঢ়ক : ঘটনাবহুল শুকুৰবাৰ : বহুকেইটা ঘটনাৰ সাক্ষী হৈ ৰ'ল গুৱাহাটী মহানগৰী - Incidents in Guwahati

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.